চামগুৰিঃ চৌদিশে এতিয়া ৰঙালীৰ উছাহ। অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ আনন্দৰ মাজতে আন এক ভাল খবৰ কঢ়িয়াই আনিলে নগাঁৱৰ পুৰণিগুদামে। ইতিহাসপ্ৰসিদ্ধ পুৰণিগুদামৰ বিহু নাচে গঢ়িলে ৰেকৰ্ড। ইণ্ডিয়া বুক অফ ৰেকৰ্ডত স্থান লাভ কৰিলে পুৰণিগুদাম নাট্যম দ্যা গ্ৰীণ থিয়েটাৰ নাট্যম সাংষ্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত বিহু নাচে । পুৰনিগুদামৰ বাপুজী খেলপথাৰত মুকলি বিহু অনুষ্ঠানত ডেৰ হাজাৰ ঢুলীয়া নাচনীয়ে অংশগ্ৰহণ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় (Bihu Dance Record India Book of Records)।
নগাঁৱৰ পুৰণিগুদামত বাপুজী খেলপথাৰত পুৰণিগুদাম নাট্যম দ্যা গ্ৰীণ থিয়েটাৰ নাট্যম সাংষ্কৃতিক গোষ্ঠীৰ উদ্যোগত বিগত প্ৰায় ডেৰ মহীয়া প্ৰশিক্ষণৰ অন্তত বৃহস্পতিবাৰে গোঁসাই বিহুৰ দিনা অনুষ্ঠিত কৰে ঢোল বাদন আৰু বিহু নাচ অনুষ্ঠান। অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰশিক্ষণ গ্ৰহণ কৰা অঞ্চলটোৰ ডেৰ হাজাৰৰো অধিক ঢুলীয়া নাচনীয়ে। একেলগে ডেৰ হাজাৰ ঢুলীয়া নাচনীয়ে প্ৰদৰ্শন কৰা বিহু নাচ উপভোগ কৰি অভিভূত হৈ পৰে ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ প্ৰতিনিধি।
ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ প্ৰতিনিধি নিজে উপস্থিত থাকি ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে পুৰণিগুদাম নাট্যম দ্যা গ্ৰীণ থিয়েটাৰ নাট্যম সাংষ্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত বিহু অনুষ্ঠানক। ইণ্ডিয়া বুক অফ ৰেকৰ্ড গঢ়া বিহু অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।
স্থানীয় যুৱতী নাচনীৰ লগতে কণ কণ শিশুয়েও বিহু নাচত অংশগ্ৰহণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। ইতিহাস প্ৰসিদ্ধ পুৰণিগুদামৰ বিহুয়ে ইণ্ডিয়া বুক অফ ৰেকৰ্ড গঢ়াত সমগ্ৰ নগাঁওবাসী উৎফুল্লিত হৈ পৰাৰ লগতে গৌৰাম্বিত হৈ পৰে বিহু নাচত অংশগ্ৰহণ কৰা নাচনীসকলো।
উল্লেখযোগ্য যে, বিগত প্ৰায় ৪০ দিনে বিভিন্ন গ্ৰুপত বিভক্ত কৰি প্ৰায় ৪০ গৰাকীকৈ প্ৰশিক্ষণকৰ জড়িয়তে নাচনীসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল পুৰণিগুদাম নাট্যম দ্যা গ্ৰীণ থিয়েটাৰ নাট্যম সাংষ্কৃতিক গোষ্ঠীয়ে।
লগতে পঢ়কঃ ছাত্ৰ ছাত্ৰীৰ সৈতে জিলা আয়ুক্তই বিহু নাচি ৰঙালী উদযাপন নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলত

