বটদ্ৰৱাঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মংগলবাৰে শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ দৌল উৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি বটদ্ৰৱাস্থিত ‘আবিৰ্ভাৱ ক্ষেত্ৰ’ত জাতীয় সাজপাৰ পৰিধান কৰিহে প্ৰৱেশ কৰিব পাৰিব বুলি ঘোষণা কৰিছিল। এই ঘোষণাৰ এটা দিন পিছতে বুধবাৰে নগাঁও জিলা প্ৰশাসনে এইক্ষেত্ৰত আনুষ্ঠানিক নিৰ্দেশ জাৰি কৰে (Batadrava Abirbhav Kshetra Dress Code)।
নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা স্বাক্ষৰিত ১৫৫৩৮২/৫১১০ নম্বৰৰ জাননী খনত উল্লেখ থকা মতে পূৰ্বতে জনোৱা সকলো চৰ্ত অব্যাহত ৰাখি বটদ্ৰৱাস্থিত ‘আবিৰ্ভাৱ ক্ষেত্ৰ’ত প্ৰৱেশ কেৱল অসমৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰা দৰ্শনাৰ্থীৰ ক্ষেত্ৰতহে অনুমোদন থাকিব। কিন্তু ১২ বছৰৰ তলৰ শিশু সকলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহব।
উল্লেখযোগ্য যে পূৰ্বতেও নগাঁও জিলা প্ৰশাসনে বটদ্ৰৱাস্থিত ‘আবিৰ্ভাৱ ক্ষেত্ৰ’ৰ দৰ্শনাৰ্থীৰ বাবে কেতবোৰ নিয়ম বলবৎ কৰিছিল। সেই বোৰ আছিল
১/বৰদোৱাস্থিত আবিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনৰ দৰ্শনৰ সময় পুৱা ১০:০০ বজাৰ পৰা সন্ধিয়া ০৬:০০ বজা পর্যন্ত।
২/ আবিৰ্ভাৱ ক্ষেত্ৰত সকলো ধৰণৰ বাহনৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ।
৩/ আবিৰ্ভাৱ ক্ষেত্ৰত কোনো ধৰণৰ খাদ্য সামগ্রী নিয়াৰ অনুমতি নাথাকিব।
৪/ আবিৰ্ভাৱ ক্ষেত্ৰত ধূমপান, মাদক দ্রব্য, তামোল পান, পান মচলা, গুটখা আদি ব্যৱহাৰত সম্পূৰ্ণৰূপে বাধা থাকিব।
৫/পৰম্পৰাগত সাজপাৰ পৰিধান কৰাসকলক প্ৰৱেশত অগ্রাধিকাৰ দিয়া হ’ব।
৬/দর্শনার্থীসকলে নিজৰ সামগ্ৰী নিজৰ দায়িত্বত ৰাখিব লাগিব। দৰ্শনাৰ্থীৰ সামগ্রী হেৰালে কর্তৃপক্ষ দায়ী নহ’ব।
৭/ দর্শনার্থীসকলে নিয়ম শৃংখলা বৰ্তাই ৰাখি নির্দিষ্ট কৰা প্ৰৱেশদ্বাৰদি শাৰী পাতি প্ৰৱেশ কৰিব লাগিব। নিৰাপত্তাৰক্ষীৰ প্রতি সম্পূর্ণ সহযোগিতা আগবঢ়াবলৈ দর্শনার্থীসকলক অনুৰোধ জনোৱা হ’ল।
৮/আবর্জনা পেলোৱা সম্পূর্ণ নিষিদ্ধ। আবর্জনা পেলাবলৈ নির্দিষ্ট ঠাইত ডাষ্টবিন ব্যৱহাৰ কৰিব। আবৰ্জনা যতে-ততে পেলালে বিহিত ব্যৱস্থা গ্রহণ কৰা হ’ব।
৯/প্রাঙ্গণৰ কোনো সম্পত্তি ক্ষতিগ্রস্ত কৰিলে দণ্ডনীয় ব্যৱস্থা লোৱা হ’ব।
১০/ নীৰৱতা, শালীনতা আৰু শৃংখলা বজাই ৰাখিব।
১১/আবিৰ্ভাৱ প্রাঙ্গণৰ ভিতৰত উচ্চস্বৰে কথা-বতৰা, হুলস্থুল, অথবা অশালীন আচৰণ নিষিদ্ধ।
১২/থুই বা পিক পেলোৱা সম্পূর্ণৰূপে নিষিদ্ধ।
১৩/ফুল, গছ-গছনি আদি ছিঙা সম্পূৰ্ণৰূপে নিষিদ্ধ।
১৪/প্রাঙ্গণৰ ভিতৰত থকা নির্ধাৰিত শৌচাগাৰহে ব্যৱহাৰ কৰিব লাগিব।
১৫/কোনো ধর্মীয় বিশ্বাসৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য বা আচৰণ নিষিদ্ধ।
১৬/বিদ্রূপ, উপহাস, অশালীন ভাষা বা অসন্মানজনক আচৰণ সহ্য কৰা নহ’ব।
১৭/পৰিবেশ বিঘ্নিত কৰা কোনো কাৰ্য বা আচৰণ কঠোৰভাৱে নিষিদ্ধ।
বটদ্ৰৱাৰ আবিৰ্ভাৱ ক্ষেত্ৰত এগৰাকী ইউটিউবাৰে অমাৰ্জিত নৃত্য কৰি ভিডিঅ’ ভাইৰেল কৰাৰ পিছতে জিলা প্ৰশাসনে এই নিয়ম সমূহ বলবৎ কৰিছিল। এতিয়াৰ পূৰ্বৰ ১৭ টা নিয়মৰ লগতে অসমৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰা নিয়মটোও দৰ্শনাৰ্থীৰ বাবে বলবৎ থাকিব।
লগতে পঢ়কঃ জাতীয় সাঁজ অবিহনে প্ৰৱেশ নিষিদ্ধ বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰত

