নগাঁওঃ ব্যক্তিগত আৰু চৰকাৰী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অতিকৈ প্ৰয়োজনীয় ডাইচ ক’ড আৰু ছেবা ক’ড অনুমোদনত নগাঁও জিলাত এক ভয়াবহ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। আজি এখন সংবাদমেলত এই কথা স্বীকাৰ কৰে নগাঁও জিলা সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শকে9DISE Code Scam)।
সংবাদমেলখনত বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে কয়, ‘ডাইচ ক’ড লাভৰ বাবে প্ৰথমে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে প্ৰথমে আবেদন কৰিব লাগে। এই আবেদনৰ ওপৰত ভিত্তি কৰি আমি অনুসন্ধান কৰো। নথি পত্ৰ পৰীক্ষা কৰো। তাৰ পিছতহে বিধিমতে ডাইচ ক’ড লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁলোকে ছেবা ক’ডৰ বাবে আবেদন কৰে। কিন্তু নগাঁও জিলাত একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ লগত কোনো যোগাযোগ নকৰাকৈয়ে ৰহস্যজনকভাৱে ছেবা ক’ড লাভ কৰিছে। সেই সম্পৰ্কত সন্দেহ হোৱাত আমি বিভিন্ন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰৰ অধীনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ অনুমতি আৰু ছেৱা ক’ডৰ যাৱতীয় তথ্য সমূহ পৰীক্ষা কৰিবলৈ বিচাৰো। এইখিনি তথ্যখিনি পৰীক্ষা কৰিবৰ বাবে আমি জিলা পৰ্যায়ত এখন সমিতিও গঠন কৰো। এনেদৰে পৰীক্ষা কৰোতে আমি জাল নথিপত্ৰ ব্যৱহাৰ কৰা কেইবাখনো বিদ্যালয় ধৰা পেলাও।
বিদ্যালয় সমূহৰ পৰিদৰ্শকজনে জনোৱা মতে জালনথি পত্ৰ ব্যৱহাৰ কৰা ৮ খন বিদ্যালয়ৰ অনুমতি বাতিল কৰা হৈছে। এই বিদ্যালয় কেইখন হৈছে-এ আৰ পাব্লিক স্কুল,বি কে মাৰ্কাজ একাডেমী,এডুকেয়াৰ ছিনিঅ’ৰ ছেকেণ্ডাৰী স্কুল,জ্ঞানম ছেকেণ্ডাৰী একাডেমী,কণকা একাডেমী,নেপচুন ছিনিঅ’ৰ ছেকেণ্ডাৰী স্কুল,সৰস্বতী একাডেমী আৰু চানৰাইজ মডাৰ্ণ একাডেমী৷
এই বিদ্যালয় কেইখনে শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াৰ চহী জাল কৰাৰ কথাও পোহৰলৈ আহিছে। কাৰ সহযোগত এইদৰে নথি পত্ৰ জাল কৰিছে সেই চক্ৰটো ধৰা পেলাবৰ বাবে তদন্ত অব্যাহত আছে বুলিও বিদ্যালয় পৰিদৰ্শকজনে সদৰী কৰে।
ইপিনে পৰিদৰ্শক কাৰ্যালয়ৰ সংশ্লিষ্ট ফাইল চোৱা চিতাৰ দায়িত্বত এজন কৰ্মচাৰীক ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে বুলিও বিদ্যালয় পৰিদৰ্শকজনে সদৰী কৰে।
তাৎপৰ্যপূৰ্ণ যে ডাইচ ক’ড আৰু চেবা ক’ড লাভ কৰাৰ বাবে প্ৰয়োজনীয় নথি যেনে বিভাগীয় অগ্ৰীম অনুমতি(Prior permission), ৰেজিষ্টেচন আৰু ৰিকগনেচন আদি নথি-পত্ৰ বিধিগত ভাবে নথকাকৈ এই সমূহ বিদ্যালয়ে নথিপত্ৰ জালিয়াতিৰ কেনেদৰে কৰিব পাৰিলে সেইয়া আশ্চৰ্যজনক।

