Assam Election Voter Awareness Drive Led by Nagaon DC Devashish Sharmaশংকামুক্ত হৈ মুক্তমনে পছন্দৰ প্ৰাৰ্থীক ভোটদানৰ আহ্বান নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

নগাঁও : জনতাৰ মনত ভয়-শঙ্কা দূৰ কৰি নিৰ্বাচনী প্ৰক্ৰিয়াটো নিকা আৰু শান্তিপূৰ্ণভাৱে সফল কৰি তোলাৰ উদ্দেশ্যে আজি পুনৰ নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চল পৰিদৰ্শন কৰে (Assam Election Voter Awareness)। বিশেষকৈ চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ব’ৰমা বজাৰ, কাৱৈমাৰী বজাৰ, মাগুৰমাৰী বজাৰ তিনিআলি আৰু শ’লমাৰী আদিকে ধৰি এক বিস্তীৰ্ণ অঞ্চল ভ্ৰমণ কৰি তেওঁ বজাৰ-হাট আদিত স্থানীয় ৰাইজৰ সৈতে মত-বিনিময়ত মিলিত হয়।

এই পৰিদৰ্শন কালত আয়ুক্তগৰাকীয়ে সকলো শ্ৰেণীৰ ৰাইজকে আগন্তুক বিধানসভা নিৰ্বাচনটো শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাত প্ৰশাসনক সম্পূৰ্ণ সহায় কৰিবলৈ আহ্বান জনায়। ইয়াৰ লগতে তেওঁ কোনো দুস্কৃতিকাৰীৰ প্ৰৰোচনাত ভৰি নিদিবলৈ আৰু তেনে শক্তিক সুযোগ প্ৰদান নকৰিবলৈ সকলোকে সকীঁয়াই দিয়ে।

ইয়াৰোপৰি সমাজৰ কোনো পক্ষৰ ভয়-ভাবুকি বা চাপত পৰি নহয়, বৰঞ্চ নিজৰ বিচাৰ-বুদ্ধি প্ৰয়োগ কৰি নিজৰ মনে বিচৰা জনপ্ৰতিনিধিগৰাকীক নিৰ্ভয়ে ভোটদান কৰিবলৈ তেওঁ ৰাইজক উৎসাহিত কৰে। এনেদৰে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেহে গণতন্ত্ৰৰ ভেটি অধিক শক্তিশালী কৰিব বুলি শৰ্মাই ৰাইজক বুজনি দিয়ে।

উল্লেখযোগ্য যে, জিলাখনত শান্তি-সম্প্ৰতি বৰ্তাই ৰখাৰ বাবে জিলা আয়ুক্ত শৰ্মাই ইতিমধ্যে বৰহমপুৰ, ৰূপহী আদি অঞ্চলো সঘনাই ভ্ৰমণ কৰি পথৰ ওপৰতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰা দেখা গৈছে। কালি তেওঁ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সহ আৰক্ষী বাহিনীৰ সৈতে বৰহমপুৰ অঞ্চলত পথ-যাত্ৰা কৰে জিলাখনৰ আইন-শৃংখলা পৰিস্থিতি অধিক সুদৃঢ় কৰাৰ লগতে জনসাধাৰণৰ মাজত নিৰাপত্তাৰ ভাৱ জগাই তোলাৰ লক্ষ্যৰে চলোৱা এই ‘এলাকা আধিপত্য’ অভিযানত বিশেষকৈ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহ বাগান অঞ্চলৰ কন্দলী বজাৰ আৰু বামুণি এলেকাৰ দৰে স্পৰ্শকাতৰ অঞ্চলসমূহত তহল দি সামগ্ৰিক নিৰাপত্তা ব্যৱস্থাৰ বুজ লোৱা হয়।
বিষয়াদ্বয়ে স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ লগতে সামগ্ৰিক সুৰক্ষা ব্যৱস্থাৰ বুজ লয়।

লগতে পঢ়কঃ নগাঁৱৰ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ত নবীন ভোটাৰৰ মাজত ব্যাপক সজাগতাৰ প্ৰয়াস


Advertisement