গুৱাহাটীঃ অহা ১০ মাৰ্চতহে অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হব (Arunoday Scheme Payment)। মংগলবাৰে সাংবাদিকৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কয়, প্ৰতি মাহৰ ১০ তাৰিখে অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হয়। গতিকে ২০ ফেব্ৰুৱাৰীৰ পৰিবৰ্তে ১০ মাৰ্চত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হব। সেইদিনা পূৰ্বতে কোৱা ৮ হাজাৰ টকাৰ পৰিবৰ্তে ৯ হাজাৰ টকাৰ অৰুণোদয় আঁচনিৰ ধন দিয়া হব।
অৰুণোদয় আঁচনিত প্ৰতিগৰাকী মহিলাই প্ৰতিমাহে ১২৫০ টকাকৈ প্ৰদান কৰা হয় । কিন্তু বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তিনিমাহৰ ধন একত্ৰে দিয়াৰ লগতে ইয়াৰ লগত অতিৰিক্ত ধন প্ৰদান কৰিব। প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই একত্ৰে ২০ ফেব্ৰুৱাৰীত ৮ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু কালি ১০ মাৰ্চত ৯ হাজাৰ টকা প্ৰদানৰ কথা ঘোষণা কৰে।
২০২০ চনত অসম চৰকাৰৰ দ্বাৰা এই আচঁনিখন প্ৰথম আৰম্ভ কৰা হৈছিল। সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাতে আঁচনিখনৰ শুভাৰম্ভ হৈছিল। প্ৰথম অৱস্থাত প্ৰচাৰিত ঘোষণাপত্ৰত উল্লেখ আছিল যে এই আচঁনিৰ জৰিয়তে প্ৰায় ১৭ লাখ পৰিয়ালৰ প্ৰত্যক্ষ লাভ হব। প্ৰথমে আঁচনিৰ বাবে প্ৰতিগৰাকী মহিলাক ৮৩০ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰা হৈছিল। ২০২০ চনৰ ১ ডিচেম্বৰত আমিনগাঁৱৰ নুমলীগড় জলাহ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সেই সময়ৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আঁচনিখনৰ শুভাৰম্ভ কৰে। ২০২১ চনত ৮৩০ টকাৰ পৰা ১০০০ টকালৈ আচঁনিৰ ধন বৃদ্ধি কৰা হৈছিল আৰু বৰ্তমান ১২৫০ টকালৈ এই আচঁনিৰ ধন বৃদ্ধি কৰা হৈছে।
বিগত বৰ্ষৰ অক্টোবৰ মাহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আঁচনিখন সম্পৰ্কত কৈছিল, “অৰুণোদয় আঁচনি কেৱল এক আৰ্থিক সাহায্য আঁচনি নহয়। এয়া আমাৰ মাতৃসকলৰ বাবে কৃতজ্ঞতাৰ এক প্রকাশ। এই আঁচনিৰ সমালোচনা কৰাৰ পৰিৱৰ্তে কংগ্ৰেছে আগবাঢ়ি আহিব লাগে আৰু কেনেকৈ ইয়াক ডাঙৰ কৰিব পাৰি, তাৰ চিন্তা কৰা উচিত।”
বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় মুকলি কৰিছিল। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰিছিল।
লগতে পঢ়কঃ আজমলৰ দুৰ্গত বিজেপিৰ শক্তি প্ৰদৰ্শন

