Batadrava Cultural Project Opens to Visitors from February 1 with Strict Rules১ ফেব্ৰুৱাৰীত দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব বটদ্ৰৱা প্ৰকল্প

নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজীক বিশ্ব জনীন কৰাৰ উদ্দেশ্যেৰে আৰু গুৰুজনাৰ জন্মস্থানক আন্তৰ্জাতিক পৰ্যটন থলী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা আবিৰ্ভাৱ ক্ষেত্ৰ অহা ১ ফেব্ৰুৱাৰীৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব (Batadrava Cultural Project)।

উল্লেখযোগ্য যে, ২০২৫ চনৰ ২৯ ডিচেম্বৰত বটদ্ৰৱাস্থিত আবিৰ্ভাৱ ক্ষেত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিছিল (Batadrava Abirbhav Kshetra)। প্ৰায় ২২২.৫৪ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই অভিলাষী প্ৰকল্প অৱশ্যে দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰা হোৱা নাছিল। সেইসময়ত সামান্য নিৰ্মাণ কাৰ্য বাকী থকাৰ পৰিপ্ৰেক্ষিতত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উদ্বোধন অনুষ্ঠানত ব্যাপক জনসমাগম হোৱাৰ পৰিপ্ৰেক্ষিতত কিছু পৰিমাণে বিশৃংখল হৈ পৰা ‘আবিৰ্ভাৱ ক্ষেত্ৰ’ৰ বাগিচাৰ পুনৰ উন্নীতকৰণ কৰি পৰিপাটি কৰাৰ বাবে এই প্ৰকল্প দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিবলৈ এটা মাহৰ সময় লৈছিল দায়িত্বত থকা কৰ্তৃপক্ষই। সেই অনুযায়ী সকলো কাৰ্য সমাপন কৰাৰ পিছত অহা ১ ফেব্ৰুৱাৰীৰ পৰা দৰ্শনাৰ্থীৰ বাবে আবিৰ্ভাৱ ক্ষেত্ৰ মুকলি কৰা হ’ব (Sankardeva Cultural Project)। নগাঁও জিলা প্ৰশাসনৰ এক জাননীত এই কথা উল্লেখ আছে।

বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰৰ আদৰণি তোৰণ

দৰ্শনাৰ্থীক নিয়ম মানি চলিবলৈ আহ্বানঃ

বৰদোৱাস্থিত ‘আবিৰ্ভাৱ ক্ষেত্ৰ’ৰ দৰ্শনাৰ্থীক কেতবোৰ নিয়ম মানি চলিবলৈ আহ্বান জনাইছে নগাঁও জিলা প্ৰশাসনে। ইয়াৰ অন্যথা নিয়ম ভংগ কৰা সকলক জৰিমনা বিহা হ’ব।

কি কি নিয়ম মানিব লাগিব দৰ্শনাৰ্থীয়েঃ

প্ৰশাসনে জাৰি কৰা নিয়ম অনুযায়ী

১/বৰদোৱাস্থিত আবিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনৰ দৰ্শনৰ সময় পুৱা ১০:০০ বজাৰ পৰা সন্ধিয়া ০৬:০০ বজা পর্যন্ত।

২/ আবিৰ্ভাৱ ক্ষেত্ৰত সকলো ধৰণৰ বাহনৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ।

৩/ আবিৰ্ভাৱ ক্ষেত্ৰত কোনো ধৰণৰ খাদ্য সামগ্রী নিয়াৰ অনুমতি নাথাকিব।

৪/ আবিৰ্ভাৱ ক্ষেত্ৰত ধূমপান, মাদক দ্রব্য, তামোল পান, পান মচলা, গুটখা আদি ব্যৱহাৰত সম্পূৰ্ণৰূপে বাধা থাকিব।

৫/পৰম্পৰাগত সাজপাৰ পৰিধান কৰাসকলক প্ৰৱেশত অগ্রাধিকাৰ দিয়া হ’ব।

৬/দর্শনার্থীসকলে নিজৰ সামগ্ৰী নিজৰ দায়িত্বত ৰাখিব লাগিব। দৰ্শনাৰ্থীৰ সামগ্রী হেৰালে কর্তৃপক্ষ দায়ী নহ’ব।

৭/ দর্শনার্থীসকলে নিয়ম শৃংখলা বৰ্তাই ৰাখি নির্দিষ্ট কৰা প্ৰৱেশদ্বাৰদি শাৰী পাতি প্ৰৱেশ কৰিব লাগিব। নিৰাপত্তাৰক্ষীৰ প্রতি সম্পূর্ণ সহযোগিতা আগবঢ়াবলৈ দর্শনার্থীসকলক অনুৰোধ জনোৱা হ’ল।

৮/আবর্জনা পেলোৱা সম্পূর্ণ নিষিদ্ধ। আবর্জনা পেলাবলৈ নির্দিষ্ট ঠাইত ডাষ্টবিন ব্যৱহাৰ কৰিব। আবৰ্জনা যতে-ততে পেলালে বিহিত ব্যৱস্থা গ্রহণ কৰা হ’ব।

৯/প্রাঙ্গণৰ কোনো সম্পত্তি ক্ষতিগ্রস্ত কৰিলে দণ্ডনীয় ব্যৱস্থা লোৱা হ’ব।

১০/ নীৰৱতা, শালীনতা আৰু শৃংখলা বজাই ৰাখিব।

১১/আবিৰ্ভাৱ প্রাঙ্গণৰ ভিতৰত উচ্চস্বৰে কথা-বতৰা, হুলস্থুল, অথবা অশালীন আচৰণ নিষিদ্ধ।

