EVM Distribution Process Completed Across India with Transparency Measuresইভিএম বিতৰণ প্ৰক্ৰিয়া সম্পন্ন

গুৱাহাটীঃ ভাৰতীয় নিৰ্বাচন আয়োগে আগন্তুক পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু আন ৬টা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইলেক্ট্ৰনিক ভোটিং মেচিন (EVM) সমূহৰ প্ৰথম পৰ্যায়ৰ বিতৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে (EVM Distribution Process Completed)।

এইক্ষেত্ৰত নিৰপেক্ষতা আৰু স্বচ্ছতাত আয়োগে অধিক গুৰুত্ব দিছে। নিৰ্বাচনী আয়োগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে এই প্ৰক্ৰিয়াটো EVM Management System (EMS)ৰ জৰিয়তে সম্পন্ন কৰা হয়। এইক্ষেত্ৰত স্বীকৃত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ উপস্থিতিত ইয়াক সম্পাদন কৰা হয়।

নিৰ্বাচন আয়োগৰ মতে , EVMসমূহৰ বিতৰণ দুটা পৰ্যায়ত কৰা হয়। যাৰ উদ্দেশ্য হৈছে স্বচ্ছতা আৰু নিৰপেক্ষতা নিশ্চিত কৰা। প্ৰথম পৰ্যায়ত, জিলা স্তৰৰ গুদামঘৰৰ পৰা EVMসমূহ পক্ষপাত নোহোৱাকৈ খেলিমেলি ভাবে বা লটাৰীৰ জৰিয়তে বিভিন্ন বিধানসভা সমষ্টিলৈ বিতৰণ কৰা হয়। দ্বিতীয় পৰ্যায়ত, এই মেচিনসমূহ পুনৰ খেলিমেলি কৰি সমষ্টি স্তৰৰ পৰা ব্যক্তিগত ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ বিতৰণ কৰা হয়।

নিৰ্বাচন আয়োগৰ মতে, প্ৰথম পৰ্যায়ৰ ই ভি এম বিতৰণ প্ৰক্ৰিয়াটো জিলা নিৰ্বাচনী বিষয়া (DEO)সকলে নিৰ্ধাৰিত নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি সম্পন্ন কৰিছে। এই প্ৰক্ৰিয়াই অসম, কেৰেলা, পুদুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ লগতে আন ছয়খন ৰাজ্যৰ উপ-নিৰ্বাচনো সামৰি লৈছে।
নিৰ্বাচন আয়োগৰ মতে, এই প্ৰথম পৰ্যায়ত প্ৰায় ৮.৮৫ লাখ EVM ইউনিট—য’ত বেলট ইউনিট (BU), নিয়ন্ত্ৰণ ইউনিট (CU) আৰু ভি ভি পেট যন্ত্ৰসমূহ বিতৰণ কৰা হৈছে।

এই প্ৰক্ৰিয়া ৰাষ্ট্ৰীয় আৰু ৰাজ্যৰ স্বীকৃত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ উপস্থিতিত নিশ্চিত কৰা হৈছে। যাতে নিৰ্বাচনী ব্যৱস্থাৰ সততা সম্পৰ্কে সকলো অংশীদাৰৰ মাজত আস্থা বৃদ্ধি পায়।

দ্বিতীয় পৰ্যায়ৰ বিতৰণ প্ৰক্ৰিয়া ভোটগ্ৰহণৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে সম্পন্ন কৰা হ’ব। যাৰ জৰিয়তে ভোটগ্ৰহণ।

লগতে পঢ়কঃ নগাঁৱত আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া


Advertisement