Para Athletics Competition Nagaon Successfully Organised with Over 100 Athletesনগাঁও পেৰা ক্ৰীড়া সন্থাৰ উদ্যোগত পেৰা এথলেটিক প্ৰতিযোগিতা

নগাঁওঃ বিশেষভাৱে সক্ষম খেলুৱৈসকলক সমাজৰ মূল সোঁতলৈ আনি তেওঁলোকৰ ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰাৰ লক্ষ্যৰে আজি (০১-০২-২০২৬, দেওবাৰ) নগাঁৱত এক সফল পেৰা এথলেটিক প্ৰতিযোগিতা অনুষ্ঠিত হয় (Para Athletics Competition Nagaon)। নগাঁও জিলা পেৰা ক্ৰীড়া সন্থাৰ উদ্যোগত নগাঁও সংৰক্ষিত আৰক্ষী চাউনীৰ খেলপথাৰত আয়োজিত এই কাৰ্যসূচীয়ে জিলাখনৰ দিব্যাংগ ক্ৰীড়াক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিছে। উল্লেখ্য যে, এই সন্থাটো ৰাজ্যিক পৰ্যায়ৰ অসম পেৰা অলিম্পিক সন্থা (Assam Paralympic Association) ৰ অধীনত জিলা পৰ্যায়ত পেৰা ক্ৰীড়াৰ বিস্তাৰৰ বাবে কাম কৰাৰ সংকল্পৰে গঠিত এটি সংস্থা। সন্থাটোৰ মুখ্য পৃষ্ঠপোষক বিশিষ্ট সমাজসেৱিকা ৰিণিকী ভূঞা শৰ্মা আৰু সম্পাদক ৰাজীৱ দে’।

নগাঁও জিলা পেৰা ক্ৰীড়া সন্থাৰ মূল লক্ষ্যসমূহ:

বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীসকলৰ মাজত খেলা-ধুলাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা

সুপ্ত ক্ৰীড়া প্ৰতিভাৰ সঠিক বিকাশ

জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলুৱৈ প্ৰস্তুত কৰা

অন্তৰ্ভুক্তিমূলক ক্ৰীড়া সংস্কৃতি গঢ়ি তোলা

দিব্যাংগ ব্যক্তিসকলৰ আত্মবিশ্বাস আৰু স্বাৱলম্বিতা বৃদ্ধি কৰা

এই প্ৰতিযোগিতাত প্ৰায় ১০০ গৰাকী বিশেষভাৱে সক্ষম প্ৰতিযোগীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে। খেলসমূহে কেৱল প্ৰতিযোগিতাৰ মানসিকতা নহয়, সাহস, বন্ধুত্ব আৰু আত্মবিশ্বাসৰো এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে।

জিলা আয়ুক্তৰ মন্তব্য:

নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ফ্লেগ অফ কৰি অনুষ্ঠানটো মুকলি কৰে। তেওঁ কয়,
“সমাজৰ হৈ মই পেৰা ক্ৰীড়া সন্থাক এনে এক সুন্দৰ আয়োজনৰ বাবে ধন্যবাদ জনাইছোঁ। খেলত অংশ লোৱা প্ৰতিগৰাকী খেলুৱৈলৈ মোৰ শুভেচ্ছা থাকিল। নগাঁও জিলা পেৰা ক্ৰীড়া সন্থাই বহু প্ৰত্যাহ্বান নেওচি যি তৎপৰতাৰে এই প্ৰতিযোগিতা পাতিলে, সেয়া সঁচাকৈয়ে শলাগিবলগীয়া।”

আৰক্ষী বিষয়াৰ প্ৰশংসা:

নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই কয়,
“মাত্ৰ ১৫ দিনৰ ভিতৰতে এখন জিলা কমিটি গঠন কৰি ইমান ডাঙৰকৈ প্ৰতিযোগিতা এখন আয়োজন কৰাটোৱে জিলাখনৰ পেৰা ক্ৰীড়াৰ উজ্জ্বল ভৱিষ্যতৰ ইংগিত দিছে।”

আয়োজক পক্ষৰ বক্তব্য:

নগাঁও জিলা পেৰা ক্ৰীড়া সন্থাৰ সভাপতি অমিতাভ বৰুৱাই তেওঁৰ ভাষণত কয়,
“বিশেষভাৱে সক্ষম খেলুৱৈসকলক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এখন উপযুক্ত মঞ্চ দিয়াৰ উদ্দেশ্যৰে আমি এই খেলসমূহৰ আয়োজন কৰিছোঁ। অসম পেৰা অলিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে’ৰ দিহা-নির্দেশ আৰু সহযোগিতাই আমাক এই উদ্যোগ সফলভাৱে ৰূপায়ণ কৰাত বিশেষ সাহস যোগাইছে। ভৱিষ্যতে আৰু অধিক খেলুৱৈক অন্তৰ্ভুক্ত কৰি আমি ইয়াতকৈ ডাঙৰ পৰিসৰত খেল অনুষ্ঠিত কৰিম।”

একেদৰে সন্থাৰ উপদেষ্টা অভিজিত নাথে কয়,

“সমাজৰ প্ৰতিটো শ্ৰেণীৰ সহযোগিতাৰে পেৰা ক্ৰীড়াক আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত থাকিব। অসম পেৰা অলিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকী ভূঞা শৰ্মাৰ সদা উৎসাহ আৰু সমাজমুখী দৃষ্টিভংগীয়ে আমাক বিশেষভাৱে অনুপ্ৰাণিত কৰিছে। এই খেলুৱৈসকল সমগ্ৰ দেশৰে গৌৰৱ।”

উপস্থিত বিশিষ্ট ব্যক্তিসকল:

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত দেৱাহুতি বৰা, প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱা, বিজেপিৰ নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি সুৱৰ্ণ সিং, ৰটাৰী ক্লাৱৰ বিষয়ববীয়া, শিক্ষাবিদ আৰু জিলাখনৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে।

এক ব্যতিক্ৰমী উদযাপন:

অনুষ্ঠানটোৰ এটা বিশেষ মুহূৰ্ত আছিল বিশেষভাৱে সক্ষম কণমানি খেলুৱৈসকলৰ সৈতে মিলি মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন কৰা। আয়োজকসকলে কণমানিহঁতৰ সৈতে এটা কেক কাটি আনন্দময় পৰিৱেশত মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু উত্তৰোত্তৰ কৰ্মসাফল্যৰ কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।

বিজয়ীসকললৈ সন্মান:

প্ৰতিযোগিতাৰ শেষত বিজয়ী খেলুৱৈসকলক ট্ৰফী, মেডেল আৰু মানপত্ৰৰে সন্মানিত কৰা হয়। নগাঁও জিলা পেৰা ক্ৰীড়া সন্থাই এই সফল আয়োজনত সহায় কৰা সকলো চৰকাৰী বিভাগ, স্বেচ্ছাসেৱক আৰু সহযোগীসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

লগতে পঢ়কঃ নগাঁৱত গঠিত হ’ল অসম পেৰা অলিম্পিক সংস্থাৰ নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থা


Advertisement