Special Measures for Heritage Conservation at Batadrava Than Satraবটদ্ৰৱা সত্ৰ পৰিচালনা সমিতিৰ বিশেষ সাধাৰন সভাত ঐতিহ্য সংৰক্ষণৰ বিশেষ পদক্ষেপ

নগাঁওঃ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিশেষ সাধাৰণ সভাত ঐতিহ্য সংৰক্ষণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়। নগাঁও জিলাৰ বটদ্ৰৱা থান-সত্ৰৰ চৌহদত পলিথিন জাতীয় সামগ্ৰীৰ ব্যৱহাৰ একেবাৰে পৰিহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে থান পৰিচালনা সমিতিয়ে (Batadrava Than Heritage Conservation)। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত সভাত গ্ৰহণ কৰা আন এক প্ৰস্তাৱ মৰ্মে গুৰুজনাৰ এই পৱিত্ৰ তীৰ্থক্ষেত্ৰত পৰম্পৰাগত গীত আৰু ভাওনাৰ সংৰক্ষণ আৰু শুদ্ধ চৰ্চা বৰ্তাই ৰখাৰ বাবে এখন সাংস্কৃতিক উপসমিতি গঠন কৰা হয়।

উল্লেখযোগ্য যে, উচ্চ ন্যায়ালয়ৰ ৰায় মৰ্মে নগাঁও জিলা আয়ুক্তৰ তত্বাৱধানত বিগত বৰ্ষৰ ২ নৱেম্বৰত গঠিত নতুন পৰিচালনা সমিতিৰ উদ্যোগত আৰু সমিতিৰ নিৰ্দিষ্ট নিয়মাৱলীৰ আধাৰত এই গুৰুত্বপূৰ্ণ সভাৰ আহ্বান কৰা হৈছিল। সভাত নগাঁও জিলাৰ আয়ুক্ত শৰ্মাৰ উপৰি পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, সাধাৰণ সম্পাদক লাচিত বৰদলৈৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্যসকল আৰু বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ​এই সভাত বটদ্ৰৱাৰ মূলৰ ঘোষা, বৰগীত আৰু নৃত্য-বাদ্যৰ দৰে সাংস্কৃতিক উপাদানসমূহ ৰক্ষা কৰি শুদ্ধ ৰূপত সংৰক্ষণ আৰু চৰ্চা কৰিবলৈ এখন ‘সংস্কৃতি চৰ্চা উপ-সমিতি’ গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়।

ইয়াৰ লগতে অসমীয়া ভাওনাৰ আপুৰুগীয়া পাণ্ডুলিপিসমূহ সংগ্ৰহ কৰাৰ উপৰিও দেশী-বিদেশী পৰ্যটকৰ সুবিধাৰ্থে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু বটদ্ৰৱা থানৰ ইতিহাস সম্বলিত ইংৰাজী গ্ৰন্থ প্ৰস্তুত কৰাৰ এক বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ​কেৱল সাংস্কৃতিক দিশতেই নহয়, আধ্যাত্মিক পৰিৱেশটো সেউজীয়া আৰু প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবেও সভাই বিশেষ গুৰুত্ব আৰোপ কৰে। বিশেষকৈ পিৰিকা ফুলকে ধৰি ঐতিহ্যমণ্ডিত গছ-গছনি ৰোপণ কৰি বনানীকৰণ কৰা আৰু প্লাষ্টিক-পলিথিনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে কমাই সমগ্ৰ থান চৌহদ পৰিষ্কাৰ কৰি ৰখাৰ সংকল্প গ্ৰহণ কৰি এক ‘সেউজ বটদ্ৰৱা’ গঢ়াৰ লক্ষ্য স্থিৰ কৰা হয়।

এই পদক্ষেপসমূহে বটদ্ৰৱা ধামৰ সাংস্কৃতিক আৰু পৰিৱেশিক মৰ্যাদা বিশ্ব দৰবাৰত অধিক উজ্জ্বল কৰি তুলিব বুলি আশা কৰা হৈছে।

লগতে পঢ়কঃ নগাঁৱত ‘কুঁহিপাঠ’ৰ ওপৰত প্রস্তুত কৰা কাৰ্টুন ভিডিঅ উন্মোচন জিলা আয়ুক্তৰ


Advertisement