নগাঁওঃ নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত অন্যতম শিক্ষানুষ্ঠান বি. জে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসটি বৃহস্পতিবাৰে নগাঁও পেঞ্চনাৰ ভৱনৰ সভাগৃহত অনুষ্ঠিত হয় (B.J. HS School Nagaon Foundation Day)। অনুষ্ঠানৰ আৰম্ভনিতে অমৃতকণ্ঠ জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও জিলা সমিতিৰ সভাপতি ডাঃ ঋষেশ্বৰ ঠেঙালে। ইয়াৰ পিছতে।বিদ্যালয়ৰ ছাত্ৰী সকলে জুবিন গাৰ্গৰ ‘ মায়াবিনী’ গীতেৰে মুকলি সভা আৰম্ভ কৰা হয়। বিশিষ্ট সাংবাদিক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কনক হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি বিশিষ্ট লেখিকা তথা নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যাপিক ডঃ মঞ্জু লস্কৰে শিক্ষাৰ্থী সকলক উদ্দেশি এক মননশীল ভাষণ প্ৰদান কৰি কয় যে ছাত্ৰ- ছাত্ৰী সকল অকল নম্বৰৰ পিছত দৌৰিলে নহব।
এগৰাকী ভাল নাগৰিক হৈ দেশ, সমাজ,জাতিৰ হকে কাম কৰাত নিজকে উৎসৰ্গিত কৰিব লাগিব। ইয়াৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামৰ। ছাত্র- ছাত্ৰী সকলে নিজক প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামত ব্ৰতী হব লাগিব বুলি উল্লেখ কৰি ডঃ লস্কৰে ছাত্র-ছাত্ৰী সকলক অধ্যয়নত সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনাই। লেখিকা নিজৰা শইকীয়াই আতধৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি শিক্ষাবিদ ডঃ ৰাতুল নেওগে ছাত্র – ছাত্ৰী সকল অকল চাকৰিমুখী চিন্তাৰ বিপৰীতে কৰ্মমুখী শিক্ষা গ্ৰহণ কৰা প্ৰয়োজন। উচ্চ শিক্ষা গ্ৰহণৰ সময়ত সঠিক সিদ্ধান্ত ললেহে তেওঁলোক উপকৃত হব।
নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ অমিয়া পাটৰে নিজৰ ভাষণত কয় যে অভিভাৱক সকলে শিক্ষাৰ্থী সকলক তেওঁলোকৰ সিদ্ধান্ত অনুসৰি শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদানত গুৰুত্ব দিয়া উচিত। আত্মবিশ্বাস আৰু একাগ্ৰতা থাকিলে সকলো ছাত্র- ছাত্ৰীয়ে নিজৰ লক্ষ্যত উপনীত হব পাৰিব বুলি ডঃ পাটৰে মন্তব্য কৰে। সভাত অবসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ টুলুমণি দেৱী ,পৰিচালনা সমিতিৰ বিষয়ববীয়া আব্দুল হান্নান লস্কৰ ,মুকুল আলি ,বি. জে উচ্চতৰ মাধ্যমিক বিদ্যালয় ব্লক-১ ৰ অধ্যক্ষ মোজামিল হুছেইন আদিয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বিশিষ্ট কবি।ৰূপম মজুমদাৰে কবিতা আবৃত্তি কৰে।
বিদ্যালয়ৰ অধ্যক্ষ মোজামিল হক, তত্বাৱধায়ক মইনুল হক, উপাধ্যক্ষা হৰিণাক্ষী হাজৰিকা, বিদ্যালয়ৰ মূৰব্বী ফৰিদুল ইছলাম , শিক্ষক-শিক্ষয়িত্ৰী আজিফা বেগুম, শ্ববনম জাহান, পাপৰি গোস্বামী, ফাৰহা চুলতানা, দেৱজানী বৰা, গায়ত্ৰী ৰয়, চাবিৰুল আমিন, আজিজুৰ ৰহমান আদিৰ সক্ৰিয় সহযোগিতাত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উৰ্তীৰ্ণ হৈ আন শিক্ষানুষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্তীৰ্ণ হৈ গৌৰৱ কঢ়িওৱা দুই শিক্ষাৰ্থী বিউতি ভূঞা আৰু ভাস্কৰ কাকতীক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰায় কুৰিগৰাকী বিশিষ্ট ব্যক্তি, সাংবাদিক আদিক সম্বৰ্ধনা জনোৱা হয়।
আনুষ্ঠানত ছাত্র- ছাত্ৰী সকলে সাংস্কৃতিক কাৰ্যক্ৰম প্ৰদৰ্শন কৰে।
লগতে পঢ়কঃ নগাঁৱত আৰম্ভ উত্তৰ-পূব সাংস্কৃতিক মহাৰণ

