Assam HS Final Exam 2026 Begins with Over 3.30 Lakh Students Appearingআৰম্ভ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

গুৱাহাটীঃ আজিৰে পৰা অৰ্থাৎ ১১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ৮২১ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (Assam HS Final Exam 2026)। ১৬ মাৰ্চলৈকে এই পৰীক্ষা অনুষ্ঠিত হ’ব। প্ৰথম দিনটোত বিয়লি ইংৰাজী পৰীক্ষা অনুষ্ঠিত হ’ব।

এই পৰীক্ষাত মুঠ ৩ লাখ ৩০ হাজাৰ ৭৪৪ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ’ব। ইয়াৰ ভিতৰত ১ লাখ ৫২ হাজাৰ ১১৬ গৰাকী ছাত্ৰ,১ লাখ ৭৮ হাজাৰ ৬২৪ গৰাকী ছাত্ৰী আৰু ২ গৰাকী তৃতীয় লিংগৰ শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব।

এই শিক্ষাৰ্থী সকলৰ ভিতৰত কলা শাখাত মুঠ ২ লাখ ৪৭ হাজাৰ ৮৮৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ছাত্ৰ- ১ লাখ ২হাজাৰ ৬৪৮ গৰাকী,ছাত্ৰী – ১ লাখ ৪৫ হাজাৰ ২১৬ গৰাকী আৰু ২ গৰাকী তৃতীয় লিংগৰ শিক্ষাৰ্থী।

একেদৰে, বিজ্ঞান শাখাত মুঠ – ৬১ হাজাৰ ৫৬৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ছাত্ৰ- ৩৪ হাজাৰ ৮০১ গৰাকী, ছাত্ৰী- ২৬ হাজাৰ ৭৬৬ গৰাকী আৰু ১ গৰাকী তৃতীয় লিংগ শিক্ষাৰ্থী।

বানিজ্য শাখাত মুঠ – ১৯ হাজাৰ ৮০৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ছাত্ৰ – ১৩ হাজাৰ ৭৮২ গৰাকী আৰু ছাত্ৰী – ৬ হাজাৰ ২৪ গৰাকী শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব।

তদুপৰি বৃত্তিমুখী শাখাত মুঠ – ১ হাজাৰ ৫০৫ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ছাত্ৰ – ৮৮৭ গৰাকী আৰু ছাত্ৰী – ৬১৬ গৰাকী উক্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব।

উল্লেখযোগ্য যে- আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে কামৰূপ জিলাৰ সৰ্বাধিক ১৮ হাজাৰ ৮৮৫ গৰাকী শিক্ষাৰ্থী আৰু সৰ্বনিম্ন মাজুলী জিলাৰ ২ হাজাৰ ১৫০ গৰাকী শিক্ষাৰ্থীয়ে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব।

উক্ত পৰীক্ষাৰ বাবে বিভিন্ন জিলাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে মুঠ ৪৮ টা মূল্যায়ন জ’ন স্থাপন কৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া প্ৰতিখন জিলাৰে পৰীক্ষা কেন্দ্ৰ সমূহত পৰীক্ষা সুকলমে তথা সুস্থ ভাৱে পৰিচালনা কৰাৰ বাবে জিলা আয়ুক্ত সকলে সভা অনুষ্ঠিত কৰাৰ লগতে পৰীক্ষা কেন্দ্ৰত নিয়োজিত পৰীক্ষক সকল আৰু নিৰীক্ষক সকলকো প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি জিলা প্ৰশাসন সমূহে জিলাই জিলাই কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ নগাঁও প্ৰিন্ট মিডিয়া এছ’চিয়েছনৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা


Advertisement