PM Narendra Modi Lays Foundation Stone of Guwahati–Silchar High-Speed Corridorপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটী–শিলচৰ হাইস্পীড কৰিড’ৰৰ ভূমি পূজন

শিলচৰঃ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজৰ দূৰত্ব আৰু অধিক হ্ৰাস কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে গুৱাহাটী–শিলচৰ হাইস্পীড কৰিড’ৰৰ আজি ভূমি পূজন সম্পন্ন কৰে (Guwahati–Silchar High-Speed Corridor)। ২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই বৃহৎ প্ৰকল্পটোৱে গুৱাহাটী আৰু শিলচৰৰ মাজৰ যাত্ৰা সময় মাত্ৰ ৫ ঘণ্টালৈ হ্ৰাস কৰাৰ লগতে ৰাজ্যখনৰ বাণিজ্য, পৰ্যটন আৰু সামগ্ৰিক উন্নয়নত নতুন গতি সঞ্চাৰ কৰিব । তদুপৰি শিলচৰ নগৰৰ বহুপ্ৰতীক্ষিত উৰণ সেতু আৰু পাথাৰকান্দিত কৃষি মহাবিদ্যালয়ৰ ভূমি পূজনো তেওঁ সম্পন্ন কৰে। প্ৰধানমন্ত্ৰী মোদীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন উত্তৰীয় আৰু দুৰ্গা দেৱীৰ প্ৰতিমূৰ্তি উপহাৰ দিয়ে।

তদুপলক্ষে শিলচৰত অনুষ্ঠিত সভাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰসংগত কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, “য’তেই কংগ্ৰেছীসকলৰ মগজুৰ তলা য’ত বন্ধ হৈ পৰে, তাতেই আমাৰ কামৰ আৰম্ভণি ঘটে।” প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটী–শিলচৰ হাইস্পীড কৰিড’ৰৰ প্ৰসংগত কয়, “ই কেৱল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প নহয়, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ দশক পুৰণি অপেক্ষাৰ অন্ত। এই কৰিডৰৰ জৰিয়তে শিলচৰ, মিজোৰাম মনিপুৰ, ত্ৰিপুৰা আদিৰ সংযোগ হব। এই তিনি ৰাজ্যৰ আগত বাংলাদেশ আৰু ম্যানমাৰ আছে। তাৰ আগত দক্ষিণ পূব এছিয়াৰ বৃহৎ বজাৰ আছে। সেয়ে আজি এক উজ্জ্বল ভৱিষ্যতৰ সংযোগৰ শিলান্যাস হৈছে। ইয়াৰ পৰা অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষক সকলেও লাভান্বিত হব। নতুন প্ৰজন্ম লাভান্বিত হ’ব এই সংযোগৰ ফলত উদ্যোগ ক্ষেত্ৰ, পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন হব।”

কংগ্ৰেছ দলক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “১৯৪৭ চনত কংগ্ৰেছে ভাৰতৰ মানচিত্ৰ এনেদৰে সলনি কৰিছিল যে অসমৰ বৰাক উপত্যকা আৰু বংগোপসাগৰৰ সৈতে জড়িত এক প্ৰাচীন বাণিজ্য পথ চিৰদিনৰ বাবে বিচ্ছিন্ন হৈ পৰিছিল ।” তেওঁ লগতে কয়, “কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলক অবজ্ঞা কৰি এৰি দিছিল। একেদৰে বৰাক উপত্যকাকো বঞ্চিত কৰিছিল। যি বৰাক উপত্যকা এসময়ত উদ্যোগীক কেন্দ্ৰ আছিল, যি বৰাক উপত্যকা ৰেল যোগাযোগ আছিল কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত সেই বৰাক উপত্যকাৰ শক্তি কাঢ়ি নিলে। স্বাধীনতাৰ পিছত কংগ্ৰেছ চৰকাৰে বৰাক উপত্যকাৰ উন্নয়নৰ বাবে একো নকৰিলে। কিন্তু বিজেপি চৰকাৰৰ দিনত এই স্থিতি সলনি হৈছে। বিজেপি চৰকাৰে বৰাক উপত্যকাক বাণিজ্যিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰিছে।”

প্ৰধানমন্ত্ৰীয়ে বৈচিত্ৰ্যৰ মাজতো একতাই অসমৰ শক্তি বুলি অভিহিত কৰি কয়, “এই বৰাক উপত্যকাই কেৱল অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম বংগকো সংযোগ কৰিছে।

ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছত্ৰছায়াত অসমে এতিয়া এক স্বৰ্ণিল ভৱিষ্যতৰ দিশে গতি কৰিছে বুলি মন্তব্য কৰে। তেওঁ কয়, “অসমত এতিয়া উন্নয়ন আৰু বিকাশে সকলোকে স্পৰ্শ কৰিছে। বিজেপি চৰকাৰৰ দিনত চাহ শ্ৰমিক সকলেও ভূমিৰ অধিকাৰ লাভ কৰিছে।”

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ” অসমত দৰিদ্ৰতাৰ লগত যুঁজ দিয়াই হওক, উন্নয়নৰ গংগা বোৱাই অনা হওক বা শান্তিৰ পৰিৱেশ সৃষ্টি কৰাই হওক এই সকলোতে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আমি বৃহৎ ভেটি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। এতিয়া অসমে কেৱল সন্মুখলৈ চাব। পিছলৈ ঘূৰি নাচায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বিকশিত ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্পৰে আগবাঢ়ি গৈছে। আমাৰ প্ৰচেষ্টা হব ভাৰতৰ বিকাশৰ লগে লগে অসমকো শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়া।”

লগতে পঢ়কঃ ইনডৰ ষ্টেডিয়াম উদ্বোধন কৰিবলৈ আহি জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা


Advertisement