নগাঁও: চলিত অসম বিধানসভা নিৰ্বাচন উপলক্ষে নগাঁও জিলা প্ৰশাসনে নিৰ্বাচনী প্ৰক্ৰিয়াটো নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে এক বিশেষ তৎপৰতা গ্ৰহণ কৰিছে (Election Violence Warning)।
ইতিমধ্যে সমগ্ৰ জিলাখনতে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰা হৈছে আৰু এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সমগ্ৰ জিলাবাসীকে এক সুস্থ গণতান্ত্ৰিক পৰিৱেশ ৰক্ষা কৰিবলৈ বিনম্ৰ আহ্বান জনাইছে। এক ভিডিঅ’ বাৰ্তাত আয়ুক্তগৰাকীয়ে বিশেষভাৱে উল্লেখ কৰে যে নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰচাৰিত প্ৰতিটো নিৰ্দেশনা তথা নীতি-নিয়ম পালন কৰাটো প্ৰতিগৰাকী সচেতন নাগৰিক তথা ৰাজনৈতিক দলৰ নৈতিক দায়িত্ব, যাতে জিলাখনত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ ভোটদান প্ৰক্ৰিয়া সমাপ্ত হয়।
বিধানসভা নিৰ্বাচন ২০২৬ৰ এই মহোৎসৱত জিলাখনৰ প্ৰতিগৰাকী যোগ্য ভোটাৰক নিজৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আয়ুক্ত শৰ্মাই আন্তৰিকতাৰে আহ্বান জনাইছে। তেওঁ কয় যে গণতন্ত্ৰৰ এই প্ৰক্ৰিয়াত প্ৰতিটো ভোটৰ গুৰুত্ব অপৰিসীম। গতিকে কোনো ধৰণৰ ভয়-ভীতি বা প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নহৈ প্ৰতিগৰাকী নাগৰিকে স্ব-বিবেচনাৰে ভোটদান কৰা উচিত।
তদুপৰি সম্পূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ কালচোৱাত শান্তি-শৃংখলা বজায় ৰখাৰ ওপৰত আয়ুক্তগৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰিছে। যদি কোনো দুষ্কৃতিকাৰীয়ে হিংসাত্মক কাৰ্যত লিপ্ত হয় বা নিৰ্বাচনী পৰিৱেশ বিঘ্নিত কৰিবলৈ চেষ্টা কৰে, তেন্তে তেনে লোকৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ আইন অনুসৰি অতি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নিৰ্বাচন সংক্ৰান্তীয় যিকোনো নীতি-বিৰোধী কামৰ বিষয়ে অভিযোগ দাখিল কৰিবলৈ জিলা প্ৰশাসনে মাছুল বিহীন নম্বৰ ১০৭৭ অথবা ০৩৬৭২-২৩৮০০০ ফোন নম্বৰৰ সুবিধা আগবঢ়াইছে। এই নিয়ন্ত্ৰণ কক্ষৰ জৰিয়তে জনসাধাৰণে যিকোনো সময়তে যোগাযোগ কৰি নিজৰ আপত্তি বা তথ্য প্ৰদান কৰিব পাৰিব বুলি শৰ্মাই জানিবলৈ দিয়ে।
লগতে পঢ়কঃ নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নগাঁৱত ৰাজহুৱা কৰিলে তিনি পৰ্যবেক্ষকৰ ফোন নম্বৰ

