নগাঁওঃ নগাঁও বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় ‘কৃত্ৰিম বুদ্ধিমত্তা’ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয় (International Artificial Intelligence Conference)। বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডঃ পৰীক্ষিত গগৈয়ে আঁত ধৰা সন্মিলনখনত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাই আদৰণী ভাষণ প্ৰদান কৰে।
এই সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তাই চিকিৎসাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পৰিৱৰ্তন আনিব বুলি নৰ্থ কেৰ’লিনা বিশ্ববিদ্যালয়ৰ সহযোগী উপাচাৰ্য আৰু মুখ্য গৱেষণা বিষয়া ড০ গণেশ বৰাই তেওঁৰ মূল ভাষণত অৱগত কৰে। এই সন্মিলনত অংশগ্ৰহণ কৰে নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ৰাজমোহন নাথ স্মাৰক ন্যাসৰ সঞ্চালক দিলীপ ভাৰতীয়ে। দিলীপ ভাৰতীয়ে বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ দিনত কৃত্ৰিম বুদ্ধিমত্তাই কেনেদৰে শিক্ষা, চিকিৎসাৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিব পাৰে, সেই সম্পৰ্কে অৱগত কৰে।
পুৱা ৯বজাৰ পৰা বিয়লি ৪.৩০ বজালৈকে অনুষ্ঠিত এই সন্মিলনখন বিভিন্ন সত্ৰত অনুষ্ঠিত হয়। ডঃ গনেশ বৰাই শিক্ষাখণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ, ব্যৱহাৰৰ বিষয়ে ব্যাখ্যা কৰে। এই সত্ৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দেলাৱেৰ বিশ্ববিদ্যালয়ৰ গৱেষক ডঃ ভাস্বতী কাশ্যপে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰত্বৰ বিষয়ে অৱগত কৰে। সন্মিলনৰ তৃতীয় সত্ৰত দিলীপ ভাৰতীয়ে সামগ্ৰিক বিষয়সমূহৰ এক সাৰাংশ দাঙি ধৰে।
চতুৰ্থ সত্ৰত সমল ব্যক্তি দেৱাঞ্জন বৰঠাকুৰে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত কেনেদৰে মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিব পাৰি, সেই সম্পৰ্কে নিজৰ মত প্ৰকাশ কৰে। পৰৱৰ্তী সত্ৰসমূহত অংশগ্ৰহণ কৰে ক্ৰমে গুৱাহাটীৰ চিটিঅ এট ভিন্টেজৰ।
সহ প্ৰতিষ্ঠাপক অঞ্জন পাঠক, আসাম এজেন্টিকচ ফাউণ্ড্যেশ্যনৰ সমন্বয়ক মনদ্বীপ চক্ৰৱৰ্তী, গুৱাহাটীস্থিত ডিজিটেল এজেন্সী ‘ইনফ্লুৱেন্স’ৰ প্ৰতিষ্ঠাপক অৰিন্দম গোস্বামী, নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অংকুৰ গোস্বামী, গুগল ডেভেলপমেন্টৰ আয়োজক আচভিজা ভিজয়েণ্ড্ৰা, বাংগালোৰৰ ইকম চায়েন্স কনচাল্টিং প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক অৰ্চনা ভাৰতী আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ তথা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ক’ডিং ক্লাবৰ সদস্য তুষাৰ ৰঞ্জন শইকীয়াই।
এদিনীয়াকৈ আয়োজিত এই সন্মিলনত নগাঁও বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অনলাইনযোগে সমল ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে।
লগতে পঢ়কঃ নগাঁৱত আৰম্ভ হ’লচিটি বাছ সেৱা

