Traditional Assam Buffalo Fight Continues Informally Despite Court RestrictionsAssam buffalo fight: ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্বেও অনানুষ্ঠানিক ভাবে হ'ব মধ্য অসমৰ ম'হ যুঁজ

নিউজ ডেস্কঃ অসমীয়া সংস্কৃতিত ম’হ যূজৰ এক ঐতিহ্য আছে। অসমৰ বাৰে ৰহণীয়া সংস্কৃতিৰ অন্যতম অংগ ম’হ যুজ। আহোম যুগৰে পৰা প্ৰচলিত এই ম’হ যুজ মধ্য অসমৰ বিভিন্ন অঞ্চলত মাঘ মাহত প্ৰদৰ্শন হয়। অৱশ্যে উচ্চতম ন্যায়ালয়ে ম’হ যুজ নিষিদ্ধ কৰাৰ পৰিপ্ৰেক্ষিতত বিগত কেইবাবছৰ আনুষ্ঠানিক ভাবে ম’হ যুজ প্ৰদৰ্শিত হোৱা নাই। তৎসত্বেও গোৱাল সকলে পৰম্পৰা ৰক্ষা কৰি নিজাববীয়াকৈ ম’হ যুজ অনুষ্ঠিত কৰিব (Assam buffalo fight)।

মধ্য অসমত ম’হ যুজৰ সোণালী ঐতিহ্যঃ

আঁহতগুৰিৰ ম’হ যুঁজঃ

নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামুৰীয়া আঁহতগুৰি আৰু বাৰপূজীয়াৰ ম’হ যুজ অসম বিখ্যাত। আহতগুৰিত ম’হ যুজ অনুষ্ঠিত হোৱাৰ সময়ৰে পৰা ১৯৭২ চনলৈকে কৈৱ্যৰ্ত সম্প্ৰদায়ৰ লোক সকলৰ প্ৰচেষ্টাতে অনুষ্ঠিত হৈছিল। প্ৰথম অৱস্থাত কোনো সমিতি নাছিল । গোৱাল সকলেই যোৰ মিলাই ম’হ যুজ অনুষ্ঠিত কৰিছিল। পৰৱৰ্তী সময়ত ৰূপাইবৰী, ঢালিগাঁও আদি অঞ্চলৰ কাৰ্বিকে ধৰি অন্যান্য জনগোষ্ঠীৰ লোকসকলেও আহতগুৰিৰ ম’হ যুজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত ই সমন্বয়ৰ উৎসৱলৈ ৰূপান্তৰিত হয়। ১৯৭২ চনৰ ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ নকৰালৈকে আহতগুৰিৰ ম’হ যুজ মাঘ মাহৰ এক তাৰিখে অনুষ্ঠিত হৈ আহিছিল। তদুপৰি ১৯৮২ চনৰ পৰা ২৬ জানুৱাৰীৰ দিনাও আহতগুৰিত ম’হ যুঁজ অনুষ্ঠিত হৈ আহিছে ((Magh Bihu buffalo fight)।

বাৰপূজীয়াৰ ম’হ যুজঃ

আহোম স্বৰ্গদেউৰ ৰাজত্ব কালত ৰহাৰ ৰহিয়াল বৰুৱাই ১৬৫২-৫৩ খ্ৰীষ্টাব্দত মিকিৰ ৰাজ্য, ১৬৫৪ খ্ৰীষ্টাব্দ মানত টোপাকুছি আৰু বাৰপূজীয়া ৰাজ্য স্থাপন কৰে। এই তিনিওখন ৰাজ্যই আহোম স্বৰ্গদেউক সন্তুষ্ট কৰিবৰ বাবে কৰকাটল দিয়াৰ লগতে শইচ চপোৱাৰ পিচত মাঘত স্বৰ্গদেউৰ বিষয়াবৰ্গক সন্তুষ্ট কৰিবলৈ মনোৰঞ্জনৰ অনুষ্ঠান অনুষ্ঠিত কৰে। তেতিয়া সেই অনুষ্ঠানতে ম’হ যুঁজ প্ৰদৰ্শিত হয় বুলি ইতিহাসবিদ সকলে উল্লেখ কৰে। ১৯৪৮ চনত বাৰপূজীয়াৰ শেষ ৰজা দধিচী ৰজাৰ মৃত্যুৰ সময়লৈকে বাৰপূজীয়াৰ ম’হ যুঁজ ৰাজপৰিয়ালৰ পৃষ্ঠাপোষকতাতে অনুষ্ঠিত হৈছিল। তাৰ পৰৱৰ্তী সময়ত ৰাইজৰ উদ্যোগত মাঘ মাহৰ তিনি তাৰিখে বাৰপূজীয়াত ম’হ যুঁজ অনুষ্ঠিত হৈ আহিছে।

ন্যায়ালয়ৰ নিষেধাজ্ঞাঃ

উল্লেখযোগ্য যে ২০১৪ চনত উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ জাল্লিকাট্টু প্ৰতিযোগিতা আৰু একেধৰণৰ প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। সেই সময়ৰে পৰা অসমতো আনুষ্ঠানিকভাবে ম’হ যুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কিছু বাধা আহি পৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত ২০২৩ চনত ম’হ যুঁজ অনুষ্ঠিত কৰিব বিচাৰি কিছু সংখ্যক লোক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ২০২৩ চনৰ ডিচেম্বৰত ৰাজ্যচৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে পৰম্পৰাগত ম’হ যুজ অনুষ্ঠিত কৰা অনুমতি প্ৰদান কৰে যদিও এখন এচ অ’ পি (Standard operating procedure) প্ৰস্তুত কৰে। এই এচ অ পি অনুযায়ী ‘মহ-যুঁজ’ৰ সময়ত কোনো ধৰণৰ ম’হৰ ওপৰত ইচ্ছাকৃতভাবে নিষ্ঠুৰ ব্যৱহাৰ বা অত্যাচাৰ কৰিব নোৱাৰিব। অস্ত্ৰৰ ব্যৱহাৰ কৰিব নোৱাৰিব। নিচাযুক্ত সামগ্ৰী খুৱাব নোৱাৰিব। অৱশ্যে অসমীয়াৰ প্ৰাচীন এই সাংস্কৃতিক পৰম্পৰা সংৰক্ষণৰ লগতে পশুৰ নৈতিক সুৰক্ষা নিশ্চিত কৰাৰ দিশটোও এই এচ অ’ পিৰ জৰিয়তে লক্ষ্য ৰখা হব। তেনেদৰে নীতি নিয়মৰ মাজত ম’হ যুঁজ অনুষ্ঠিত হৈছিল যদিও ২০২৪ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে মাঘ বিহুৰ সময়ত অসম চৰকাৰে পৰম্পৰাগত ম’হ-যুঁজ আৰু বুলবুলি (গীত গোৱা চৰাই) যুঁজ পুনৰ আৰম্ভ কৰাৰ উদ্দেশ্যে জাৰি কৰা এচ অ পি বাতিল কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দেৱাশীষ বৰুৱা বিচাৰপীঠে Peoples for Athical Treatment of Animals চমুকৈ PATA ৰ দাখিল কৰা আবেদনৰ শুনানী গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰে।

নিষেধাজ্ঞা স্বত্বেও ম’হ যুজ অনুষ্ঠিত কৰিব গোৱাল সকলেঃ

এই নিষেধাজ্ঞাৰ পিছতে ম’হ গোৱালসকল বিমোৰত পৰে । তেওঁলোকে The News Source ক জনোৱা মতে, কাৰণ ম’হ পালকসকলে যদিহে মাঘ মাহৰ সময়ছোৱাত ম’হক এবাৰ যুঁজিবলৈ নিদিয়ে, তেনেহ’লে ম’হৰ খুঁটিত তেজাল ম’হ নিয়ন্ত্ৰণ কৰি ৰখাটো জটিল হৈ পৰে । এই সময়ছোৱাত ম’হ উন্মুক্ত হৈ থাকে, সেয়ে ম’হ যুঁজাই বশীভূত কৰিব লাগে । নহ’লে ম’হ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়, ফলত ম’হৰ গোৱাল বা অন্য মানুহকো আক্ৰমণ চলোৱাৰ আশংকা থাকে । যাৰ বাবে ন্যায়ালয়ৰ এই নিষেধাজ্ঞাৰ পিছতে চিন্তিত হৈ পৰিছে ম’হ গোৱালসকল (Traditional buffalo fight Assam)। সেয়েহে গোৱালসকলে ন্যায়ালয়ৰ লগতে চৰকাৰলৈ অনুৰোধ জনাইছে যাতে ম’হ যুঁজ অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰে । তদুপৰি ম’হ গোৱাল সকলে অনানুষ্ঠানিক ভাবে হ’লেও পৰম্পৰাগত ম’হ যুঁজ অনুষ্ঠিত কৰিব বুলি মন্তব্য কৰে (Assam cultural tradition)।

