গুৱাহাটীঃ শুক্ৰবাৰে অসম চৰকাৰৰ ADRE ৰ অধীনত নিযুক্তি লাভ কৰা প্ৰাৰ্থীত্বসকলক নিযুক্তি পত্ৰ বিতৰণ কৰি এবছৰৰ ভিতৰতে বিয়া পাতিবলৈ পৰামৰ্শ আগবঢ়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma marriage advice)।
অসমীয়া ল’ৰা ছোৱালীয়ে দুটাৰ পৰা তিনিটাকৈ সন্তান জন্ম নিদিলে অসমীয়া জাতি সংকটত পৰাৰ আশংকা ব্যক্ত কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বয়স ৩০ বছৰ হোৱাৰ আগতেই বিয়া পাতি দুটাৰ পৰা তিনিটা পৰ্যন্ত সন্তান জন্ম দিয়াৰ পৰামৰ্শ আগবঢ়ায় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অন্যথা অসমতে অসমীয়া এদিন সংখ্যালঘুত পৰিণত হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
শুক্ৰবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি বিষ্ণু ভৱনত ADRE ৰ অধীনত চতুৰ্থ বৰ্গৰ ৪,৩৭৪ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় (ADRE appointment Assam)।
নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয়, “যাৰ যাৰ বিয়া হোৱা নাই আজি নিযুক্তি লাভ কৰাৰ পাছত এবছৰৰ ভিতৰতে বিয়া পাতক। এবছৰতকৈ দেৰি কৰিব নালাগে। আমাৰ অসমীয়া যুৱকে বিয়া পাতোঁতে পাতোঁতে ৩০-৩২ বছৰ লগাই দিয়ে (Assam CM population concern)। এনেকৈ আমাৰ অসমীয়াৰ সংখ্যা কমি গৈছে। অসমীয়া গাঁৱত গলে বাচ্চা দেখাই নাপায়। কিন্তু ধুবুৰী, মানকাছাৰ গলে বাচ্চাই বাচ্চা। তেতিয়া মই ভাবোঁ ২০-৩০ বছৰ পাছত অসমীয়া মানুহ নোহোৱা হৈ যাব (Assamese population decline)।”
সোমবাৰে প্ৰদান কৰা নিযুক্তিৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ নিযুক্তিৰ সংখ্যা প্ৰায় ডেৰ লাখৰ দিশে আগবাঢ়িছে।
সোমবাৰে নিযুক্তি পত্ৰ প্ৰদান কৰি কোনো লোকৰ পৰাই পইচা নোখোজাৰ একপ্ৰকাৰ শপতবাক্য পাঠ কৰালে মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে, শুক্ৰবাৰে ADRE ৰ অধীনত ৰাজ্য চৰকাৰৰ কেবাটাও বিভাগত প্ৰদান কৰা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত নিৰ্দিষ্ট বিভাগসমূহৰ মন্ত্ৰীসকলো উপস্থিত থাকে।
