নগাঁওঃ ৫৭ বছৰীয়া হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে যোৱা মাজনিশাই মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপম কৰাৰ উদ্যেশ্যে মুখ্যমনত্ৰীৰ চৰকাৰী বাসগৃহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শুভাকাংখীয়ে ভিৰ কৰে (Himanta Biswa Sarma birthday celebration)। মুখ্যমন্ত্ৰীয়েও অনুৰাগীৰ শুভেচ্ছা গ্ৰহণ কৰে মাজনিশাই।
কেৱল এয়াই নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপন কৰে বিভিন্নজনে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ ধিঙত ধৰ্মীয় সংখ্যালঘু সমাজেও উদযাপন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন।
ধৰ্মীয় সম্প্ৰীতি আৰু সামাজিক ঐক্যৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰি ধিং সমষ্টিৰ বাটমাৰী অঞ্চলত সংখ্যালঘু সমাজৰ লোকে মাজ নিশা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৫৭ সংখ্যক ওপজা দিন উদযাপন কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে বাটমাৰীত আয়োজন কৰা এই বিশেষ কাৰ্যসূচীত সংখ্যালঘু সমাজৰ যুৱক-বৃদ্ধ একেলগে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে কেক কাটি আনন্দ উদযাপনৰ লগতে আল্লাহৰ ওচৰত দোৱা আৰু প্ৰাৰ্থনা কৰে সংখ্যালঘু সমাজে। সম্পুৰ্ণ ধৰ্মীয় নিয়ম অনুসৰিয়েই মুখ্যমন্ত্ৰী গৰাকীৰ দীৰ্ঘায়ু , সুস্বাস্থ্য আৰু ৰাজ্যখনৰ উন্নয়নৰ ধাৰা অব্যাহত থাকিবৰ বাবে দুৱা প্ৰাৰ্থনা কৰে ধিঙৰ মুছলমান সমাজৰ লোকসকলে।
মাজনিশা কেক কাটি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপনৰ উদ্যোগ লোৱা সকলে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত উন্নয়ন, শান্তি আৰু সামগ্ৰিক অগ্ৰগতিৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ধৰ্ম, জাতি, ভাষাৰ ভেদাভেদ নোহোৱাকৈ সকলো নাগৰিকৰ উন্নয়নৰ বাবে চৰকাৰে লোৱা পদক্ষেপসমূহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে উপস্থিত লোকসকলেও।
বাটমাৰী যুৱক সংঘ, দক্ষিণ বাটমাৰী আৰু পূৱ ভোমোৰাগুৰী গাঁও ৰক্ষী বাহিনীৰ যৌথ উদ্যোগত মুখ্যমন্ত্ৰীৰ জন্মদিনটো উদযাপন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে কেক কাটাৰ উপৰি দুৱা মেহফিল, সামাজিক আলোচনা আৰু শুভেচ্ছা বিনিময় অনুষ্ঠিত হয়।
অনুষ্ঠানত অংশগ্ৰহণ কৰা স্থানীয় লোকে কয় যে, মুখ্যমন্ত্ৰীৰ জন্মদিন সংখ্যালঘু সমাজে এইদৰে উদযাপন কৰা কাৰ্যই অসমত বিদ্যমান ধৰ্মীয় সম্প্ৰীতি আৰু ভাতৃত্ববোধক আৰু অধিক দৃঢ় কৰিব। আগন্তুক দিনবোৰতো অসমৰ শান্তি-সম্প্ৰীতি আৰু উন্নয়নৰ যাত্ৰা অব্যাহত থাকিব বুলি আশাব ব্যক্ত কৰে সকলোৱে।
লগতে পঢ়কঃ সৰ্বাৰ বৰঘৰৰ পৰাই হিমন্তক পৰৱৰ্তী মুখ্যমন্ত্ৰী ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ
