Pharmacies remain closed in Nagaon, Assam during the Chemists Strike on Online Medicine protest against e-pharmacy sales.অনলাইন দৰৱৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ, নগাঁৱত বন্ধ শতাধিক ফাৰ্মাচী

নগাঁও: অল ইণ্ডিয়া অৰ্গেনাইজেচন অব কেমিষ্ট এণ্ড ড্ৰাগিষ্টে বুধবাৰে আহ্বান জনোৱা দেশজোৰা ধৰ্মঘট অসমতো ঔষধ ব্যৱসায়ী সংস্থা সমূহে ৰূপায়ণ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ঔষধ ব্যৱসায়ী সমূহে ফাৰ্মাচী তথা ঔষধৰ দোকান সমূহ বন্ধ কৰি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে।- Chemists Strike on Online Medicine

মূলতঃ অনলাইনত ঔষধ বিক্ৰী আৰু ই-ফাৰ্মেচী সমূহে দিয়া গভীৰ ৰেহাইৰ বিৰোধিতাকৰি দেশৰ প্ৰায় ১২ লাখৰো অধিক কেমিষ্ট আৰু ঔষধ ব্যৱসায়ীয়ে এই ধৰ্মঘটৰ প্ৰতি সমৰ্থনত জনাইছে।

যদিও এই ধৰ্মঘট ৰাষ্ট্ৰীয় পৰ্যায়ত আহ্বান কৰা হৈছে, তথাপিও ইয়াৰ প্ৰভাৱ ঠাইভেদে যথেষ্ট বেলেগ হ’ব পাৰে।

নগাঁৱতো নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাই অল ইণ্ডিয়া অর্গেনাইজেশ্যন অৱ কেমিষ্ট এণ্ড ড্রাগিষ্ট (AIOCD) ৰ আহ্বান জনোৱা ঔষধ ব্যৱসায়ীসকলৰ সমগ্ৰ দেশজোৰা ধৰ্মঘটৰ প্ৰতি সমৰ্থন আগবঢ়াই ঔষধৰ দোকান সমূহ বন্ধ কৰি ৰাখিছে।

এই ধৰ্মঘটৰ প্ৰধান দাবী সমূহ হৈছে ‘অনলাইন’ দৰৱৰ বিক্ৰী বন্ধ কৰা, নিয়ন্ত্রণহীন দৰৱ বিক্ৰীৰ ফলত হোৱা ভেজাল ঔষধ আৰু নিচাযুক্ত ঔষধৰ সহজলভ্যতা বন্ধ কৰি জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ নিশ্চয়তা প্রদান কৰা, ক’ভিড কালৰ জি. এছ. আৰ. ২২০ তাং ২৬/০৩/২০২০ ৰ জাননী প্রত্যাহাৰ কৰা, ‘কর্পোৰেট’ গোষ্ঠীৰ দ্বাৰা প্রলোভন মূল্য বন্ধ কৰা, সমগ্ৰ ভাৰতবৰ্ষতে ১২.৪০ লাখতকৈও অধিক ঔষধ ব্যৱসায়ী আৰু এই ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল ৫ কোটি স্থানীয় লোকৰ জীৱিকা আৰু সংস্থাপন সুৰক্ষিত কৰা ।

আজিৰ এই দেশজুৰা ধৰ্মঘটৰ ফলত ৰোগীসকলে এদিনৰ বাবে সম্মুখীন হ’ব পৰা অসুবিধাৰ বাবে ক্ষমা বিচাৰি নগাঁও চহৰত চাৰিখন বিশেষ ফাৰ্মাচী আজি খুলা ৰখাৰো ব্যৱস্থা কৰিছে বুলি নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থা (নামডা)ৰ সভাপতি জীৱন বনিক আৰু সম্পাদক মনোৰঞ্জন বৰাই জানিব দিয়ে ৷ তেওঁলোকে জনোৱামতে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ওচৰত এখন, নগাঁও চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰড ওচৰত দুখন, হয়বৰগাঁও বজাৰৰ ওচৰত এখন ফাৰ্মাচী খোলা ৰখা হৈছে।

লগতে পঢ়ক: ছাত্ৰ-ছাত্ৰীক সু-নাগৰিক হোৱাৰ আহ্বান জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ


Advertisement