তামিলনাডু চৰকাৰৰ আৰ্হিত অসম চৰকাৰৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণঃ

উল্লেখযোগ্য যে বিগত বৰ্ষৰ নৱেম্বৰ মাহত অসম বিধানসভাত গৃহীত এখন সংশোধিত বিধেয়কৰ জৰিয়তে পৰম্পৰাগত ম’হ যুজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰ এখোজ আগুৱাই।

২০১৭ চনত তামিলনাডু বিধানসভাই পৰম্পৰাগত যুজঁ জাল্লিকাট্টুৰ পৰিচালনা নিয়ন্ত্ৰণ কৰা অধ্যাদেশৰ সলনি এখন বিধেয়ক গৃহীত কৰিছিল । পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ (তামিলনাডু সংশোধনী) আইন ২০১৭” নামৰ বিধেয়কখন তদানীন্তন মুখ্যমন্ত্ৰী অ’ পন্নীৰচেলভামে উত্থাপন কৰিছিল আৰু ডিএমকেৰ দৰে বিৰোধী দলেও সমৰ্থন দিয়া দেখা গৈছিল। তামিলনাডু চৰকাৰৰ এই সংশোধিত আইনক উচ্চতম ন্যায়ালয়ে অনুমতি প্ৰদান কৰিছিল । ফলত তামিলনাডুত নিয়ম-নীতিৰ মাজৰে জালিকাট্টু অনুষ্ঠিত কৰাৰ অনুমতি লাভ কৰে।

তামিলনাডুৰ জালিকাট্টুৰ দৰে অসমৰ পৰম্পৰাগত ম’হ যুঁজক পশু নিৰ্যাতন ৰোধৰ বাবে থকা আইনৰ পৰা বাহিৰ কৰাৰ বাবে এই বিধেয়ক গৃহীত কৰা হয় । পশুৰ নিৰ্যাতন বিৰোধী (অসম সংশোধনী) বিধেয়ক ২০২৫- গৃহীত কৰাৰ সময়ত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে কয় যে মূল আইনখনে কিছু পৰম্পৰাগত প্ৰথাক ইয়াৰ আওতাৰ পৰা মুক্ত কৰাটোত গুৰুত্ব আৰোপ কৰে ।

তেওঁ উল্লেখ কৰিছিল যে ম’হ যুঁজে সাধাৰণ ৰাইজৰ মাজত প্ৰচলিত পৰম্পৰা আৰু সংস্কৃতি ধৰি ৰখা তথা ইয়াক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।সেয়ে ম’হ যুঁজৰ আয়োজন ১৯৬০ ৰ পশু নিৰ্যাতন বিৰোধী আইনৰ অধিনিয়মৰ ‘নিৰ্যাতন’ ৰ পৰা মুক্ত কৰা হ’ব বুলি এই নিৰ্ণয় লোৱা হয় । তামিলনাডুৰ জালিকাট্টু আৰু কৰ্ণাটকৰ গৰুগাড়ী দৌৰ প্ৰতিযোগিতাৰ দৰেই এই ম’হ যুঁজক মান্যতা দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে । শাসক-বিৰোধী কোনেও ইয়াৰ সংশোধনীৰ বিৰোধিতা নকৰাত বিধেয়কখন সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয় ।

সেই সমগ্ৰ প্ৰক্ৰিয়াৰ পিচতেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ দৰে মান্যতা প্ৰদান কৰিলে অসমতো পৰম্পৰাগত ম’হ যুঁজ আৰু বুলবুলি যুঁজ পুনৰ অনুষ্ঠিত হব (Ahotguri buffalo fight)।

লগতে পঢ়কঃ ভোগালী বিহুৰ উৰুকা উপলক্ষে নগাঁৱত বিশেষ মীন বিপণীৰ আয়োজন


Advertisement