নগাঁওঃ নগাঁৱৰ ক্ৰিকেটপ্ৰেমীৰ বাবে এটা ভাল খবৰ। সমগ্ৰ দেশজুৰি ক্ৰিকেটপ্ৰেমীৰ মাজত ব্যাপক উন্মাদনা সৃষ্টি কৰা টাটা IPLৰ ৰোমাঞ্চ এইবাৰ উপভোগ কৰিব পাৰিব নগাঁওবাসীয়ে নিজ জিলাতেই । নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত আয়োজন কৰা হৈছে বিশেষ IPL ফেন পাৰ্ক, য’ত সু-বিশাল LED পৰ্দাৰ জৰিয়তে লাইভ সম্প্ৰচাৰ কৰা হ’ব IPLৰ খেল (Nagaon IPL Fan Park)।
এই বিশেষ ব্যৱস্থাৰ ফলত ক্ৰিকেট অনুৰাগীসকলে একেবাৰে ষ্টেডিয়ামত উপস্থিত থাকি খেল উপভোগ কৰাৰ দৰে অনুভৱ লাভ কৰিব। বৃহৎ পৰ্দাত খেলৰ প্ৰতিটো চাৰি, ছয় আৰু উইকেটৰ ৰোমাঞ্চ উপভোগ কৰাৰ লগতে একেলগে বহু দৰ্শকৰ উল্লাসে সমগ্ৰ পৰিৱেশক অধিক উৎসৱমুখৰ কৰি তুলিব।
IPL ফেন পাৰ্ক কেৱল খেল চোৱাৰ ব্যৱস্থাত সীমাবদ্ধ নহয়। দৰ্শকৰ মনোৰঞ্জনৰ বাবে থাকিব বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সংগীত পৰিবেশন আৰু বিশেষ আকর্ষণীয় কাৰ্যসূচী। স্থানীয় শিল্পীসকলৰ অংশগ্ৰহণে অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।
ইয়াৰ উপৰিও খাদ্যৰসিকসকলৰ বাবে থাকিব বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰৰ বিপনী। ফাষ্ট ফুডৰ পৰা আৰম্ভ কৰি থলুৱা জুতি লগা খাদ্যলৈকে বিভিন্ন ধৰণৰ খাদ্য আমেজ ল’ব পাৰিব দৰ্শকে। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে একেলগে আনন্দময় সময় অতিবাহিত কৰাৰ বাবে এই ফেন পাৰ্ক হৈ উঠিব এক বিশেষ আকৰ্ষণ।
বিশেষকৈ যিসকল ক্ৰিকেটপ্ৰেমীয়ে ব্যস্ততা অথবা অন্য কাৰণত ডাঙৰ চহৰলৈ গৈ ষ্টেডিয়ামত বহি IPL উপভোগ কৰিব নোৱাৰে, তেওঁলোকৰ বাবে এই আয়োজন হৈ পৰিছে এক সুবৰ্ণ সুযোগ। নগাঁৱত প্ৰথমবাৰৰ বাবে এনে বৃহৎ পৰিসৰৰ IPL ফেন পাৰ্ক আয়োজনক লৈ ইতিমধ্যে ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে।
শনিবাৰে সন্ধিয়াৰ পৰা অনুষ্ঠিত হ’বলগীয়া খেল বিশেষ ব্যৱস্থাৰে উপভোগ কৰিবলৈ নগাঁৱৰ বহুকেইগৰাকী ক্ৰিকেটপ্ৰেমীৰ সমাগম ঘটিব
ক্ৰিকেট, সংগীত, মনোৰঞ্জন আৰু সুস্বাদু খাদ্য—সকলো মিলাই নগাঁৱৰ IPL ফেন পাৰ্ক এইবাৰ হৈ উঠিব আনন্দ, উল্লাস আৰু উৎসৱৰ এক অন্যতম কেন্দ্ৰ।
লগতে পঢ়কঃ খেলপথাৰৰ পৰা বনাঞ্চললৈ: কাজিৰঙাত আফ্ৰিকাৰ ক্ৰীড়া অনুষ্ঠানৰ ফুটবল প্ৰতিযোগিতা

