Elephants Used in Eviction Drive at Laokhowa Wildlife Sanctuaryবুলডজাৰ নহয়, পোহনীয়া হাতীৰে লাওখোৱা অভয়াৰণ্যত উচ্ছেদ অভিযান

নগাঁওঃ বুলডজাৰ নহয়, এইবাৰ হাতীৰে উচ্ছেদ অভিযান চলালে বন বিভাগে (Eviction Drive at Laokhowa Wildlife Sanctuary)। নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ পূৱ ফুটালজাৰত নগাঁও জিলাৰ বন্যপ্ৰাণী বিভাগে চলোৱা উচ্ছেদ অভিযানত এক বিৰল দৃশ্য দেখা পোৱা গ’ল। সচৰাচৰ বুলডজাৰৰে চলোৱা উচ্ছেদ অভিযানৰ বিপৰীতে বন্যপ্ৰাণী বিভাগে উচ্ছেদ অভিযানৰ বাবে ব্যৱহাৰ কৰে পোহনীয়া হাতী।

উল্লেখযোগ্য যে লাওখোৱা অভয়াৰণ্যৰ অন্তৰ্গত গড়াজান বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বন বাহিনীয়ে বিভাগীয় তিনিটাকৈ হাতী ব্যৱহাৰ কৰি এই উচ্ছেদ অভিযান চলায়। লাওখোৱা অভয়াৰণ্যৰ সমীপবৰ্তী পূৱ ফুটালজাৰত এচাম লোকে বন্যপ্ৰাণী বিভাগৰ সংৰক্ষিত ভূমি ব্যাপক হাৰত বেদখল কৰি বৰো ধানৰ কঠীয়া ৰোপণ কৰিছিল। শিলঘাট – ধিং মথাউৰিৰ কাষে কাষে বহু বিঘা বন্যপ্ৰাণী ভূমি বেদখল কৰি বৰোধানৰ খেতি কৰিছিল। বন্যপ্ৰাণী বিভাগে বাৰ বাৰ বাধা প্ৰদান কৰা স্বত্বেও বেদখলকাৰী সকলে ১৯৭২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ তথা সুৰক্ষা আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি গাৰ বলেৰে আৰম্ভ কৰিছিল খেতি বাতি।

কিন্তু শনিবাৰে বন্যপ্ৰাণী বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি পোহনীয়া হাতী ব্যৱহাৰ কৰি উচ্ছেদ অভিযান চলায়। বন্যপ্ৰাণী বিভাগৰ পোহনীয়া হাতীয়ে এফালৰ পৰা বিনষ্ট কৰে বৰো খেতি।

ইপিনে চামগুৰি সমষ্টিৰ শিঙিমাৰী বীট অফিচৰ নিচেই কাষত এচাম বেদখলকাৰীয়ে কেইবা হেজাৰ বিঘা বনাঞ্চলৰ ভূমি বেদখল কৰি খেতি বাতি কৰাৰ উপৰিও মৎস্য পালন অব্যাহত ৰাখিছে। ৰাজ্য চৰকাৰে অবৈধ বেদখলৰ বিৰুদ্ধে আপোচবিহীন নীতি অৱলম্বন কৰা স্বত্বেও শিঙিমাৰী খণ্ড বন বিষয়া কাৰ্যালয়ৰ নাকৰ তলত অবৈধ বেদখলীয়ে দপদপনি অব্যাহত ৰখাৰ পিছতো দেখিও নেদেখাৰ ভাও জুৰিছে বন্যপ্ৰাণী বিভাগে।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত সম্পূৰ্ণ ৰাজনৈতিক ছত্ৰছায়াত এচাম লোকে শিঙিমাৰীত ব্যাপক হাৰত বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত ভূমি বেদখল কৰিছিল। শাসকীয় কংগ্ৰেছ দলৰ টিকটত নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি আৰু দলীয় পদবীত অধিষ্ঠিত নেতা কৰ্মীয়ে বন্যপ্ৰাণী ভূমিত বিশাল পূখুৰী খনন কৰি মৎস্য ব্যৱসায়ৰ সূচনা কৰিছিল। আনকি এচাম ক্ষমতাশালী লোকে দৰিদ্ৰ লোকক ধন ধাৰ দি মাটি বন্ধকত লোৱাৰো অভিযোগ উঠিছিল।

তদুপৰি ক্ষমতাত অধিষ্ঠিত মন্ত্ৰী বিধায়কৰ ৰোষত পৰাৰ ভয়ত বন্যপ্ৰাণী বিভাগে তেতিয়া উচ্ছেদ চলাবলৈ সাহস গোটাব পৰা নাছিল বুলিও সৰৱ চৰ্চা চলিছিল।

লগতে পঢ়কঃ Nagaon Eviction Drive: মধ্য অসমত দুদিনীয়া উচ্ছেদ অভিযানত বেদখলমুক্ত প্ৰায় এশ বিঘা চৰকাৰী ভূমি


Advertisement