Assam Handloom Shines at New York Fashion Weekৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ বস্ত্ৰশিল্প

গুৱাহাটীঃ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ বস্ত্ৰশিল্প (Assam Handloom)। আধুনিক উপস্থাপনৰে অসমৰ বস্ত্ৰ শৈলীক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰা বিশিষ্ট ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই পুনৰবাৰ অসমৰ বস্ত্ৰ-ঐতিহ্যক বিশ্বৰ অন্যতম বৃহৎ ফেশ্বন মঞ্চ নিউ ইয়ৰ্ক ফেশ্বন সপ্তাহত উজলাই তুলিলে।

১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই আন্তঃৰাষ্ট্ৰীয় ফেশ্বন সপ্তাহত বিশ্বৰ শীৰ্ষ ডিজাইনাৰসকলৰ সংগ্ৰহ প্ৰদৰ্শিত হয়। আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতৰ এই বৃহৎ সমাৱেশত সংযুক্তা দত্তই “কুঁৱলী – The Mist” শীৰ্ষক সংগ্ৰহটো নিউ ইয়ৰ্ক ফেশ্বন সপ্তাহ– বসন্ত/গ্ৰীষ্ম সংস্কৰণত উপস্থাপন কৰে। আধুনিক নক্সাৰ সৈতে তেওঁ অসমৰ পৰম্পৰাগত মেখেলা-চাদৰো প্ৰদৰ্শন কৰে। অসমৰ হাততাঁত শিল্পৰ ঐতিহ্যক বিশ্বমঞ্চত তুলি ধৰা এই উপস্থাপনাই ব্যাপক প্ৰশংসা লাভ কৰে।

এই অনুষ্ঠানত Coach, Sergio Hudson আৰু Norma Kamali আদি বিশিষ্ট ডিজাইনাৰসকলৰ লগতে আন্তঃৰাষ্ট্ৰীয় তাৰকা Anne Hathaway আৰু Gigi Hadid-এও ৰেম্পত অংশগ্ৰহণ কৰে। সংযুক্তা দত্তই অসমীয়া হস্ততাঁত বস্ত্ৰক আধুনিক ফেশ্বনৰ সৈতে সংমিশ্ৰণ কৰি নতুন ৰূপত উপস্থাপন কৰে। তেওঁ নিজেও মেখেলা-চাদৰ পৰিধান কৰি ৰেম্পত খোজ দি অসমীয়া সংস্কৃতিক বিশ্বৰ আগত তুলি ধৰে। তেওঁ পৰিধান কৰা মেখেলা চাদৰৰ নক্সাত “সগৌৰৱে অসমীয়া” বাক্যাংশ সন্নিবিষ্ট আছিল।

এই ফেশ্বন শ্ব’টো নিউইয়ৰ্ক চহৰত দেওবাৰৰ (১৫ ফেব্ৰুৱাৰী)ৰ পুৱা অনুষ্ঠিত হয়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু লোক এই অনুষ্ঠানত উপস্থিত থাকে। নিউয়ৰ্কস্থিত ভাৰতীয় দূতাবাসৰ বিষয়া আৰু ভাৰতীয় কূটনীতিবিদসকলেও অনুষ্ঠানত উপস্থিত থাকি ভাৰতীয় তথা অসমীয়া তাঁত-শিল্পৰ স্বীকৃতি আৰু সন্মান প্ৰতিফলিত কৰে।

অনুষ্ঠানত নিউয়ৰ্কস্থিত ভাৰতীয় উপ-কনচেল জেনেৰেল বিশাল জয়েশভাই হৰ্ষও উপস্থিত থাকি উপস্থাপনাৰ প্ৰশংসা কৰে।

অনুষ্ঠানৰ পাছত সংযুক্তা দত্তই কয় যে, তেওঁ নিজৰ ব্ৰেণ্ডৰ জৰিয়তে অসমীয়া হস্ততাঁত শিল্পক বিশ্বৰ ফেশ্বন পৰিচয় দিয়াৰ চেষ্টা অব্যাহত ৰাখিব। লগতে তেওঁ হস্ততাঁত শিল্পীসকলক কেৱল পৰ্দাৰ আঁৰত থকা সহযোগী হিচাপে নহয়, শিল্পী হিচাপে বিশ্ব ফেশ্বন জগতৰ কেন্দ্ৰবিন্দুত স্থাপন কৰাৰ লক্ষ্যও ব্যক্ত কৰে। নিউয়ৰ্ক ফেশ্বন সপ্তাহত তেওঁৰ শেহতীয়া অংশগ্ৰহণে পুনৰবাৰ বিশ্ব মঞ্চত অসমৰ পৰম্পৰাগত বস্ত্ৰক গৌৰৱেৰে প্ৰতিষ্ঠা কৰিলে।

লগতে পঢ়কঃ কৰ্কট ৰোগীক সহায়ৰ হাত আগবঢ়োৱা দ্বীপ শিখা ফাউণ্ডেচনলৈ অৰুণাচল প্ৰদেশৰ ৰাজ্যিক সন্মান


Advertisement