CM Himanta Biswa Sarma Boosts Assam School Infrastructure Development with 67 New School Buildingsৰাজ্যৰ ৬৭ টা নতুন বিদ্যালয় ভৱনৰ উদ্বোধন, ৬১ টা বিদ্যালয় ভৱনৰ শিলান‍্যাস মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্কঃ অসম চৰকাৰৰ এক নতুন তথা উল্লেখনীয় পদক্ষেপ হিচাপে ৰাজ্যৰ শিক্ষা খণ্ডত আন এক অভিলেখ গঢ়িলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Assam School Infrastructure Development)। ৰাজ্যৰ শিক্ষাখণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৬৭খন চৰকাৰী বিদ্যালয়ৰ নৱ-নিৰ্মিত ভৱনৰ উদ্বোধনৰ লগতে ৬১ খন বিদ‍্যালয় ভৱনৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ মুখ্মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে (Himanta Biswa Sarma Education)। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানতো উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়।

সেই অনুসৰি জাগীৰোডত জলসম্পদ বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক পীযুষ হাজৰীকাই নখোলা মাধ‍্যমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে। গ্ৰামীণ আন্তগাঁথনি উন্নীতকৰণ আচনিৰ অধীনত নিৰ্মিত জাগিৰোডৰ নখোলা মাধ‍্যমিক বিদ্যালয়ৰ নতুন ভৱনটিৰ উদ্বোধনৰ কাৰ্যসূচীত অংশগ্ৰহন কৰি ভাষণ প্ৰদান কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই।

জাগিৰোডৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা, জিলা আয়ুক্ত অনামিকা তেৱাৰী

নিজৰ ভাষণত মন্ত্ৰী পীযুষ হাজৰীকাই মুখ‍্যমন্ত্ৰীৰ সবল নেতৃত্বত ৰাজ‍্য চৰকাৰে গ্ৰহন কৰা এই আচঁনিৰ ফলত অসমৰ চৰকাৰী বিদ‍্যালয়ৰ শিক্ষাৰ্থীসকলে অতি উচ্চ মানৰ পৰিবেশত শিক্ষা গ্ৰহন কৰাৰ সুযোগ লাভ কৰিব বুলি কয়।

জাগীৰোড সমষ্টিৰ উন্নয়ন সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰি কয় যে, এসময়ত বানপানীৰ বিভীষিকাৰ মাজত থকা এই অঞ্চলটো বৰ্তমান ৰাজ্যৰ এক অগ্ৰণী সমষ্টিলৈ ৰূপান্তৰিত হৈছে। বিশেষকৈ জলসম্পদ মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত ১৫ কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ জৰিয়তে সমষ্টিবাসীক বানমুক্ত কৰিবলৈ সক্ষম হোৱাৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই।

লগতে মন্ত্ৰী পিয়ুষ হাদৰিকাই কয়- “এই সুৰক্ষিত পৰিৱেশৰ বাবেই কৃষি খণ্ডত বিপ্লৱ আহিছে আৰু কৃষকসকলৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰি, শিশুৰ বিকাশৰ বাবে পূৰ্বৰ ১ লাখ টকাৰ সলনি বৰ্তমানে ৰাজ‍্যত ২৫ লাখ টকা ব্যয়েৰে একোটাকৈ অংগনবাড়ী কেন্দ্ৰৰো নিৰ্মাণ কৰি থকা হৈছে।”

শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত অধিকসংখ্যক চিকিৎসক প্ৰতি বছৰে সৃষ্টি হৈছে । জাগীৰোড চহৰৰ আধুনিকীকৰণৰ বাবে ইতিমধ্যে নতুন পৰিদৰ্শন বাঙলো, অত্যাধুনিক প্ৰেক্ষাগৃহ, মিনি ষ্টেডিয়াম আৰু নলা-নৰ্দমাৰ সু-ব্যৱস্থা গঢ়ি তোলা হৈছে। আগন্তুক সময়ত ক্ৰীড়াৰ বিকাশৰ বাবে আৰু দুখন নতুন ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনাও চৰকাৰে হাতত লৈছে।

অৰ্থনৈতিক দিশত জাগীৰোডৰ বিকাশৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন হোৱাৰ লগে লগে অঞ্চলটোত ঘৰৰ ভাড়া বৃদ্ধি পাইছে যিয়ে স্থানীয় লোকসকলৰ বাবে অতিৰিক্ত উপাৰ্জনৰ পথ মুকলি কৰিছে। জাগীৰোডক এক সমৃদ্ধিশালী আৰু আধুনিক সমষ্টি হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দোহাৰি মন্ত্ৰী হাজৰিকাই শিক্ষাখণ্ডৰ উত্তৰণক এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে।

অনুষ্ঠানত মৰিগাওঁ জিলা আয়ুক্ত অনামিকা তেৱাৰী প্ৰমুখ‍্যে বহু গন‍্য-মান‍্য ব‍্যক্তি উপস্থিত থাকে।

ইপিনে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰচুৱেলী অত্যাধুনিক বিদ্যালয় গৃহৰ শুভ উদ্বোধন কৰাৰ সময়ত নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ বিদ্যায়ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।

বটদ্ৰৱাত বিদ্যালয় গৃহ উদ্বোধনী অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

বটদ্ৰৱাৰ অনুষ্ঠানত শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ন দেৱ মহন্ত, খাগৰিজান আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰাণা বৰা, বটদ্ৰৱা থানৰ শিল্পী পেঞ্চনাৰ ডিম্বৰুধৰ গায়নৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে।

লগতে পঢ়কঃ সত্ৰীয়া সাজত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা


Advertisement