১২/থুই বা পিক পেলোৱা সম্পূর্ণৰূপে নিষিদ্ধ।

১৩/ফুল, গছ-গছনি আদি ছিঙা সম্পূৰ্ণৰূপে নিষিদ্ধ।

১৪/প্রাঙ্গণৰ ভিতৰত থকা নির্ধাৰিত শৌচাগাৰহে ব্যৱহাৰ কৰিব লাগিব।

১৫/কোনো ধর্মীয় বিশ্বাসৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য বা আচৰণ নিষিদ্ধ।

১৬/বিদ্রূপ, উপহাস, অশালীন ভাষা বা অসন্মানজনক আচৰণ সহ্য কৰা নহ’ব।

১৭/পৰিবেশ বিঘ্নিত কৰা কোনো কাৰ্য বা আচৰণ কঠোৰভাৱে নিষিদ্ধ।

উল্লেখযোগ্য যে, শ্রীমন্ত শংকৰদেৱ আবির্ভার ক্ষেত্র চৌহদত আবর্জনা পেলালে আৰু মন্দিৰৰ ফুল, গছ-গছনি ছিঙিলে বা ক্ষতি কৰিলে ১ হাজাৰ টকা জৰিমনা বিহা হব।
নিৰ্ধাৰিত শৌচাগাৰ ব্যৱহাৰ নকৰি অন্য ঠাইত অশুচি কাৰ্য কৰিলেও ১ হাজাৰ টকা জৰিমনা বিহা হ’ব। একেদৰে কোনো ধৰণে ধৰ্মীয় অনুভূতিত আঘাত হানে এনে বাক্য, আচৰণ বা কাৰ্য কৰিলে ১ হাজাৰ টকা দিব লাগিব আৰু ধূমপান, মাদক দ্রব্য, তামোল পান, পান মচলা, গুটখা আদি ব্যৱহাৰত ৫ হাজাৰ টকা দিব লাগিব।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই পৰিচালনা কৰিব বটদ্ৰৱা প্ৰকল্প

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই পৰিচালনা কৰিব বটদ্ৰৱা প্ৰকল্প। মাহদিয়েক পূৰ্বে বটদ্ৰৱাত উপস্থিতহৈ আনুষ্ঠানিক ভাবে এই কথা সদৰী কৰিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma visit)।

তাৎপৰ্যপূৰ্ণ যে, বটদ্ৰৱা প্ৰকল্পই ১৬৫ বিঘা ভূমিক আবৰি ল’ব। ইয়াৰে ১৩৫ বিঘা ভূমি বটদ্ৰৱাৰ সৰু হিচাত থকাৰ বিপৰীতে প্ৰায় ৩০ বিঘাৰো অধিক ভূমি বটদ্ৰৱাৰ বৰহিচাত আছে । তদুপৰি প্ৰায় ৪৫ বিঘা ভূমি অতিৰিক্ত ভাবে ৰাখি থোৱা হৈছে।

বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰৰ মণিকূটৰ নিশাৰ দৃশ্য

উল্লেখযোগ্য যে বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে নিৰ্মাণ কৰা এই প্ৰকল্পটো ‘এৰিয়েল ভিউ’ ত এজোপা বটবৃক্ষৰ দৰে লাগে(Batadrava Than Development)। ‘এৰিয়েল ভিউ’ৰ এই মাষ্টাৰ প্লেনৰ ডিজাইন কৰি ওলিয়াইছে মহিন্দ্ৰ কনচাল্টিং ইঞ্জিনীয়াৰ নামৰ প্ৰতিষ্ঠানটোৱে। এই প্ৰকল্পত আছে গুৰু আসন, প্ৰশাসনিক ভৱন, গৱেষণা কেন্দ্ৰ, জলপান ঘৰ, দক্ষতা বিকাশ কেন্দ্ৰ, নিৰাপত্তাৰক্ষীৰ ঘৰ, টিকট কাউন্টাৰ, পৰ্যটন তথ্য কেন্দ্ৰ, কাৰ পাৰ্কিং, ৰাজহুৱা শৌচাগাৰ আদি।

গুৰু আসনৰ আৰ্হিত কেন্দ্ৰীয় ভাবে গৃহ, ধ্যান গৃহ নিৰ্মাণ কৰা হৈছে । ইয়াৰ উচ্চতা ২৫ মিটাৰ আৰু বহলে ৩০ মিটাৰ । প্ৰশাসনিক ভৱনটো গায়ন বায়নৰ পাগুৰিৰ আৰ্হিত নিৰ্মাণ হৈছে। ইয়াৰ আকাৰ ১০৪৮ বৰ্গমিটাৰ। জলপান ঘৰৰ আকাৰ ২৫.১৪ বৰ্গমিটাৰ। দক্ষতা বিকাশ কেন্দ্ৰ খোলৰ আৰ্হিত নিৰ্মাণ হৈছে। ইয়াৰ উপৰিও দুটা জলপান ঘৰ, যাত্ৰী নিবাস, বৰতাল আৰ্হিৰ কলাকেন্দ্ৰ তথা সভাগৃহ, শিশু উদ্যান, হেলিপেড আদি নিৰ্মাণ কৰা হৈছে।

ইয়াত মুখা শিল্পকে ধৰি গুৰুজনাৰ কৰ্মজীৱনৰ বিভিন্ন সমল প্ৰদৰ্শন, ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ, শংকৰী নৃত্য তথা সত্ৰীয়া নৃত্য-গীতৰ অনুষ্ঠান, বৰগীত-অংকীয়া ভাওনা আদি কৰ্মশালা অনুষ্ঠিত হ’ব।

লগতে পঢ়কঃ Batadrava Cultural Project: আবিৰ্ভাৱ ক্ষেত্ৰঃ বিশ্বৰ পৰ্যটন মানচিত্ৰত ন ৰূপত উজলিব বটদ্ৰৱা


Advertisement