গুৱাহাটী: অসমত সংৰক্ষিত বনাঞ্চলসমূহত চলি থকা অবৈধ দখল উচ্ছেদ অভিযান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ১০ ফেব্ৰুৱাৰীত দিয়া ৰায়ৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইয়াক আদৰণি জনাই কয় যে শীৰ্ষ আদালতৰ এই ৰায়ে উচ্ছেদ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু স্বচ্ছ কৰি তুলিছে (Forest Eviction Assam)।
উচ্চতম ন্যায়ালয়ে ১০ ফেব্ৰুৱাৰীৰ ৰায়ত অসম চৰকাৰে দাখিল কৰা শেহতীয়া শপতনামাৰ আধাৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ সংশোধন কৰে। ৰাজ্য চৰকাৰে ডয়াং, চাউথ নাম্বাৰ, জামুনা মাডুঙা, বৰপানী, লুটুমাই আৰু গোলাঘাট সংৰক্ষিত বনাঞ্চলত বৃহৎ পৰিসৰৰ উচ্ছেদ অভিযান চলোৱাৰ বাবে গ্ৰহণ কৰা প্ৰক্ৰিয়া সন্দৰ্ভত এই শপতনামা দাখিল কৰিছিল।
নতুন নিৰ্দেশনা অনুসৰি, প্ৰথমে অৱৈধ দখলকাৰীক উচ্ছেদৰ জাননী জাৰি কৰা হ’ব। ইয়াৰ পিছত বিষয়টো বন আৰু ৰাজহ বিভাগৰ বিষয়া সমন্বয়ে গঠিত এটা যৌথ কমিটীৰ ওচৰলৈ যাব। এই কমিটীয়ে দখলকাৰীসকলক শুনানি দিয়াৰ সুযোগ প্ৰদান কৰিব, যাতে তেওঁলোকে নিজৰ পক্ষত প্ৰমাণ দাখিল কৰিব পাৰে। কেৱল দখল অৱৈধ বুলি প্ৰতিষ্ঠিত হোৱাৰ পিছতেই উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে ‘স্পিকিং অৰ্ডাৰ’ জাৰি কৰি ১৫ দিনৰ সময় দিয়া হ’ব স্থান খালী কৰাৰ বাবে।
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, এতিয়ালৈকে চৰকাৰে প্ৰায় ১,২৫,৩২৬ বিঘা বনভূমি অৱৈধ দখলৰ পৰা মুক্ত কৰিছে। অৱশ্যে, কিছুমান দখলকাৰীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপি আপত্তি জনোৱাৰ ফলত কিছুমান অঞ্চলত উচ্ছেদ কাৰ্য্য সাময়িকভাৱে স্থগিত আছিল। কালিৰ ৰায়ে সমগ্ৰ প্ৰক্ৰিয়াটো অধিক সুসংহত কৰি দিলে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, ৰাজ্যত প্ৰায় ২০ লাখ বিঘাৰো অধিক বনভূমি এতিয়াও অৱৈধ দখলত আছে বুলি অনুমান কৰা হৈছে। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰে একেলগে থলুৱা জনগোষ্ঠীক বন অধিকাৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ মতে, উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু চৰকাৰৰ বন অধিকাৰ প্ৰদানৰ পদক্ষেপে ৰাজ্যত পুনৰ নতুনকৈ বনভূমি দখলৰ প্ৰৱণতা ৰোধ কৰাত সহায় কৰিব।
লগতে পঢ়কঃ Nagaon Eviction Drive : মধ্য অসমত চতুৰ্থ দিনাও অব্যাহত উচ্ছেদ অভিযান

