Election Preparedness Meeting Held in Nagaon to Ensure Free & Fair Pollsজিলা নিৰ্বাচনী বিষয়া, পৰ্যবেক্ষকৰ উপস্থিতিত আৰক্ষী আৰু অসামৰিক বিষয়াৰ যৌথ সভা

নগাঁও: বিধানসভা নিৰ্বাচনত নিয়োজিত আৰক্ষী আৰু অসামৰিক বাহিনীৰ বিষয়া এখন গুৰুত্বপূৰ্ণ যৌথ সভা শনিবাৰে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় (Election Preparedness Meeting Nagaon)। জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত কেইবাগৰাকীও জ্যেষ্ঠ পৰ্যবেক্ষক উপস্থিত থাকে। ইয়াৰ ভিতৰত সাধাৰণ পৰ্যবেক্ষক ক্ৰমে উমাশংকৰ ভাৰ্গৱ প্ৰসাদ আৰু আবু টায়েং, ব্যয় পৰ্যবেক্ষক টি. ৰামলিংগম, উণ্ডে যোগেশ পাণ্ডুৰাং আৰু অশোক চৰণ আৰু আৰক্ষী পৰ্যবেক্ষক জি. শিৱকুমাৰে অংশগ্ৰহণ কৰে।

সভাত উপস্থিত থকা অসামৰিক মাণ্ডলিক (জোনেল)আৰু খণ্ড (ছেক্টৰ)বিষয়া আৰু আৰক্ষী মাণ্ডলিক আৰু খণ্ড বিষয়া সকলক সম্বোধন কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আগন্তুক নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ, নিৰপেক্ষ আৰু সুকলমে অনুষ্ঠিত কৰাৰ স্বাৰ্থত প্ৰশাসন আৰু আৰক্ষী বাহিনীৰ মাজত এক শক্তিশালী সমন্বয় ৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। নিৰ্বাচনৰ সময়ছোৱাত আইন-শৃংখলা পৰিস্থিতিৰ সঠিক ব্যৱস্থাপনা নিশ্চিত কৰাৰ লগতে নিজৰ নিজৰ জ’ন বা ছেক্টৰত অৰ্পিত দায়িত্বসমূহ অত্যন্ত নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ সকলোকে আহ্বান জনাই।

একেদৰে, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে তেওঁৰ ভাষণত নিৰ্বাচনৰ দিনা আৰক্ষী প্ৰশাসনৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বিস্তৃত আলোকপাত কৰে। তেওঁ বিশেষকৈ ভোটগ্ৰহণৰ দিনা প্ৰতিটো ভোটকেন্দ্ৰত এক সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰা, অতি স্পৰ্শকাতৰ কেন্দ্ৰসমূহৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা আৰু ভোটাৰসকলে যাতে কোনো ভয়-ভীতি নোহোৱাকৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও তেওঁ নিৰ্বাচনৰ দিনা হ’ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ ভ্ৰাম্যমাণ দল সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে ইভিএম মেচিনসমূহ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ষ্ট্ৰং ৰুমলৈ নিৰাপদে সৰবৰাহ কৰাৰ ক্ষেত্ৰত আৰক্ষী বিষয়া তথা জোৱানসকলক অধিক সতৰ্ক আৰু দায়িত্বশীল হ’বলৈ আহ্বান জনায়।

বৈঠকৰ শেষৰ পৰ্যায়ত উপস্থিত পৰ্যবেক্ষকসকলে অসামৰিক মাণ্ডলিক খণ্ড বিষয়া আৰু আৰক্ষী মাণ্ডলিক আৰু খণ্ড বিষয়া সকলৰ সৈতে পোনপটীয়া মত-বিনিময়ত মিলিত হয় আৰু তেওঁলোকৰ মনত উদয় হোৱা বিভিন্ন কাৰিকৰী তথা ব্যৱহাৰিক প্ৰশ্নৰ বিশদ উত্তৰ দিয়ে। নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত থাকিব পৰা সম্ভাব্য জটিলতাসমূহ সমাধানৰ বাবে পৰ্যবেক্ষকসকলে প্ৰয়োজনীয় দিক-নিৰ্দেশনা আগবঢ়ায়। এই বাৰ্তালাপে উপস্থিত বিষয়াৰ মাজত থকা অস্পষ্টতাসমূহ দূৰ কৰি আৰু তেওঁলোকক নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ উৎসাহিত কৰে।

লগতে পঢ়কঃ নগাঁৱত ভোটাৰক আকৰ্ষণৰ অভিনৱ কৌশল জিলা প্ৰশাসনৰ


Advertisement