গুৱাহাটী: নিৰ্বাচনৰ প্ৰামহুৰ্তত ৰাজ্যৰ প্ৰশাসনত ঘটোৱা হৈছে ব্যাপক ৰদ বদল। বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে এক বৃহৎ প্ৰশাসনিক ৰদবদল কৰি কেইবাজনো আই এ এছ আৰু এচিএছ বিষয়াক নতুন দায়িত্ব প্ৰদান কৰিছে। এই সিদ্ধান্ত অনুসৰি বিভিন্ন জিলাৰ জিলা আয়ুক্ত, সচিব আৰু গুৰুত্বপূৰ্ণ বিভাগত ৰদ বদলৰ জড়িয়তে নতুনকৈ নিযুক্তি দিয়া হৈছে।
এই আদেশ অনুসৰি, আই এ এছ বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰক বজালি জিলাৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে তেওঁ গৃহ আৰু ৰাজনৈতিক বিভাগ, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ আয়ুক্ত আৰু সচিব হিচাপে দায়িত্ব পালন কৰি আছিল। লগতে তেওঁ এনআৰচি ৰাজ্যিক সমন্বয়ক আৰু ই-এফটি প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্বো পালন কৰি আছিল।
আই এ এছ বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহক মুখ্যমন্ত্ৰীৰ সচিবালয়ত সচিব হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ অসম শিল্প উন্নয়ন নিগমৰ (AIIDC) পৰিচালন সঞ্চালকৰ দায়িত্বও অতিৰিক্তভাৱে বহন কৰিব।
আনহাতে, আই এ এছ বিষয়া আদিত্য বিক্ৰম যাদৱক লাখিমপুৰ জিলাৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে।
আই এ এছ বিষয়া প্ৰীতি কুমাৰীক পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।
আয়ুষি জৈনক দৰং জিলাৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে।
দৰং জিলাৰ জিলা আয়ুক্ত এচিএছ বিষয়া পুবালী গোহাঁইক গোলাঘাট জিলাৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে।
পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা আয়ুক্ত সাৰংগ পাণি শৰ্মাক পৰিবহণ বিভাগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। লগতে তেওঁ অসম অন্তঃস্থল জলপথ উন্নয়ন সমিতিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালকৰ দায়িত্বও অতিৰিক্তভাৱে পালন কৰিব।
বাক্সা জিলাৰ জিলা আয়ুক্ত গৌতম দাসক পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ সচিব হিচাপে দায়িত্ব দিয়া হৈছে।
চিৰাং জিলাৰ জিলা আয়ুক্ত যতীন বৰাক সাধাৰণ প্ৰশাসন বিভাগ আৰু উদ্ভাৱন, ইনকিউবেচন আৰু ষ্টাৰ্টআপ বিভাগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে।
লাখিমপুৰ জিলাৰ জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিক দক্ষতা, নিয়োগ আৰু উদ্যোগিতা বিভাগৰ অতিরিক্ত সচিব হিচাপে বদলি কৰা হৈছে। লগতে তেওঁ নিয়োগ আৰু কাৰিগৰী প্ৰশিক্ষণ সঞ্চালকৰ দায়িত্বো অতিৰিক্তভাৱে পালন কৰিব (Assam Administrative Reshuffle)।
গোলাঘাট জিলাৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে। তেওঁক অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্বও প্ৰদান কৰা হৈছে।
বজালি জিলাৰ জিলা আয়ুক্ত মৃদুল কুমাৰ দাসক গৃহ আৰু ৰাজনৈতিক বিভাগ আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব হিচাপে নিযুক্তি দিয়া হৈছে। লগতে তেওঁক এনআৰচিৰ ৰাজ্যিক সমন্বয়ক আৰু ই-এফটি প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্বও প্ৰদান কৰা হৈছে।
বিটিচিৰ পৰা সেৱা প্রত্যাহাৰ কৰি ধীৰাজ সাউদক বাক্সা জিলাৰ জিলা আয়ুক্ত আৰু গকুল চন্দ্ৰ ব্ৰহ্মক চিৰাং জিলাৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।
উল্লেখযোগ্য যে, এই বৃহৎ প্ৰশাসনিক ৰদবদলৰ জৰিয়তে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগ আৰু জিলাত নতুন দায়িত্ব আগবঢ়াই প্ৰশাসনিক কার্যক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্য লৈছে।
লগতে পঢ়কঃ বৰদোৱাৰ দৌল উৎসৱে বিলাওক সমন্বয়ৰ বাৰ্তা

