Missing Youth Found Dead in Karbi Anglong’s Shiloni Riverকাৰ্বি আংলঙৰ শিলনি নদীত যুৱক সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

নগাঁওঃ কাৰ্বি আংলঙ জিলাৰ লংনিট অঞ্চলৰ অন্তৰ্গত লংচ’কাংথোৰ শিলনি নদীত কালি সন্ধানহীন হোৱা এজন যুৱকৰ মৃতদেহ আজি এচ ডি আৰ এফে উদ্ধাৰ কৰিছে। সন্ধানহীন হোৱা যুৱকজনৰ নাম ঋতিশ বৰা। তেওঁ বকলিয়াৰ হালদিআটিৰ বাসিন্দা (Karbi Anglong River Accident)। ১৯ বছৰীয়া যুৱকজনে কালি (দেওবাৰে) পৰিয়ালৰ চাৰিজন সদস্য আৰু এজন বন্ধুৰ লগত কাৰ্বি আংলং জিলাৰ শিলনিত পিকনিক খাবলৈ গৈছিল। কালি দুপৰীয়া প্ৰায় ১ বজাত এখন অটো ৰিক্সাৰে তেওঁলোক শিলনিৰ পিকনিক স্থলীত উপস্থিত হৈছিল।

ঘটনাস্থলীত উপস্থিত হোৱাৰ কিছু সময় পিছতে ঋতিশ বৰা আৰু তেওঁৰ বন্ধুজন শিলনি নদীৰ এক বিপজ্জনক স্থানলৈ নামি যায়। সেই সময়তে নদীৰ প্ৰবল সোঁতে ঋতিশ বৰাক উটুৱাই নিয়ে আৰু তেওঁ পানীত বুৰ যায়। তেওঁৰ বন্ধুজনে কোনোমতে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়।পৰিয়ালৰ আন চাৰিজন সদস্যও সুৰক্ষিত আছিল।

ঘটনাটোকলৈ লগে লগে হুৱাদুৱা লাগে। পৰিয়ালৰ সদস্য সকলে প্ৰথম অৱস্থাত স্থানীয় লোকৰ সহযোগত ককালত ৰচী বান্ধি সন্ধানহীন ঋতিশ বৰাক শিলনি নদীৰ বিভিন্ন স্থানত বিচাৰে যদিও কোনো সন্ধান লাভ নকৰিলে। পিচত এচ ডি আৰ এফ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জৰুৰীকালীন সেৱা বিভাগৰ লগত যোগাযোগ কৰাত ঘটনাস্থলীত এচ ডি আৰ এফ জোৱান উপস্থিত হয়। এচ ডি আৰ এফ জোৱানে শিলনি নদীত যুৱকজনৰ সন্ধানত উদ্ধাৰ অভিযান চলায়। কালি বিয়লি হোৱাত উদ্ধাৰ অভিযান সামৰি আজি (সোমবাৰ) পুনৰ চলায়। কালিৰ পৰা আজিলৈকে অব্যাহত থকা নিৰন্তৰ অনুসন্ধানৰ অন্তত আজি বিয়লি প্ৰায় ৩ বজাত মূল দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত ঋতিশ বৰাৰ মৃতদেহ উদ্ধাৰ হয়।

উদ্ধাৰ অভিযানৰ নেতৃত্ব দিয়া এচ ডি আৰ এফৰ বিষয়াই জনোৱা মতে, নদীৰ তীব্ৰ সোঁতৰ বাবে মৃতদেহটো বহু দূৰলৈ উটি গৈছিল।
আজি জিলাধিপতিয়েও শিলনি পৰিদৰ্শন কৰি চলি থকা উদ্ধাৰ অভিযানৰ বুজ লয়।

ইফালে, ঋতিশৰ সৈতে যোৱা সদস্যসকলে অভিযোগ উত্থাপন কৰি কয় যে, শিলনি জনপ্ৰিয় পিকনিকস্থলী হোৱাৰ পিছতো তাত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা নাই। তেওঁলোকৰ দাবী অনুসৰি, বিপজ্জনক স্থানসমূহত লাইফ জেকেট, ৰছী, বেৰিকেড আৰু সতৰ্কতামূলক ফলক আদি মৌলিক সুৰক্ষা সামগ্ৰী নাই।। এই শোকাবহ ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

লগতে পঢ়কঃ মোৰ কণমানি সন্তানক এতিয়া কোনে চাব ? ডকাইতৰ আক্ৰমণত পত্নীৰ মৃত্যুত আৱেগিক চিকিৎসক স্বামী


Advertisement