Assam Migrant Workers labour crisis protest statementAssam Migrant Workers Death: মুখ্যমন্ত্ৰীক সমালোচনা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

নগাঁও: বহিঃৰাজ্যত অসমীয়া যুৱকৰ মৃত্যুৰ ঘটনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ব্যৰ্থতা উদঙাই দিছে বুলি অভিযোগ কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই। – Assam Migrant Workers Death

মংগলবাৰে সন্থাৰ সভাপতি শুভ্ৰজ্যোতি বৰ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এখন বাতৰিকাতত প্ৰকাশিত বাতৰিৰ উদ্ধৃতি দি উল্লেখ কৰে যে, কাকতখনত প্ৰকাশ হোৱাৰ দৰে বহিঃৰাজ্যত অসমৰ পৰা কাম কৰিবলৈ যোৱা সম্প্ৰতি ১৬২ গৰাকী প্ৰবাসী শ্ৰমিকে মৃত্যুক আঁকোৱালি লোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আম্বানী আদানীৰ দৰে উদ্যোগপতি সকলে অসমলৈ আহি উদ্যোগ স্থাপন কৰিলেহে অসমত কৰ্মসংস্থাপন হ’ব বুলি যি মন্তব্য প্ৰদান কৰিছে সেয়া আচলতে অসমৰ গ্ৰামীণ অৰ্থনীতি সম্পূৰ্ণৰূপে ভাগি পৰাৰ আচল ছবিখন ঢাকি ৰখাৰ এক অসহায় স্বীকাৰোক্তি।”

বিবৃতিটোত তেওঁলোকে উল্লেখ কৰে, “আমি মনত ৰখা ভাল যে অসমৰ এই প্ৰবাসী শ্ৰমিকসকলে বহিঃৰাজ্যত উপাৰ্জন কৰা ধন পৰিয়ালৰ ভৰণ-পোষণৰ বাবে খৰচ কৰাৰ নামত বছৰি প্ৰায় ৩৬০০ কোটি টকাৰ অৰিহণা অসমৰ অৰ্থনীতিলৈ যোগান ধৰি আহিছে ।”

সংগঠনটোৰ নেতাদ্বয়ে লগতে উল্লেখ কৰে যে, “বিজেপি চৰকাৰে অসমত ইতিপূৰ্বেই যি উদ্যোগবোৰ আছে সেইবোৰৰ পুনৰুজ্জীৱনৰ কোনো পদক্ষেপ নোলোৱাকৈ আৰু সেই উদ্যোগবোৰৰ ডাঙৰ পুঁজিপতিক গতাই দিয়াৰ মাজেৰে ব্যাপক শ্ৰমিকৰ প্ৰয়োজন নথকা উদ্যোগ গঢ়ি তুলিব খুজিছে। কোকৰাঝাৰৰ চালেকাটি বিদ্যুৎ প্ৰকল্পৰ ব্যক্তিগতকৰণৰ পাছতো সেয়া নিজে লাভজনক হোৱাতো দূৰৈৰ কথা বৰং স্থানীয় ৰাইজৰ বাবেও আয়ৰ উৎস হৈ পৰা নাই ।”

ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ তথ্য উদ্ধৃতি দি তেওঁলোকে উল্লেখ কৰে যে “এক তথ্যমতে অসম চৰকাৰে ২০২৪-২০২৫ বৰ্ষত ঋণ পৰিশোধ কৰোতেই ৯৫৯৭ কোটি টকা খৰছ কৰিব লাগিব। দৰাচলতে গ্ৰামাঞ্চলত স্থায়ী সম্পদ গঢ়ি তুলি উপাৰ্জনৰ স্থায়ী উৎস নিৰ্মাণৰ মাজেৰে দৰিদ্ৰতা দূৰ কৰাৰ সলনি নগদ ধনৰ চমকপ্ৰদ আঁচনিৰে ক্ষমতালৈ অহাৰ গেৰাণ্টী বিচৰাৰ অদূৰদৰ্শী ৰাজনৈতিক অৰ্থনীতিৰ পৰিণতিত অসমৰ গাওঁবোৰত ব্যাপক হাৰত নিবনুৱা বৃদ্ধি পাইছে। এই চৰকাৰৰ দিনতেই গাহৰি পালন আৰু ব্ৰয়লাৰ কুকুৰা পালনৰ দৰে কম পুঁজিৰে জীয়াই থকাৰ গ্ৰামীণ অৰ্থনীতিৰ অন্যতম ক্ষেত্ৰখনো আজি সংকটৰ গৰাহত।আনকি গ্ৰামাঞ্চলৰ অৰ্থনীতিৰ বাবে এক নিশ্চিত কৰ্মসংস্থাপনৰ আইনী কৰ্মসূচী আৰু অধিকাৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত আইন ধ্বংস কৰি অসমৰ ভাগি পৰা গ্ৰামীণ অৰ্থনীতিৰ মৃত্যুঘণ্টা বজাবলৈ লোৱা এই ডবল ইঞ্জিন চৰকাৰে নিজে উদ্যোগ নগঢ়ি দৰাচলতে হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিৰে উচ্ছেদৰ মাজেৰে অসমৰ ভূমি-সম্পদ আদানী -আম্বানীৰ দৰে কিছুমান ডাঙৰ বণিয়াৰ হাতত গতাই দিবলৈ শিল্প উদ্যোগ গঢ়ি তোলাৰ গান গাইছে অথচ এই চৰকাৰেই অসমৰ প্ৰতিষ্ঠিত উদ্যোগিক প্ৰতিষ্ঠান সমূহক মৰাশালীলৈ পৰিণত কৰিছে ।”

তেওঁলোকে অসমৰ গ্ৰামীণ অৰ্থনীতিত ব্যাপক বিনিয়োগৰ বাবে খৰছ নকৰাকৈ আৰু গঞা ৰাইজৰ সংস্থাপনৰ ক্ষেত্ৰ, উপাৰ্জনৰ ক্ষেত্ৰ সম্প্ৰসাৰণ নকৰাকৈ আম্বানী -আদানীৰ দৰে উদ্যোগপতি সকলে অসমলৈ আহিলেহে অসমৰ পৰা বহিঃৰাজ্যলৈ যোৱা নিবনুৱা যুৱ শ্ৰমিকসকলৰ ঢল হ্ৰাস পোৱাৰ যি নিদান (দৰৱ) প্ৰদান কৰিছে সেয়া গোকাট চলাহী আৰু ফাঁকি কথা বুলিও বিবৃতিটোত উল্লেখ কৰে।

লগতে পঢ়ক: হোজাইত পৃথক পথ দুৰ্ঘটনাত চাৰি যুৱকৰ কৰুণ মৃত্যু


Advertisement