গুৱাহাটীঃ World economy forum ত অংশগ্ৰহণ কৰিবলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ছুইজাৰলেণ্ডৰ ডেভছৰ পৰাই অসমৰ উন্নয়নৰ বাৰ্তা প্ৰেৰণ কৰে (Himanta Biswa Sarma Davos Assam Development)।
এক ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পিচত আন এখন আচনি আৰম্ভ হব। সেইখন হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি ।এই আচনিৰ জৰিয়তে ৭৫ হাজাৰ যুৱকক ২ লাখ টকাকৈ আগবঢ়োৱা হব। অহা ৭ ফেব্ৰুৱাৰীত কামৰূপ মেট্ৰ’ত এই আঁচনিখনৰ শুভাৰম্ভ হব। প্ৰথম কিস্তিয একলাখ টকা বিতৰণ কৰা হব। ইয়াৰ পিচত ১২ খন সভা অনুষ্ঠিত হব।
ডিব্ৰুগড়,তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰৰ হিতাধিকাৰী সকললৈ ডিব্ৰুগড়ত এখন সভা অনুষ্ঠিত হব। বিশ্বনাথ, শোণিতপুৰ, দৰঙৰ হিতাধিকাৰী সকলকলৈ তেজপুৰত এখন সভা অনুষ্ঠিত হব।বাক্সা, তামুলপুৰ ওদালগুৰিৰ হিতাধিকাৰী সকলকলৈ তামুলপুৰ বা ওদালগুৰিত সভা অনুষ্ঠিত হব। মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ হিতাধিকাৰী সকলকলৈ নগাঁও জিলাত সভা অনুষ্ঠিত হব।
ডঃ শৰ্মাই চাহ জনগোষ্ঠীৰ শ্ৰমিক সকলৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ কথা উল্লেখ কৰি কয় যে- ২৫ জানুৱাৰী ৰাতিপুৱা এটি কলি দুটি পাত আঁচনিখনৰ শুভাৰম্ভ হব। ডুমডুমা চাহবাগিচাত আৰম্ভ হব এই আঁচনি। এই আঁচনিৰ অধীনত অসমৰ প্ৰতিখন চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্ৰমিকসকলে ৫ হাজাৰ টকাকৈ লাভ কৰিব।তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহি অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ স্থাপন কৰিব বুলিও উল্লেখ কৰে।
ডঃ শৰ্মাই অসমৰ বিভিন্ন বিভাগত প্ৰদান কৰিবলগীয়া নিযুক্তি সমূহৰ বিষয়ে উল্লেখ কৰি কয় যে- অহা ১১- ১২ ফেব্ৰুৱাৰীত ৭৫ জন লোকনিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তাক নিযুক্তি দিয়া হব। তদুপৰি ১৯৫ জন এ ডি অ ক নিযুক্তি দিয়া হব।মীণ বিভাগৰ ৬৫ জনক নিযুক্তি দিয়া হব। এনফৰ্চমেন্ট ইন্সপেক্টৰ ২৫ জনক নিযুক্তি দিয়া হব। কনিষ্ঠ অভিযন্তা চিভিল ৬৪২ জনক নিযুক্তি দিয়া হব। এচিষ্টেন্ট পি পি এডিচনেল পি পি ২৪১ জনক নিযুক্তি দিয়া হব। এনেদৰে ২০০০ নিযুক্তি দিয়া হব।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সদৰী কৰামতে- অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীলৈ আহি গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ সংযোগী বিশাল দলং খন উদ্বোধন কৰিব। ইণ্ডিয়ান ইন্সটিটিউট অৱ মেনেজমেণ্টৰো শুভাৰম্ভ কৰিব। এশ ইলেক্ট্ৰিক বাছো তেওঁ অসমক উপহাৰ দিব।তদুপৰি মৰাণত এডাভান্স লেণ্ডিং ফেচেলিটিৰ জৰিয়তে বায়ু সেনাৰ বিমানৰে ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব পাৰিব নেকি তাৰ বাবেও প্ৰধানমন্ত্ৰীক অনুৰোধ জনোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে দ্বিতীয়বাৰ অসমলৈ আহি কোকৰাঝাৰ আৰু গেলেফুৰ মাজৰ ৰেললাইন এটা উদ্বোধন কৰিব। গুৱাহাটীৰ পৰা শিলচৰলৈ ২২ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ হবলগীয়া এক্সপ্ৰেছ হাইৱেৰো প্ৰধানমন্ত্ৰীয়ে নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনাইছো।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমে দক্ষতা বিকাশৰ ক্ষেত্ৰত এক বহুমুখী পদক্ষেপ গ্ৰহণ কৰিছে। অহা কেইসপ্তাহমানৰ ভিতৰত ১০,০০০ ছাত্ৰ-ছাত্ৰীক বছৰি প্ৰশিক্ষণ দিব পৰাকৈ এক সমৰ্পিত দক্ষতা বিশ্ববিদ্যালয় উদ্বোধন কৰা হ’ব।
তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অসমত প্ৰদৰ্শিত বাগৰুম্বা নাচ প্ৰধানমন্ত্ৰীৰ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰায় ২ কোটি মানুহ দৰ্শন কৰিছে। সকলোৱে ইয়াৰ প্ৰশংসা কৰাৰ লগতে বিদেশৰ লোক সকলেও ইয়াৰ বিষয়ে জানিবলৈ উৎসুকতা প্ৰকাশ কৰিছে। ই অসমৰ কৃষ্টিক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰাব।
লগতে পঢ়কঃ এটা মাহত দুবাৰকৈ অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
