নগাঁওঃ বাৰিষাৰ বাবে নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল সোঁতে নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ হাতীমূৰাত হঠাৎ সৃষ্টি হোৱা তীব্ৰ খহনীয়া জনিত পৰিস্থিতিৰ বৃহস্পতিবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই চৰজমিন পৰ্যবেক্ষণ কৰে (Brahmaputra River Erosion)। এই জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তই তাৎক্ষণিকভাৱে উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু খহনীয়া প্ৰতিৰোধমূলক কাম-কাজৰ তদাৰক কৰে।
আয়ুক্তগৰাকীয়ে উপস্থিত বিভাগীয় বিষয়াসকলক যুদ্ধকালীন তৎপৰতাৰে এই খহনীয়া ৰোধ কৰিবলৈ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে। জিলা আয়ুক্তৰ নিৰ্দেশ ক্ৰমে জলসম্পদ বিভাগৰ ফালৰ পৰা ইতিমধ্যেই এই খহনীয়া প্ৰতিৰোধৰ বাবে যুদ্ধ কালিন গতিৰে বিভিন্ন কামৰ লগতে অস্থায়ী প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে।
এই পৰিদৰ্শন কালত, কলিয়াবৰ সম-জিলাৰ আয়ুক্ত ৰাজ বৰুৱা, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত দিপাংকৰ বৰ্মন, কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনীষ ভৰালী, জলসম্পদ বিভাগৰ কাৰ্য্যবাহী অভিযন্তা পিংকু মজুমদাৰ প্ৰমুখ্যে সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।
ইফালে জিলা আয়ুক্তৰ নিৰ্দেশক্ৰমে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত আয়ুক্ত দিপাংকৰ বৰ্মনে ৰহা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, জিলা প্ৰকল্প বিষয়া, ৰহা লোকনিৰ্মাণ (পথ) বিভাগ আৰু জলসম্পদ বিভাগৰ বিষয়াসকলৰ লগতে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ক্ষেত্ৰীয় বিষয়াৰ এটা দলে বুধবাৰে ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি সাম্ভাব্য বান-খহনীয়া পৰিস্থিতিৰ পৰ্যালোচনা চলায়।
এই পৰিদৰ্শন কালত দলটোৱে ভটিগাঁও গাঁৱৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ আঁচনিসমূহ পৰীক্ষা কৰাৰ লগতে পূৰ্বতে হোৱা বানাক্ৰান্ত এলেকাসমূহত চলি থকা পূৰ্বপ্ৰস্তুতিৰ বুজ লয়। ভ্ৰমণকালত বানাক্ৰান্ত গাঁৱৰ গাঁও প্ৰধানসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয়। এই বৈঠকত বানপানীৰ আগতীয়া তথ্য সঠিক সময়ত জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ বাবে পূৰ্ব সতৰ্কবাৰ্তা প্ৰচাৰৰ ব্যৱস্থা, প্ৰয়োজনীয় সময়ত সঠিক ব্যৱস্থাপনাৰে আশ্ৰয় শিবিৰ স্থাপন কৰা, বানাক্ৰান্তৰ মাজত পদ্ধতিগতভাৱে সাহায্য সামগ্ৰী বিতৰণ কৰা আৰু সাহায্য শিবিৰত আশ্ৰয় লোৱা লোকসকলৰ তথ্য ড্ৰিমছ্ পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত কৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়।
ইয়াৰোপৰি, দলটোৱে ২০২২ চনৰ বানপানীত ক্ষতিগ্ৰস্ত হোৱা কেইবাটাও স্থান পৰিদৰ্শন কৰে। সংশ্লিষ্ট বিভাগসমূহে গ্ৰহণ কৰা মেৰামতি আৰু পুনৰুদ্ধাৰ কাৰ্যৰ অগ্ৰগতি পৰীক্ষা কৰিবলৈ তেওঁলোকে ৰহা চকী ৰেলৱে পইণ্ট, ৰহা চকী পথ তথা মথাউৰি, গৰমাৰী তিনিখুঁটি পইণ্ট আৰু চাপৰমুখ চকীয়ালগাঁও পথ আৰু মথাউৰি আদি স্থানসমূহ পৰিদৰ্শন কৰে।
লগতে পঢ়কঃ দেশৰ এশগৰাকী জিলা দণ্ডাধীশৰ তালিকাত মৰিগাঁৱৰ অনামিকা তেৱাৰীসহ অসমৰ চাৰি জিলা আয়ুক্ত

