কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলাৰ বকালিয়াঘাটত মংগলবাৰৰ পৰা হোৱা উচ্ছেদ অভিযানত মুঠ ৩৫০ বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য লৈছে (Karbi Anglong Eviction Drive)। এই অভিযানত ইতিমধ্যে প্ৰায় ২,১৫৯টা ঘৰ, তিনিটা মছজিদ, এটা গীৰ্জা, এখন স্থানীয় বজাৰ, নামঘৰ আৰু কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি পেলোৱা হৈছে (Bakaliaghat eviction)।
উল্লেখযোগ্য যে, বলিয়াঘাটৰ গ্ৰাম্য চৰণীয়া পথাৰ (VGR) আৰু ব্যৱসায়ভিত্তিক চৰণীয়া পথাৰ (PGR) বেদখল মুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান চলোৱা হৈছে। ইতিমধ্যে ৬০০ ৰো অধিক পৰিয়াল উচ্ছেদৰ কৱলত পৰিছে (Karbi Anglong eviction)।
জিলা প্ৰশাসনে বৃহৎ সংখ্যক আৰক্ষী, বুলডজাৰ, বনকৰ্মী আদি লগতলৈ উচ্ছেদ চলায় (Assam eviction news)।
উচ্ছেদৰ বলি হোৱা একাংশ লোকৰ মতে তেওঁলোক দীৰ্ঘদিন ধৰি আছো। এতিয়া উচ্ছেদৰ ফলত আমি যাবলৈ ঠাই নাই। এই শীতৰ সময়ত প্ৰচণ্ড ঠাণ্ডাত আমি কলৈ যাম।
অভিযোগ উঠামতে শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাৰ নামঘৰো উচ্ছেদৰ কবলত পৰিছে। ২০০২ চনতে প্ৰতিষ্ঠা কৰা নামঘৰভাগ ৰাখিবৰ বাবে ৰাইজে আবেদন কৰিছিল বুলিও স্থানীয় লোকে কয়। নামঘৰ ভাগ ভাঙি পেলোৱাত মৰ্মাহত হোৱা বুলিও স্থানীয় লোকে অবগত কৰে।
জানিব পৰামতে উচ্ছেদিত লোকসকলক প্ৰায় ১৫ দিন পূৰ্বে জাননী জাৰি কৰা হৈছিল। ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে জাৰি কৰা নিৰ্দেশ অনুসৰেই এই উচ্ছেদ অভিযান চলোৱা হৈছে বুলিও দায়িত্বত থকা বিষয়াই অবগত কৰে।
লগতে পঢ়কঃ Karbi Anglong eviction drive: কাৰ্বি আংলঙত অৱশেষত আৰম্ভ প্ৰশাসনৰ উচ্ছেদ অভিযান
