Jiten Saikia Death: Nagaon’s Oldest Newspaper Distributor Passes Away'দৈনিক অসম'ৰ বিলনীয়া জিতেন শইকীয়াৰ মৃত্যু

নগাঁওঃ সুদীৰ্ঘ ৪৪ বছৰ ধৰি নগাঁও জিলাৰ বিভিন্ন অঞ্চলত ‘দৈনিক অসম’ আৰু ‘দ্যা আছাম ট্ৰিবিউন’ বিতৰণ কৰি অহা বাতৰি কাকত বিলনীয়া জিতেন শইকীয়াৰ আজি পুৱা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় (Jiten Saikia Death)।

নগাঁৱৰ বাদলগাঁও নিবাসী শইকীয়াই ৰ’দ- বৰষুণ নেওচি নিষ্ঠাৰে বাতৰি কাকত বিতৰণ কৰি আহিছিল। তেওঁ নগাঁৱৰ ‘পূৰ্ণিমা শইকীয়া এজেন্সী’ নামৰ বাতৰি কাকত বিতৰক প্ৰতিষ্ঠানটোত কৰ্মৰত আছিল।

১৯৮২ চনৰ পৰা বাতৰি কাকত বিলনীয়া হিচাপে কৰ্মৰত জিতেন শইকীয়া নগাঁৱৰ আটাইতকৈ পুৰণি বাতৰি কাকত বিলনীয়া। তেওঁ প্ৰথম বাতৰি কাকত বিতৰণ কৰোতে ‘দৈনিক অসম’ৰ মূল্য আছিল ২৫ পইচা, ‘দ্যা আছাম ট্ৰিবিউন’ৰ মূল্য আছিল ৩০ পইচা আৰু ‘অসম বাণী’ৰ মূল্য আছিল ৪০ পইচা।

বিভিন্ন সামাজিক- সাংস্কৃতিক কাম- কাজৰ লগত জড়িত শইকীয়া ননৈ বাৰগঞা সমাজৰ লগত সক্ৰিয় ভাবে জড়িত আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৬৪ বছৰ আছিল।

তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী ,তিনিপুত্ৰ আৰু বোৱাৰীকে ধৰি বহু আত্মীয় স্বজন ইহসংসাৰত এৰি থৈ গৈছে। তেওঁৰ মৃত্যুত ‘পূৰ্ণিমা শইকীয়া এজেন্সী’ৰ স্বতাধিকাৰী মাধৱ শইকীয়াই শোক প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ Ajit Pawar plane crash death: বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু


Advertisement