Abhi-Neel Murder Case Verdict: 20 Convicted, 25 Acquitted in Nagaon Courtআঠ বছৰত ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়দান

চন্দনজ্যোতি বৰাঃ ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ আজি আদালতে চূড়ান্ত ৰায় প্ৰদান কৰে। প্ৰায় ৮ বছৰৰ গোচৰ প্ৰক্ৰিয়াৰ পিছত আজি নগাঁও আদালতে চূড়ান্ত ৰায় প্ৰদান কৰে । আদালতে ৪৫ জন অভিযুক্তৰ ২৫ জনক দোষমুক্ত ঘোষণা কৰাৰ বিপৰীতে ২০ জনক ভাৰতীয় দণ্ডবিধিৰ ১৪৩,১৪৭,৩০২/১৪৯, ১৮৬/১৪৯ আৰু ৩৩২/১৪৯ ধাৰাত দোষী সাব্যস্ত কৰে (Abhi-Neel Murder Case Verdict)। অৱশ্যে তেওঁলোকক কি শাস্তি প্ৰদান কৰিব সেই সম্পৰ্কত আদালতে ২৪ তাৰিখেহে ৰায়দান কৰিব। আদালতৰ এই ৰায়দান প্ৰক্ৰিয়াত অসন্তুষ্ট নোহোৱাৰ কথা ব্যক্ত কৰি অধিবক্তাৰ লগত আলোচনা মৰ্মে পুনৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হব বুলি মন্তব্য কৰে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ পিতৃদ্বয়ে।

দোষী সাব্যস্ত হোৱা অভিযুক্ত কেইজন

সুদীৰ্ঘ ৭ বছৰ নগাঁও আদালতত গোচৰ প্ৰক্ৰিয়া চলাৰ পিছত আজি নগাঁও আদালতে ২০ জনক দোষী সাব্যস্ত কৰে। নগাঁও আদালতে দোষী সাব্যস্ত কৰা অভিযুক্ত ২০ জন হৈছে বিশ্ব ৰাম স্বৰ্গীয়াৰী, পান্থেং বসুমতাৰী, আলফাজ’জ টিমুং, ইনচেন ইংতি, ৰাইকম টিমুং, ৰত্নেশ্বৰ টেৰং, ফুকন লেখটে,আনচ টিমুং, প্ৰেছ টিমুং, ৰূপসিং ক্ৰ’,ধনু মেছ, বাবু সিং ক্ৰ’, বিক্ৰম হান্সে, চিকাৰী ৰংপি,বাবু ৰংপি,বিদ্যাসিং ৰংপি,মেন্সিং ক্ৰ’, দীপজ্যোতি বসুমতাৰী,ৱাৰেছ ৰংপি আৰু অণ্ডা মেছ।

দোষমুক্ত হ’ল ২৫ জন অভিযুক্ত

আজি নগাঁও আদালতে ৪৫ জন অভিযুক্তৰ ভিতৰত ২৫ জনক দোষমুক্ত কৰে। আদালতে এই ২৫ জন অভিযুক্তৰ বিৰুদ্ধে চৰকাৰী পক্ষৰ অধিবক্তাই ভাৰতীয় দণ্ডবিধিৰ ১৪৩, ১৪৭, ৩০২/১৪৯, ১৮৬/১৪৯ আৰু ৩৩২/১৪৯ ধাৰাৰ সপক্ষত উপযুক্ত প্ৰমাণ দাখিল কৰিবলৈ বিফল হ’ল বুলি উল্লেখ কৰে। নগাঁও আদালতে নগাঁও জিলা কাৰাগাৰৰ অধীক্ষকক দোষমুক্ত এই ২৫ জন অভিযুক্তক তেওঁলোকৰ অন্য কোনো যদি গোচৰ নাই তেন্তে তেওঁলোকক কাৰামুক্ত কৰিবৰ বাবে নিৰ্দেশ দিয়ে। আদালতে দোষমুক্ত কৰা অভিযুক্ত কেইজন হৈছে-বিজু বসুমতাৰী,ধনদা মেছ, সৰুকণ স্বৰ্গীয়াৰী, ৰাম স্বৰ্গীয়াৰী, উমেশ খাকলাৰী, সঞ্জয় টেৰাং, বৰসিং ক্ৰ, খৰসিং বে, বিষ্ণুৰাম বড়ো, প্ৰেমচণ ইংতি,ভাগ্যৰাম খাকলাৰী, বিনোদ লহকৰ, মিলন খাকলাৰী, শশীন ওৰফে সুচেন বড়ো, বিজয় স্বৰ্গীয়াৰী, বুবাই ৰাভা, অকন দৈমাৰী,প্ৰতাপ ক্ৰ’, ৰ’বেন মেছ, পিটৰ ইংতি,লংচং টিমুং, ৰাজু ক্ৰ’, সাচথেনেচ টিমুং,জন ইংতি, বিপুল খাকলাৰী। মহামান্য আদালতে অভিযুক্ত ৪৫ জনকে ৩৪১/১৪৯ ধাৰাৰ পৰা মুক্ত কৰে।

