নগাঁওঃ নাৰী সবলীকৰণৰ আৰু স্নাতন্ত্ৰ সাংবাদিকতাৰ সৈতে আগবাঢ়ো বাবে দেওবাৰে লক্ষ্ণৌত ড° মাদ্ৰী কাকতিলৈ মহাদেৱী বৰ্মা সন্মান আগবঢ়োৱা হয়। জ্ঞানপীঠ বঁটা বিজয়ী মহাদেৱী বৰ্মাৰ নামৰ এই বঁটা মূলতঃ সুস্থ সাংবাদিকতা আৰু নাৰী সবলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা লেখনী আৰু ভূমিকাৰ বাবে প্ৰদান কৰা হয় (Dr Madri Kakoti Mahadevi Verma Samman)।
লক্ষ্ণৌৰ এখন গাম্ভীৰ্যপূৰ্ণ সভাত দেওবাৰে, (২২/৩/২৬ তাৰিখে ) এই সন্মান প্ৰদান কৰা হয়। এই বঁটাত এখনি মানপত্ৰ, এখন অঙ্গ বস্ত্ৰ আৰু নগদ এক লাখ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয়।
ড° মাদ্ৰী নগাঁৱৰ জীয়ৰী আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ভাষাবিজ্ঞানৰ অধ্যাপিকা।
উল্লেখযোগ্য যে বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি আৰু অৱসৰপ্ৰাপ্ত অধ্যাপিকা মুনি কাকতিৰ কণ্যা মাদ্ৰী কাকতি সামাজিক মাধ্যমত ‘মেডুছা’ নামৰে পৰিচিত। তেওঁ ৰাইজৰ পক্ষত থাকি চৰকাৰৰ বিভিন্ন অন্যায় অবিচাৰ সমূহৰ বিৰুদ্ধে বলিষ্ঠ ভাৱে মাত মাতি আহিছে।
প্ৰায় ৫টা ভাষাত দখল থকা মাদ্ৰীয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ত ভাষাতত্ত্বৰ শিক্ষা গ্ৰহণ কৰিছিল। ২০১৪-১৫ বৰ্ষত তেওঁ ফুল ব্ৰাইট ফেল’শ্বিপলৈ নিউয়ৰ্ক বিশ্ববিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। তেওঁ নেইবাৰহুড টিচাৰ নামৰ এক ব্যতিক্ৰমী শিক্ষণ প্ৰণালীৰৰে ৰাজনৈতিক আৰু সামাজিক সজাগতা সৃষ্টিৰ চেষ্টা কৰিছিল।
লগতে পঢ়কঃ বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিৰ এঘাৰটা গল্পৰ ইংৰাজী অনুবাদ উন্মোচন

