Progressive Women Farmers Felicitated on International Women’s Day in Nagaonনগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰগতিশীল মহিলা-কৃষক-উৎপাদকক বিশেষ সম্বৰ্দ্ধনা

নগাঁও : আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস ২০২৬ ৰ সৈতে সংগতি ৰাখি নাবাৰ্ডৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত কালি ১২ মাৰ্চৰ দিনা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয় (International Women’s Day Nagaon)। নাৱাৰ্ডৰ (NABARD) জিলা উন্নয়ন প্ৰৱন্ধক ৰাজেন্দ্ৰ পেৰ্ণাই আঁতধৰা অনুষ্ঠানটোত এইবাৰৰ নাৰী দিৱস ‘মহিলা কৃষকৰ’ মূল বিষয়বস্তুৰ সৈতে সঙ্গতি ৰাখি মহিলা কৃষকসকলৰ সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানক বিশেষভাৱে স্বীকৃতি প্ৰদান কৰা হয়।

অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সভাত জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ সফল মহিলাসকলক বিশেষভাৱে সম্বৰ্ধনা জনায়। এই সম্বৰ্ধনা লাভ কৰা মহিলাসকলৰ ভিতৰত- প্ৰগতিশীল কৃষক, বেংকাৰ, উদ্যমী, শিক্ষয়িত্ৰী, শিল্পী, অধিবক্তা তথা আত্মসহায়ক গোট আৰু কৃষক উৎপাদক সংগঠকৰ লগত জড়িত মহিলাসকল । জিলা আয়ুক্তই তেওঁৰ ভাষণত পাৰিবাৰিক উৎপাদনশীলতাৰ গুৰুত্ব ব্যাখ্যা কৰে আৰু সমাজৰ হিতৰ বাবে কাম কৰাৰ সমান্তৰালকৈ মহিলাসকলক নিজৰ ৰুচি অনুসৰি উৎপাদনশীল কামত জড়িত হোৱাৰ আহ্বান জনায়। অনুষ্ঠানত সহকাৰী জিলা আয়ুক্ত তেজস অগ্নিহোত্ৰী , এল.ডি.এম, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী, জিলা কৃষি বিষয়া, জিলা মীন বিষয়া আৰু জিলা গ্ৰামীণ মহিলা উদ্যমিতা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালকসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানটোত কেইবাগৰাকীও সফল মহিলাই নিজৰ অভিজ্ঞতা আৰু কৃতজ্ঞতা প্ৰকাশ কৰে।

লগতে পঢ়কঃ বগা চাহাবৰ শাসনকালতে বিধায়ক নিৰ্বাচিত হোৱা ওচমান আলি সদাগৰৰ বিষয়ে জানো আহক


Advertisement