বুঢ়াচাপৰিত দ্বিতীয় দিনাও অব্যাহত উচ্ছেদ অভিযান

শোণিতপুৰঃ শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিত অবৈধ বেদখল উচ্ছেদৰ বাবে জিলা প্ৰশাসনে আৰম্ভ কৰা অভিযান দ্বিতীয় দিনাও অব্যাহত আছে। সোমবাৰে পুৱাৰে পৰা আৰম্ভ কৰা এই অভিযান মঙলবাৰে অধিক তৎপৰতাৰে আগবঢ়াই নিছে প্ৰশাসনে (Burhachapori eviction drive)।

প্ৰশাসনৰ তথ্য অনুসৰি, বুঢ়াচাপৰি অঞ্চলত প্ৰায় ৭১০টা পৰিয়ালে বেদখল কৰি থকা মুঠ ৬ হাজাৰ ২০০ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য লৈ এই অভিযান চলোৱা হৈছে। প্ৰথম দিনাৰ অভিযানত প্ৰায় ২৪০টা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰাৰ লগতে প্ৰায় দুহেজাৰ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হয় শোণিতপুৰ জিলা প্ৰশাসন (government land eviction)।

মঙলবাৰে দ্বিতীয় দিনাৰ অভিযানত ৩৮খন JCB আৰু প্ৰায় ৬০খন ট্ৰেক্টৰ ব্যৱহাৰ কৰি বৃহৎ পৰিসৰত উচ্ছেদ অভিযান চলাই আছে প্ৰশাসনে। লক্ষ্য অনুসৰি বেদখল হৈ থকা সম্পূৰ্ণ ৬ হাজাৰ ২০০ বিঘা ভূমি পৰ্যায়ক্রমে বেদখলমুক্ত কৰা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে (Burhachapori eviction drive)।

উল্লেখযোগ্য যে, প্ৰথম দিনাৰ অভিযান চলি থকা সময়ত একাংশ লোকে উচ্ছেদত বাধা প্ৰদানৰ চেষ্টা কৰাৰ ফলত কিছু সময় উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। অৱশ্যে দ্বিতীয় দিনা কোনো অপ্ৰীতিকৰ ঘটনা নঘটাকৈ শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি আছে (encroachment removal Assam)।

কেৱল ঘৰ-বাৰী নহয়, প্ৰশাসনৰ বুলড’জাৰেৰে এফালৰ পৰা ভাঙি পেলোৱা হৈছে অবৈধভাৱে কৰা বিশাল পাচলি খেতি, তামোল বাৰীসহ বিভিন্ন স্থায়ী কাঠামো। জিলা প্ৰশাসনে স্পষ্ট কৰি দিছে যে, চৰকাৰী ভূমি বেদখলমুক্ত নোহোৱালৈকে এই অভিযান অব্যাহত থাকিব (Sonitpur district administration)।

মঙলবাৰে দ্বিতীয় দিনা আৰম্ভ হোৱা উচ্ছেদ অভিযানত সম্পূৰ্ণ বেদখলকৃত ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে (law and order situation)।

এই বৃহৎ ভূমি উচ্ছেদৰ লগে লগে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ জীৱ জন্তুৰ অহা যোৱাৰ এটা বাট মুকলি হ’ব বুলিও আশা কৰিছে বন বিভাগে।

লগতে পঢ়কঃ বুঢ়াচাপৰিত উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি


Advertisement