আদালতৰ ৰায়দানত সুখী নহয় অভি-নীলৰ পিতৃ

মহামান্য আদালতে আজি প্ৰদান কৰা চূড়ান্ত ৰায়ত সন্তুষ্ট নহয় অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ পিতৃদ্বয় ক্ৰমে গোপাল চন্দ্ৰ দাস আৰু অজিত নাথ। তেওঁলোকে কয়, “আমি ভাবিছিলো ৪৫ জন অভিযুক্তৰ ভিতৰত ৪৫ জন অভিযুক্তই শাস্তি লাভ কৰিব। কিন্তু ২৫ জনক আদালতে দোষমুক্ত কৰিলে। গতিকে আমি কি কম আদালতৰ ওপৰত ক’বলৈ বেয়া লাগে। কিন্তু আমি সন্তুষ্ট নহয়। পৰৱৰ্তী পৰ্যায়ত অধিবক্তাৰ লগত আলোচনা কৰি আমি আগবাঢ়িম। উচ্চ ন্যায়ালয়ত আবেদন কৰিম। আমাৰহৈ গোচৰটো চৰকাৰে চলাই আছে। সেয়ে অধিবক্তাই চৰকাৰলৈ লিখিব গোচৰটো উচ্চ ন্যায়ালয়লৈ নিব লাগে বুলি।” তেওঁলোকে লগতে কয়, ” দোষমুক্ত হোৱা ২৫ জনৰ ক্ষেত্ৰত আমি সুখী নহয়। হয়তো তেওঁলোকৰ কেইজনমান দোষমুক্ত হব পাৰে। মহামান্য আদালতে পৰোক্ষ সাক্ষ্যদানৰ বিষয়টো বিবেচনা নকৰিলে।

চৰকাৰী অধিবক্তাৰ মন্তব্য

গোচৰৰ ৰায়দান সন্দৰ্ভত চৰকাৰী অধিবক্তা জিয়াউল কামাৰে কয়, দোষী সকলৰ বিৰুদ্ধে ৩০২ ধাৰা সন্নিৱিষ্ট হৈছে। সেয়ে তেওঁলোক দুটাই শাস্তি আছে। হয় যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁচী। ২৪ তাৰিখৰ ৰায়ৰ পিছতহে আমি এই সম্পৰ্কত নিশ্চিত হম। তেওঁ লগতে কয়,গোচৰৰ তদন্তৰ সম্পৰ্কত যি সকল সাক্ষী আছিল তেওঁলোকৰ বহুতে ভাষ্য সলনি কৰিছিল। অভিযুক্ত সকল স্থানীয় হোৱাৰ বাবে তেওঁলোকক সহায় কৰিবলৈ ভাষ্য সলনি কৰিছিল এই সাক্ষী সকলে।

কি ঘটিছিল ঘটনাটো

উল্লেখযোগ্য যে ২০১৮ বৰ্ষৰ ৮ জুনত কাৰ্বিআংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংস ভাৱে গুৱাহাটীৰ দুই প্ৰকৃতিপ্ৰেমী তেজাল যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক হত্যা কৰিছিল ।অভি-নীলৰ এই নিৰ্মম হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা ছ’চিয়েল মেডিয়াত বিয়পি পৰাৰ পিছত দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত ইয়াৰ প্ৰতিবাদ দেখিবলৈ পোৱাৰ লগতে ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপিত হৈছিল। উজনিৰ পৰা নামনিলৈকে অভি-নীলক ন্যায় প্ৰদানৰ বাবে ৰাজপথ কঁপাই তুলিছিল অসমবাসী ৰাইজে। পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনে এই গণ প্ৰহাৰৰ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত ৩৩/২০১৮ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্তৰ গতিত ক্ষীপ্ৰতা প্ৰদান কৰি ৪৮ জন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

ঘটনা সম্পৰ্কত ৮০০ পৃষ্ঠা জোৰা এক অভিযোগনামা অতি কম দিনৰ ভিতৰত ডকমকা আৰক্ষী থানাৰ তদন্তকাৰী আৰক্ষীয়ে ডিফু আদালতত দাখিল কৰে।গোচৰটোৰ তদন্তকাৰী বিষয়া আছিল তদানীন্তন ডিফু আৰক্ষীৰ পৰিদৰ্শক কমল ৰাজবংশী। সেই সময়ৰ ডিফুৰ আৰক্ষী অধীক্ষক জি ভি শিৱ প্ৰসাদে নিজে তদাৰক কৰি তিনিমাহৰ ভিতৰত অভিযোগনামা দাখিল কৰাবলৈ সক্ষম হৈছিল। সেই সময়ৰ ডিফু আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক মুজাফৰ হুছেইনসহ কেইবাগৰাকী আৰক্ষী বিষয়া নিয়োজিত কৰিছিল তদন্ত প্ৰক্ৰিয়াত।

ইপিনে, অভি-নীলৰ পিতৃ-মাতৃয়ে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালৰত পৰা স্থানান্তৰ কৰিবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা এক লেখ আবেদনৰ ভিত্তিততেই ২০১৮ চনৰ ৪ চেপ্তেম্বৰত এই গোচৰটো নগাঁও আদালতলৈ বদলি কৰে। অভিযুক্ত সকলৰ ভিতৰত প্ৰথম অৱস্থাত এজন আৰু পৰৱৰ্তী সময়ত আন দুজন নাবালক বুলি প্ৰমাণিত হোৱাত তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া জুভেইনাইল আদালতলৈ স্থানান্তৰ হয়। আদালতে সমগ্ৰ ঘটনা সম্পৰ্কত ৭১ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰে। সেই সময়ৰ পৰা নগাঁও আদালতত গোচৰটো চলি থকাৰ পিছত আজি নগাঁও আদালতে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান কৰে।

লগতে পঢ়কঃ ৬ এপ্ৰিলত কি হ’ব অভি নীল হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান ?


Advertisement