ডিব্ৰুগড়ঃ নগাঁৱৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ ৬ষ্ঠ দীক্ষান্ত সমাৰোহত ৰাজ্যৰ বিশিষ্ট সাহিত্যিক, অধ্যাপক নগেন শইকীয়ালৈ আগবঢ়োৱা সন্মানীয় ডি.লিট সন্মান বৃহস্পতিবাৰে সাহিত্যিকগৰাকীয়ে গ্ৰহণ কৰে (D Lit Honour Dr Nagen Saikia)।
শাৰীৰিক অসুস্থতাৰ বাবে সমাবৰ্তনত উপস্থিত থাকিব নোৱাৰাৰ বাবে আজি বিশ্ববিদ্যালয়খনৰ পৰিয়ালে তেওঁক ডিব্ৰুগড়ৰ মিলননগৰস্থিত বাসগৃহত এই সন্মান আনুষ্ঠানিক ভাৱে আগবঢ়াই ৷
এই সন্মান বিশ্ববিদ্যালয়ৰ আচাৰ্য ভেৱন্দ্ৰ নাথ ডেকা, উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰা, পঞ্জীয়ক ড° শৰৎ হাজৰিকা আৰু সমন্বয়ক কুশল ঠাকুৰীয়াই আগবঢ়াই ৷ সন্মান প্ৰদান এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাপক উপাচাৰ্য অধ্যাপক কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট সাহিত্যিক অধ্যাপক কৰবী ডেকা হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ড° মৃণাল কুমাৰ বৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
ডি.লিট সন্মান গ্ৰহন কৰি সাহিত্যিক গৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনোৱাৰ লগতে বিশ্ববিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে ৷ বিশ্ববিদ্যালয় পৰিয়ালে ৰাজ্যৰ সু-সাহিত্যিক গৰাকীৰ সুস্বাস্থ্য কামনা কৰিছে ৷
লগতে পঢ়কঃ Amulya Manna Award: বিশিষ্ট আলোকচিত্ৰ শিল্পী তপন দাসক অমূল্য মান্না বঁটা প্ৰদান

