কাজিৰঙাঃ মাতৃহাৰা এটা গঁড় পোৱালীক লৈ তৎপৰ হৈ পৰিছে কাজিৰঙা বন বিভাগ। মাতৃৰ পৰা বিচ্ছিন্ন হা পৰা এটা গঁড় পোৱালী উদ্ধাৰৰ পাছতেই পোৱালীটোৰ মাতৃ গঁড়টোক বিচাৰি একপ্ৰকাৰ হাহাকাৰ কৰিছে কাজিৰঙা বন বিভাগে (Kaziranga orphan rhino calf rescue)।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুৰাপাহাৰ ৰেঞ্জৰ শৰালি অঞ্চলত (Kaziranga National Park) ২১ জানুৱাৰী দিনা বিয়লি প্ৰায় ৪ বজাত উদ্ধাৰ হয় মাতৃহাৰা এটা গঁড় পোৱালী (Rhino Calf Rescue)।
গঁড় পোৱালিটো উদ্ধাৰ হোৱাৰ লগে লগে বন বিভাগে মাতৃ গঁড়টোক বিচাৰি উলিওৱাৰ উদ্দেশ্যে তাৎক্ষণিকভাৱে অভিযান আৰম্ভ কৰে। পূব অংশ বন্যপ্ৰাণী বিভাগ (EAWL Division)-ৰ বিভাগীয় বন বিষয়া (DFO)-ৰ নেতৃত্বত চলোৱা এই অভিযানত বিভাগীয় হাতী, থাৰ্মেল ড্ৰোন আৰু আগশাৰীৰ বন কৰ্মচাৰীক নিয়োজিত কৰা হয় যদিও এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই পোৱালীটোৰ মাতৃ গঁড়টোক।
এফালে বন বিভাগৰ লোকে মাতৃ গঁড়টোক বিচাৰি অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ পশু চিকিৎসকৰ এটা বিশেষ দল ডাঃ ভাস্কৰ চৌধুৰী, ডাঃ মোহিত ন্যোল আৰু ডাঃ সৌৰভ বৰগোহাঁইয়ে গঁড় পোৱালিটোৰ কাষত থাকি তাৎক্ষণিক চিকিৎসা সহায় আগবঢ়োৱাৰ লগতে নিৰন্তৰ নিৰীক্ষণ চলাই আছে।
২৪ ঘণ্টাতকৈ অধিক সময় ধৰি অভিযান চলোৱা সত্ত্বেও মাতৃ গঁড়টো সন্ধান পোৱা নাই বন বিভাগে। যাৰ ফলত অহৰহ চেষ্ঠা কৰাৰ পাছতো উদ্ধাৰ হোৱা গঁড় পোৱালীটোক পুনৰ মাতৃৰ সৈতে একত্ৰিত কৰা সম্ভৱ হোৱা নাই।
মতৃ গঁড়টো বিচাৰি নোপোৱাত ২২ জানুৱাৰী দিনা বিয়লি প্ৰায় ৪ বজাত গঁড় পোৱালিটোক উদ্ধাৰ কৰি সুৰক্ষিতভাৱে বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ (CWRC) লৈ স্থানান্তৰ কৰা হয়। য’ত ইয়াক অধিক চিকিৎসাৰ লগতে যত্ন লোৱা হয়।
কাজিৰঙাৰ বন বিভাগৰ লোকে মাতৃৰ পৰা বিচ্ছিন্ন গঁড় পোৱালী উদ্ধাৰ কৰি পুনৰ সংস্থাপন কেন্দ্ৰত ৰখাৰ লগতে মতৃ গঁড়টোক বিচাৰি এতিয়াও অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। বন বিভাগৰ এনে প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে।
লগতে পঢ়কঃ Kaziranga Elevated Corridor: কাজিৰঙা এলিভেটেড কৰিডৰৰ ভূমি পূজন প্ৰধানমন্ত্ৰী মোদীৰ
