নগাঁওঃ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্বেও পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ম’হ যুজ অনুষ্ঠিত হয়। বিশেষকৈ নগাঁও জিলাৰ ডাকৰঘাট যমুনা জলাহ পথাৰ, আহতগুৰি আদি স্থানত ম’হ যুজ অনুষ্ঠিত হয় (Assam Buffalo Fight)।
গোণা ম’হৰ শিঙৰ ঘৰ্ষণত কপি উঠিল যমুনা জলাহ পথাৰঃ
নগাঁও চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগত অৱস্থিত যমুনা জলাহ পথাৰ। তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত যমুনা জলাহ পথাৰৰ প্ৰায় ১২৫ বিঘা চৰকাৰী ভূমি পঞ্জীয়ন কৰি স্থানীয় ৰাইজৰে গঠিত ম’হ যুজ সমিতিক অৰ্পণ কৰে (Assam Traditional Sports)। এই ম’হ যুজ সমিতিয়ে সেই স্থানত ধান খেতি কৰাৰ লগতে ভূমিৰ সীমাৰ স্থানত এটা প্ৰায় ২০ বিঘা ফিচাৰিত মৎস্য উৎপাদন কৰি সেই খৰচৰে অসমীয়া পৰম্পৰা ম’হ যুঁজ অনুষ্ঠিত কৰি আহিছে। বিগত কেইবাটাও বছৰ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে ডাকৰঘাট যমুনা জলাহ পথাৰ ম’হ যুজ সমিতিয়ে আনুষ্ঠানিক ভাবে ম’হ যুঁজ অনুষ্ঠিত কৰা নাছিল যদিও এইবাৰ আনুষ্ঠানিক ভাবে ম’হ যুঁজ অনুষ্ঠিত কৰা হয়। এইবাৰ গোণা ম’হৰ শিঙৰ ঘৰ্ষণত কপি উঠে যমুনা জলাহ পথাৰ (Nagaon Buffalo Fight)। এই ম’হ যুঁজত বাবু নামৰ স্থানীয় ম’হটো বিজয়ী হয় । প্ৰায় ৫০ সহস্ৰ লোকে ম’হ যুঁজ দৰ্শন কৰে।
আঁহতগুৰি, দেওবালিটো ম’হ যুঁজ
ৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি থকা আঁহতগুৰিত আজি গোৱাল সকলে অনানুষ্ঠানিক ভাবে ম’হ যুঁজ অনুষ্ঠিত কৰে। ইপিনে দেওবালী ম’হগড় মুকলি পথাৰত ম’হ যুঁজ অনুষ্ঠিত হয়। স্থানীয় আয়োজক সকলে কয়, উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা মানি আমি এবছৰ ম’হ যুঁজ অনুষ্ঠিত কৰা নাছিলো। তেতিয়া সমগ্ৰ পৰিবেশ নিমাওমাওহৈ পৰিছিল। গোৱাল সকলৰ মনত অত্যন্ত দুখ পাইছিল। সেয়ে আমি নিষেধাজ্ঞা স্বত্বেও ম’হ যুঁজ অনুষ্ঠিত কৰিছো। যাতে গোৱাল সকলৰ মনৰ আনন্দ আৰু আমাৰ ঐতিহ্য জীয়াই থাকক। তদুপৰি এই ম’হ যুজৰ পথাৰ সমূহ সমন্বয় ক্ষেত্ৰহৈ পৰাৰ যি প্ৰয়াস সেই প্ৰয়াস অব্যাহত থাকক (Rural Assam Culture)।
লগতে পঢ়কঃ ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্বেও অনানুষ্ঠানিক ভাবে হ’ব মধ্য অসমৰ ম’হ যুঁজ
