Accessible Toilet Inaugurated at Dhing FRU for Differently Abled ধিং এফ‌আৰ‌ইউত প্ৰতিবন্ধীৰ বাবে বিশেষ শৌচাগাৰ মুকলি

নগাঁও: নগাঁও জিলাৰ ধিং অঞ্চলৰ জনসাধাৰণক উন্নত চিকিৎসা সেৱা প্ৰদানৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰি অহা ধিং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তথা এফ.আৰ.ইউ চিকিৎসালয়ত শাৰীৰিকভাবে বাধাগ্ৰস্ত লোকসকলৰ সুবিধাৰ্থে নিৰ্মাণ কৰা এটি বিশেষ ৰাজহুৱা শৌচাগাৰ আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে (Accessible Toilet)।

ধিং এফ‌আৰ‌ইউত প্ৰতিবন্ধীৰ বাবে বিশেষ শৌচাগাৰ মুকলি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

এই উপলক্ষে দিয়া ভাষণত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে, এই ব্যৱস্থাই চিকিৎসালয়লৈ অহা বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ অসুবিধা দূৰ কৰাৰ লগতে চিকিৎসালয়খনৰ আন্তঃগাঁথনি অধিক মজবুত কৰিব। এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য) কমল জিৎ শৰ্মা, ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম চৌধুৰী আৰু ভাৰপ্ৰাপ্ত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ পঞ্চম কুমাৰ বৰা, চিকিৎসালয়খনৰ উপ অধীক্ষক ড৹ মুকুট বৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক অনিৰ্বাণ বৰঠাকুৰ আৰু অঞ্চলটোৰ বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

লগতে পঢ়কঃ নগাঁৱৰ ভোট গণনা কেন্দ্ৰ পৰিদৰ্শন মুখ্য নিৰ্বাচনী বিষয়াৰ


Advertisement