বটদ্ৰৱাঃ সাংসদ গৌৰৱ গগৈৰ আগমনক কেন্দ্ৰ কৰি শুকুৰবাৰে বটদ্ৰৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মীসকল সমুখ সমৰত লিপ্ত হয় (Gaurav Gogoi Batadrava Controversy)। এপিনে কংগ্ৰেছ কৰ্মী সকলে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি দিয়াৰ বিপৰীতে বিজেপি কৰ্মী-সমৰ্থক সকলে গৌৰৱ গগৈ মুৰ্দাবাদ, ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তুলিছে। আনকি কংগ্ৰেছ কৰ্মীৰ লগত একাংশ বিজেপি কৰ্মীৰ হতাহতিৰো সৃষ্টি হয়।
উল্লেখযোগ্য যে “সময় পৰিৱৰ্তন, মাটি বচাওক, জাতি বচাওক” শীৰ্ষক যাত্ৰাৰ কাৰ্যসূচীৰ অংশ হিচাপে শুকুৰবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উপস্থিত হৈছিল। গগৈক সংগ দিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইন, বিধায়ক নূৰুল হুদা,শিবামণি বৰাই, দেৱব্ৰত শইকীয়া, ভুপেন বৰা,ৰিপুন বৰা, জিতেন্দ্ৰ সিং সহ কংগ্ৰেছৰ একাধিক জ্যেষ্ঠ নেতাই।
কিন্তু সাংসদ গৌৰৱ গগৈয়ে বটদ্ৰৱা থানত প্ৰৱেশ কৰাৰ সময়তেই বটদ্ৰৱা থান চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।একাংশ বিজেপি কৰ্মীয়ে “গৌৰৱ গগৈ মুৰ্দাবাদ”, “পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ মুৰ্দাবাদ”, “গৌৰৱ গগৈ গ’ বেক” আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
বিজেপি কৰ্মীসকলে কয়, এতিয়া গৌৰৱ গগৈ নিৰ্লজ্জৰ দৰে বটদ্ৰৱা থানলৈ আহিছে। যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাক সন্দেহযুক্ত বাংলাদেশীক গটাই দিছিল। বিজেপি চৰকাৰে সন্দেহযুক্ত বাংলাদেশীক উচ্ছেদ কৰি বটদ্ৰৱাৰ ভূমি বেদখলমুক্ত কৰে।
বিজেপিৰ বহু কেইগৰাকী মহিলা কৰ্মীয়ে বিধায়িকা শিবামণি বৰাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইজৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব নাই বুলি অভিযোগ কৰি তেওঁ এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতিহে আন্তৰিকতা আছে বুলি কয়। তেওঁলোকে কয়, গুৰুজনাৰ জন্মস্থানলৈ অহাত আমাৰ আপত্তি নাই। কিন্তু বিশাল গাড়ীলৈ দলবল সহ জাতি-মাটিৰ শ্লোগান দি ৰাজনীতি কৰিব বিচৰাৰ বাবেহে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। এই ভূমি তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত বেদখল হৈ থকা সম্পৰ্কত আমি প্ৰশ্ন সোধাত প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি কংগ্ৰেছ নেতা সকল এই ঠাইৰ পৰা আতৰি যায়।
প্ৰতিবাদ সাব্যস্ত কৰা বিজেপি কৰ্মী সকলে বটদ্ৰৱাৰ ভূমি বেদখলমুক্ত কৰি গুৰুজনাৰ জন্মস্থান সুৰক্ষা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ধন্যবাদ জনোৱা বেনাৰ লৈ পথত অৱস্থান গ্ৰহণ কৰে।
ইফালে, সমান্তৰালভাৱে কংগ্ৰেছ কৰ্মীসকলে “গৌৰৱ গগৈ জিন্দাবাদ” ধ্বনিৰে প্ৰদান কৰে। দুয়োপক্ষৰ শ্লোগানত অঞ্চলটোত উত্তেজনাময় পৰিস্থিতি সৃষ্টি হয়।
এই ঘটনাক লৈ সাংসদ গৌৰৱ গগৈৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰিপুন বৰাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, “গুৰুজনাই অসমীয়া সত্বাৰে এটা বিশুদ্ধ ধৰ্ম আমাক দিছিল। উদাৰ সাম্যবাদী চিন্তাৰে গুৰুজনাই অসমীয়া জাতিটোক গঢ়িছিল। বৰদলৈয়ে এই যাত্ৰা নিৰ্বাচনকেন্দ্ৰিক নহয় বুলি মন্তব্য কৰি অসমত সাম্প্ৰদায়িক বিষবাস্প চটিওৱা যি ৰাজনীতি চলিছে তাৰ বিৰুদ্ধে ই সজাগতাৰ অভিযান বুলি কয়।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অসমত শান্তিপ্ৰিয়, উৎপাদনমুখী এখন সমাজ গঢ় দিব বিচাৰে বুলি মন্তব্য কৰি কয়, “ভাতৃত্ববোধৰে আমি অসমখন আগুৱাই নিব পাৰো সেই প্ৰচেষ্টাহে অব্যাহত ৰাখিছো।” গগৈয়ে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কোনো শাসক -বিৰোধী পক্ষ নাই। ইয়াত সকলোৱে গুৰুজনাৰ ভক্ত হিচাপেহে উপস্থিত হোৱা বুলি মন্তব্য কৰে।
ইপিনে কংগ্ৰেছ নেতা ৰিপুন বৰাই বিজেপিয়ে শংকৰদেৱৰ আদৰ্শ বিজেপিয়ে কুঠাৰাঘাত কৰিছে বুলি অভিযোগ কৰি ই অক্ষমণীয় অপৰাধ বুলি কয়। তেওঁ কয় এনেকুৱা আসুৰিক কাৰ্যত অসমৰ ৰাইজে সমৰ্থন নকৰে।
লগতে পঢ়কঃ গুৰুজনাৰ আশীষ লৈ নগাঁৱত কংগ্ৰেছৰ ‘ সময় পৰিবৰ্তনৰ যাত্ৰা আৰম্ভ

