চকীহোলা: গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী চকীহোলাত সংঘটিত হোৱা ভয়াৱহ যুঁজাৰু বিমান দুৰ্ঘটনাৰ পাছত বৰ্তমান এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। যদিও প্ৰাৰম্ভিক খবৰত পাইলটজন সুৰক্ষিত বুলি অনুমান কৰা হৈছিল, কিন্তু শেহতীয়া তথ্য অনুসৰি বৰ্তমানলৈকে তেওঁৰ কোনো নিশ্চিত সন্ধান পোৱা হোৱা নাই।- Fighter Jet Crashes in Karbi Anglong
নিলীপ ব্লকৰ অন্তৰ্গত এক দুৰ্গম আৰু ঘন হাবিৰে ভৰা পাহাৰীয়া অঞ্চলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট বাধাৰ সৃষ্টি হৈছে। চকীহোলা আৰক্ষী আৰু উদ্ধাৰকাৰী বাহিনীয়ে নিশাৰ অন্ধকাৰৰ মাজতো পাইলটজনক বিচাৰি তালাচী চলাই আছে। স্থানীয় ৰাইজে সন্ধিয়া প্ৰায় ৭ বজাত শুনা সেই প্ৰচণ্ড বিস্ফোৰণৰ শব্দৰ উৎস লক্ষ্য কৰি অনুসন্ধান অব্যাহত ৰাখিছে।
তেজপুৰস্থিত ভাৰতীয় সেনাবাহিনীৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ (PRO) মতে, যোৰহাটৰ পৰা উৰা মৰা Su-30 MKI যুঁজাৰু বিমানখনৰ সৈতে সন্ধিয়া ৭:৪২ বজাৰ পাছৰে পৰা কোনো যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই। বৰ্তমান বায়ুসেনাই এক বিশেষ ‘চাৰ্চ এণ্ড ৰেছকিউ’ (Search and Rescue) অভিযান আৰম্ভ কৰিছে। পাইলটজনৰ অৱস্থান ধৰা পেলাবলৈ অত্যাধুনিক প্ৰযুক্তিৰ সহায় লোৱা হৈছে।

