Journalist Bulan Chandra Nath Honoured with Kanak Chandra Sharma Memorial Journalism AwardKanak Chandra Sharma Memorial Journalism Award: সাংবাদিক বুলন চন্দ্ৰ নাথলৈ কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা

ৰহাঃ দৈনিক জনমভূমি কাকতৰ প্ৰতিষ্ঠাপক প্ৰয়াত কনক চন্দ্ৰ শৰ্মাৰ সোঁৱৰণত ১৯৯২ চনৰ পৰা কাকত গোষ্ঠীয়ে প্ৰদান কৰি অহা এই সোঁৱৰণী বঁটা ( ২০২৫ বৰ্ষৰ বাবে) আজি প্ৰদান কৰা হয় ৰহাৰ জেষ্ঠ্য সাংবাদিক বুলন চন্দ্ৰ নাথক (Kanak Chandra Sharma Memorial Journalism Award)।

গুৱাহাটীৰ প্ৰাগ বিল্ডিঙৰ দৈনিক জনমভূমি কাৰ্যালয়ত এই বটাঁ প্ৰদান কৰা হয় । বিয়লি চাৰি বজাত এই বটাঁ প্ৰদান অনুষ্ঠানটিৰ আঁত ধৰে দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে (Assam Journalism Award)।

জনমভূমি কাকত গোষ্ঠীৰ অংশীদাৰ সুব্ৰুত শৰ্মা , প্ৰাগ- জনমভূমি গোষ্ঠীত ডঃ অ্ক্ষিতা নাৰায়ণ ,প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ ভূঞা,চন্দ্ৰ শেসৰ শৰ্মাকে ধৰি প্ৰাগ নিউজ আৰু জনমভূমি কাকতৰ সাংবাদিক আৰু কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে। এই বটাঁত আছে নগদ ১০ হাজাৰ টকা , অংগ বস্ত্ৰ আৰু প্ৰশস্তি পত্ৰ।

সাংবাদিক বুলন চন্দ্ৰ নাথৰ জন্ম নগাঁও জিলাৰ কলঙৰ পাৰত থকা দীঘলদৰি গাঁৱত। ১৯৬৮ চনত ১ মাৰ্চত জন্ম হোৱা বুলন চন্দ্ৰ নাথ প্ৰয়াত মনিৰাম নাথ আৰু প্ৰয়াত কেকৈ দেৱীৰ পুত্ৰ (Nagaon District Journalist)।

প্ৰাথমিক শিক্ষা গ্ৰহন কৰে ৯৮ নং দীঘলদৰি প্ৰাথমিক বিদ্যালয়ত। দীঘলদৰি কাকতি গাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ক’লা শাখাত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । ১৯৯১ চনত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা অসমীয়া মেজৰ পাঠ্যক্ৰম সহ স্নাতক ডিগ্ৰী লাভ কৰে ।

ছাত্ৰ অৱস্থাৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ পৰা বুলন নাথে ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে ।১৯৯৯ চনত ৰহাত ‘হোটেল স্মৃতি ‘ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ লগত জড়িত হোৱা নাথে ২০০১ চনৰ ১৫ নবেম্বৰত ” অসমীয়া খবৰ” কাকতৰ ৰহাৰ স্থানীয় সংবাদদাতা হিচাপে আত্মপ্ৰকাশ কৰে ।

ইয়াৰ পাছত ‘ জনসাধাৰণ’ কাকতৰ সংবাদদাতা হিচাপে কাম কৰি থকা অৱস্থাতে ২০১৫ চনত ‘ দৈনিক জনমভূমি ‘ কাকতৰ ৰহা সংবাদদাতা, ২০১৬ চনত ‘ দৈনিক অসম ‘ ,২০১৭ চনত ‘ আমাৰ অসম’ , ২০২০ চনত ‘ দৈনন্দিন বাৰ্তা’ কাকতৰ সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিল। অন্যহাতে ২০১৩ চনৰ পৰা NEWS LIVE TV’ ৰহাৰ সাংবাদিক আৰু ‘U.B. PHOTO’ৰ এগৰাকী ফটো সাংবাদিক হিচাপে কাম কৰি আছে (Assam Media News)।

বুলন চন্দ্ৰ নাথক নিষ্ঠা আৰু অনুসন্ধানমূলক বাতৰিৰ সংবাদদাতা হিচাপে ‘অসম প্ৰাদেশিক যোগী সন্মিলনী’ৰ ১০৫ বৰ্ষীয় জালাহ অধিবেশনত জনমভূমি কাকতৰ (যোৰহাট) এসময়ৰ উপসম্পাদক প্ৰয়াত মোহন কাকতি সোঁৱৰণিৰ আৰম্ভ কৰা ” প্ৰয়াত মোহন কাকতি সোঁৱৰণি বঁটা বুলন চন্দ্ৰ নাথক প্ৰদান কৰে।

লগতে পঢ়কঃ Muhiram Saikia Memorial Award :নগাঁৱৰ জেষ্ঠ সাংবাদিক ছফিকুৰ ৰহমানক মুহিৰাম শইকীয়া স্মৃতি বঁটা প্ৰদান


Advertisement