নগাঁওঃ “মোৰ এটাই ল’ৰা আছিল। পাষণ্ডকেইটাই মৰিয়াই মৰিয়াই মাৰিয়েই পেলালে। এতিয়া মোৰ আৰু একোৱেই নাই। ঘৰখনো উকা উকা হৈ আছে। অন্তৰ খনো যেন খালী হৈ পৰিছে (Abhi Nil Murder Case Verdict)। এতিয়া অপেক্ষা কৰিছোঁ আদালতৰ ৰায়লৈ। আদালতৰ প্ৰতি আমাৰ আস্থা আছে। বিশ্বাস আছে। আমি বিচৰা ধৰনেই ন্যায় পাম বুলি।” কাৰ্বি আংলঙৰ ডক মকাৰ নৃশংস অভি নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰপ্ৰক্ৰিয়া প্ৰায় চূড়ান্ত হোৱাৰ পথত উপনীত হোৱাৰ সময়তে এইদৰে আৱেগভৰা মন্তব্য কৰে অভিজিৎ নাথৰ পিতৃ অজিত নাথে ।
২০১৮ চনৰ জুন মাহৰ ৮ তাৰিখে কাৰ্বি আংলং জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ উভিত্তি অহাৰ পথত এদল পাষণ্ডই মৰিয়াই মৰিয়াই হত্যা কৰিছিল গুৱাহাটীৰ দুই পাতিভাসম্পন্ন যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক (Karbi Anglong Lynching Case)। যাক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
সমগ্ৰ ৰাজ্য কঁপাই যোৱা কাৰ্বি আংলং জিলাৰ অভি নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰপ্ৰক্ৰিয়া এতিয়া প্ৰায় চূড়ান্ত হোৱাৰ দিশে আগবাঢ়িছে। গোচৰটোৰ বিশ্ৰাপ্ৰক্ৰিয়া চলি আছে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত (Nilotpal Das Abhijit Nath Case)।
বিগত প্ৰায় আঠ বছৰে নগাঁও আদালতত চলি থকা গোচৰটোৰ বিচাৰপ্ৰক্ৰিয়াৰ বহুকেইটা শুনানিয়েই ইতিমধ্যে সম্পন্ন হৈছে (Assam Mob Lynching Case)। গোচৰটোৰ মুঠ ৭১ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগতে তিনিগৰাকী জুভেইনালসহ মুঠ ৪৮ গৰাকীকৈ অভিযুক্তৰ ভাষ্য গ্ৰহণ প্ৰক্রিয়াও সম্পূৰ্ণ কৰাৰ পাছত বৃহস্পতিবাৰৰ পৰা গোচৰটোৰ ভুক্তভোগী পক্ষৰ অধিবক্তাৰ যুক্তি গ্ৰহণ কৰে আদালতে (Nagaon District Court)। অধিবক্তাৰ যুক্তি প্ৰদৰ্শনৰ পাছতেই কম সময়ৰ ভিতৰত ৰায়দান কৰাৰো সম্ভাৱনা আছে।
আদালতত অধিবক্তাৰ যুক্তি দৰ্শোৱাৰ প্ৰথম দিনাই আদালতত উপস্থিত থাকি সংবাদ মাধ্যমৰ সন্মুখত আৱেগিক মন্তব্য কৰে অভিজিৎ নাথৰ পিতৃ অজিত নাথে।
সংবাদ মাধ্যমৰ সন্মুখত অজিত নাথে কয়, “আমাৰ আদালতৰ পাতি সম্পূৰ্ণ আস্থা আছে। কম সময়ৰ ভিতৰত আদালতে ৰায়দান কৰিব আৰু আমাক উচিত ন্যায় দিব বুলি আমাৰ বিশ্বাস আছে। মোৰ এটাই ল’ৰা আছিল। এতিয়া আদালতৰ ৰায়ক লৈয়েই জীয়াই থাকিম। আজি আমাৰ পক্ষৰ অধিবক্তাই যুক্তি দৰ্শাইছে। আমি কেৱল অপেক্ষা কৰি আছোঁ।”
নিলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসেও কিছু আৱেগিক হৈ মন্তব্য কৰে সংবাদ মাধ্যমৰ সন্মুখত। গোপাল চন্দ্ৰ দাসেও সংবাদ মাধ্যমৰ সন্মুখত কয়, “আমি ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছো। আজি প্ৰথমদিনা যুক্তি দৰ্শোৱাৰ পাছত আমি ন্যায় পাম বুলি আশা কৰিছোঁ। অসমবাসীয়ে বিচৰা ধৰণে ন্যায় পাম বুলি আমি আশা ৰাখিছোঁ।”
গোচৰটোৰ শুনানি সন্দৰ্ভত ভোক্তভোগী পক্ষৰ অধিবক্তাই কয়, “ আজি আমি যুক্তি দৰ্শোৱাৰ আৰম্ভণিতেই অভিযুক্তই কিদৰে ঘটনাটো সংঘটিত কৰিছিল তাক প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছোঁ। হত্যাকাণ্ডত যিসমূহ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল সেইসমূহ দিশো আমি আদালতত পাতিপন্ন কৰাৰ চেষ্টা কৰা হৈছে। স্বাস্থ্য পৰীক্ষাৰ নথি হয়তো কাইলৈ শুনিব। সাত তাৰিখলৈকে আমি আমাৰ যুক্তি দাখিল কৰিম তাৰ পাছত অভিযুক্ত পক্ষই যুক্তি দৰ্শাব আদালতত।
উল্লেখযোগ্য যে, শুক্ৰবাৰ আৰু শনিবাৰেও গোচৰটোৰ শুনানিত ভুক্তভোগী পক্ষৰ অধিবক্তাৰ যুক্ত দৰ্শোৱা সম্পন্ন হোৱাৰ পাছত অভিযুক্ত পক্ষই যুক্তি দৰ্শাব বুলিও জানিব পৰা গৈছে।
লগতে পঢ়কঃ চূড়ান্ত পৰ্য্যায়ত অভি নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া
