নগাঁওঃ ৰন্ধন গেছৰ চিলিণ্ডাৰ নাটনিক কেন্দ্ৰ কৰি জনসাধাৰণ আতংকিত হৈ থকাৰ সময়তে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা ব্যৱসায়ীক প্ৰতিষ্ঠানত ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰহৈ পৰিছে (Domestic LPG Misuse)। শুকুৰবাৰে জিলা আয়ুক্তজনৰ নিৰ্দেশত নগাঁও জিলা প্ৰশাসনৰ দলে ব্যৱসায়ীক প্ৰতিষ্ঠানত ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ বিৰুদ্ধে অভিযান চলায়।
শুকুৰবাৰে জিলাখনৰ বটদ্ৰৱাৰ আলিপুখুৰী ৰেষ্টুৰেণ্ট নামৰ এখন ৰেষ্টুৰেণ্টৰ পৰা প্ৰশাসনৰ অভিযানকাৰী দলে তিনিটা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰে। ইয়াৰ লগতে ৰেষ্টুৰেণ্টখনৰ গৰাকী আৰু প্ৰৱন্ধকৰ বিৰুদ্ধে এটা গোচৰো ৰুজু কৰা হৈছে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এক নিৰ্দেশ যোগেদি সমগ্ৰ জিলাখনতে ঘৰুৱা চিলিণ্ডাৰৰ বাণিজ্যিক ব্যৱহাৰ নিষিদ্ধ কৰিছিল।
এই নিৰ্দেশ অনুসৰি হোটেল, ৰেষ্টুৰেণ্ট, ধাবা আৰু পথৰ দাঁতিৰ খাদ্য বিক্ৰেতা আদি যিকোনো খাদ্য ব্যৱসায়ীয়ে কোনো কাৰণতে ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিব নোৱাৰিব আৰু তেওঁলোকে কেৱল অনুমোদিত ডিষ্ট্ৰিবিউটৰৰ পৰা সংগ্ৰহ কৰা বাণিজ্যিক চিলিণ্ডাৰহে ব্যৱহাৰ কৰিব লাগিব।
যদি কোনোৱে এই নিয়ম উলংঘা কৰে তেন্তে চিলিণ্ডাৰ জব্দ কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশটোত উল্লেখ আছিল।
ইয়াৰ উপৰি গেছ বিতৰকসকলক সতৰ্ক কৰি দিছিল যে তেওঁলোকে যাতে কোনো ব্যৱসায়িক প্ৰতিষ্ঠানক ঘৰুৱা চিলিণ্ডাৰ যোগান নধৰে আৰু তেনে কোনো আশুৱাহৰ তথ্য পালে তৎকালিনভাৱে কৰ্তৃপক্ষক অৱগত কৰে।
এই সমগ্ৰ নিৰ্দেশনাটো তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক কঠোৰ নিৰ্দেশ দিছিল।
লগতে পঢ়কঃ নগাঁৱত নাটনি হোৱা নাই ৰন্ধন গেছৰ চিলিণ্ডাৰৰ

