Hayborgaon Press Club Iftar Mehfil Promotes Harmony in Nagaonহয়বৰগাঁও প্ৰেছ ক্লাৱৰ সমূহীয়া ইফতাৰ মেহফিলত সাংবাদিক-শিক্ষাবিদ-বুদ্ধিজিৱীৰ অংশগ্ৰহণ

নগাঁওঃ বিশ্ব শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ প্ৰতীক পৱিত্ৰ ৰমজান মাহত সমূহীয়াকৈ ইফতাৰ মেহফিলৰ আয়োজন কৰিছে হয়বৰগাঁও প্ৰেছ ক্লাবে। প্ৰতি বছৰে হিন্দু মুছলমানৰ সহযোগত এনেদৰে ব্যতিক্ৰমী ৰূপত ইফতাৰ পাৰ্টী অনুষ্ঠিত কৰি সদাশয় ৰাইজৰ মাজত সম্প্ৰীতিৰ বাৰ্তা বিলাই আহিছে হয়বৰগাঁও প্ৰেছ ক্লাব। এই বেলি সোণাই একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুলত হয়বৰগাঁও প্ৰেছ ক্লাবে অনুষ্ঠিত কৰিছে পৱিত্ৰ ইফতাৰ মেহফিলৰ (Hayborgaon Press Club Iftar Mehfil)।

হয়বৰগাঁও প্ৰেছ ক্লাৱৰ সভাপতি দিব্যজ্যোতি বৰুৱা, সম্পাদক মোস্তাফা কামাল, উপদেষ্টা ডাঃ কামাল হাছান আৰু প্ৰেছ ক্লাৱৰ সমূহ কৰ্মকৰ্তাৰ সহযোগত অনুষ্ঠিত হোৱা ইফতাৰ মেহফিলত জুৰীয়া মহাবিদ্যালয়ৰ প্ৰৱক্তা ডঃ আলবিন মোস্তাক,শিঙিমাৰী হস্পিতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ আছিকুজ্জামান, ধিং হস্পিতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বাহাৰুল ইছলাম, ভকতগাঁও পঞ্চায়তৰ সভাপতি বাহাৰুল ইছলাম, সোণাই একাডেমীৰ অধ্যক্ষ ড০ ছাহজাহান আহমেদ,জিনিয়াছ একাডেমীৰ অধ্যক্ষ মোজাক্কিৰ হোছেইন, শিক্ষাবিদ ছিদ্দিক আলী, প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধী কেন্দ্ৰৰ স্বত্বাধিকাৰী হাফিজুৰ ৰহমান, নগাঁও মাৰ্কাজ একাডেমীৰ জ্যেষ্ঠ শিক্ষক বাহাৰুল ইছলাম,মৈৰাবাৰীৰ জ্যেষ্ঠ সাংবাদিক ছাইফুল ইছলাম, বেবেজীয়াৰ জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা, অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিক আব্দুল মতিন চৌধুৰী,জুৰীয়া প্ৰেছ ক্লাৱৰ সভাপতি প্ৰাঞ্জল শইকীয়া,চলচলি গাওঁৰক্ষী বাহিনীৰ সভাপতি হোছেইন আলী পৰধানী, প্ৰৱক্তা আলহাজ মীৰান হাদী আহমেদ,বিমল সুত্ৰধৰ, আবুল কালাম আজাদকে আদি কৰি দুশৰো অধিক গন্য মান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

পৱিত্ৰ ৰমজান মাহ উপলক্ষে হয়বৰগাঁও প্ৰেছ ক্লাৱৰ সমূহীয়া ইফতাৰ মেহফিলত সোণাইঘাট চলচলি হাফিজীয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক হাফিজ ৰফিকুল ইছলামে পৱিত্ৰ কোৰান শ্বৰীফ পাঠ কৰি বিশ্ব শান্তিৰ বাবে একতা আৰু ভাতৃত্ববোধ অটুট ৰাখিবলৈ সকলোক আহ্বান জনাই পৰম কৰুণাময় আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে। গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনায় হয়বৰগাঁও প্ৰেছ ক্লাৱৰ সম্পাদক মোস্তাফা কামালে।

লগতে পঢ়কঃ নগাঁও জিলা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশনখন সম্পন্ন


Advertisement