নগাঁও: নগাঁৱত এতিয়াৰ পৰা মন গলেই ধৰিব নোৱাৰিব যিকোনো মাছ। আনকি ইচ্ছা অনুযায়ী বিক্ৰীও কৰিব নোৱাৰিব যিকোনো মাছ। কাৰণ মাছ ধৰা আৰু বিক্ৰীৰ ক্ষেত্ৰত জিলা প্ৰশাসনে জাৰি কৰিছে নিষেধাজ্ঞা। প্ৰজননৰ সময়ত কৰা মৎস্য চিকাৰে মাছৰ বংশবৃদ্ধিত অতি নেতিবাচক প্ৰভাৱ পেলাই ইয়াৰ উৎপাদন হ্ৰাস কৰাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ধাৰা ১৬৩ ৰ অধীনত মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে (Fish Catching Ban Nagaon)।

সেই অনুসৰি ১ এপ্ৰিলৰ পৰা ৩১ জুলাইলৈকে ঘোষিত মৎস্য ক্ষেত্ৰত ৰৌ, ভকুৱা, মৃগা, মালি, চিতল, খৰিয়া, কুহি আদি প্ৰজাতিৰ মাছ ধৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। তদুপৰি ১ চেন্টিমিটাৰত কৈ কম ব্যাসৰ ফুটা থকা জালৰ ব্যৱহাৰো নিষিদ্ধ ঘোষণা কৰা হৈছে। যিকোনো প্ৰজাতিৰ সৰু পোৱালী মাছ বা কণীপৰা মাছ ধৰা, মৰা বা বিক্ৰি কৰা সম্পূৰ্ণৰূপে বাৰণ কৰা হৈছে। অসম মৎস্য নিয়ম ১৯৫৩ ৰ বিধি অনুসৰি এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু এয়া তাৎক্ষণিকভাৱে বলবৎ কৰা হৈছে বুলি নিৰ্দেশটোত কোৱা হৈছে।
লগতে পঢ়কঃ নগাঁৱৰ ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত প্ৰশিক্ষণ

