Kaziranga Rhino Poaching Free for 730 Days, Assam Achieves Zero Poaching Milestoneদুটা বছৰত এটাও গঁড় হত্যা হোৱা নাই কাজিৰঙাত

গুৱাহাটীঃ বিগত দুটা বছৰ অৰ্থাৎ ৭৩০ দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটাও গঁড় চোৰাং চিকাৰীৰ হাতত হত্যা হোৱা নাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য সদৰী কৰিছে (Kaziranga Rhino Poaching Free)।

তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতে অত্যাধিক গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিলঃ

যদিও ২০২৫ চনত অসমত এটাও গঁড়ৰ চোৰাং চিকাৰ সংঘটিত হোৱা নাছিল। পূৰ্বতে ই সহজ নাছিল। তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে অত্যাধিক গঁড় হত্যা কৰিছিল। ২০১৬ চনত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিচৰে পৰা গঁড় হত্যা কমি আহে। চৰকাৰী তথ্যতে এই কথা প্ৰকাশ পাইছে। চৰকাৰী তথ্য মতে, ২০০০ চনৰ পৰা ২০২১ চনৰ ভিতৰত অসমত অন্ততঃ ১৯১টা গঁড় চোৰাং চিকাৰীৰ হাতত নিহত হৈছিল। ইয়াৰ ভিতৰত ২০১৩ আৰু ২০১৪ চনত প্ৰতি বছৰে ২৭টাকৈ গঁড় নিহত হৈছিল। ২০১৬ চনত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিচৰে পৰা গঁড়ৰ চোৰাং চিকাৰ হ্ৰাস পায় । ২০১৯ চনত তিনিটা, ২০২০ চনত দুটা আৰু ২০২১ চনত এটা গঁড় চোৰাং চিকাৰীৰ হাতত নিহত হৈছিল । ১৯৭৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে ২০২২ চনত অসমত এটাও গঁড় চোৰাং চিকাৰৰ ঘটনা সংঘটিত নহল। ২০২৩ চনত এটা গঁড়ৰ মৃত্যু আৰু ২০২৪ চনত দুটা গঁড় নিহত হোৱাৰ তথ্য নথিভুক্ত হৈছিল।

উল্লেখযোগ্য যে, অসমত পৃথিৱীৰ সৰ্বাধিক এটা খড়্গ যুক্ত গঁড়ৰ বাসস্থান আছে। যাৰ অধিকাংশই কাজিৰঙাত বাস কৰে। ইয়াৰ উপৰিও মানস ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যতো গঁড় আছে।

কৃতিত্বৰ দাবী বিজেপি চৰকাৰৰ, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াঃ

গঁড়ৰ চোৰাং চিকাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত তথা বিগত ৭৩০ দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটাও গঁড় চোৰাং চিকাৰীৰ হাতত নিহত নোহোৱাৰ ক্ষেত্ৰত কৃতিত্বৰ দাবী কৰিব পাৰে ৰাজ্যৰ বিজেপি চৰকাৰখনে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ‘ভৱিষ্যত প্ৰজন্মৰ বাবে অসমৰ স্বাভিমানক সুৰক্ষা’ শীৰ্ষক ফটো সন্নিবিষ্ট কৰি এই সম্পৰ্কত উল্লেখ কৰে, “৭৩০ দিন! হয়, কাজিৰঙাত অন্তিমটো গঁড় চিকাৰৰ ঘটনাৰ ৭৩০ দিন। এই কৃতিত্বই প্ৰতিফলিত কৰে যে যদি ইচ্ছা থাকে তেনেহ’লে একো কামেই অসম্ভৱ নহয়। আমাৰ চৰকাৰে কথাৰে নহয় কামেৰে কৰি দেখুৱাবলৈ সদায় বদ্ধপৰিকৰ।”

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে উল্লেখ কৰে যে, “কাজিৰঙা হৈছে আমাৰ গৌৰৱৰ এক চিৰউজ্জ্বল ক্ষেত্ৰ আৰু আমি ৰাজ্যৰ পৰিচয় বহন কৰা সম্পদৰ বাবে সুৰক্ষিত আৰু ইতিবাচক পৰিৱেশ নিশ্চিত কৰিবলৈ সকলো পদক্ষেপ গ্রহণ কৰিছোঁ।”

তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ব্যাপক হাৰত গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ প্ৰসংগ আওপকীয়াকৈ উল্লেখ কৰি সামাজিক মাধ্যম Xত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে, “ৰাষ্ট্ৰীয় লজ্জাৰ এক অধ্যায়ৰ পৰা আজি ৰাষ্ট্ৰীয় গৌৰৱৰ এক উজ্জ্বল মুহূৰ্তলৈ -কাজিৰঙাই অতিক্ৰম কৰিছে এক দীঘল যাত্ৰা। যি ইয়াৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে থকা মৰ্যাদাৰ সম্পূৰ্ণ উপযুক্ত। বিগত দুটা বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটাও গঁড় চিকাৰৰ ঘটনা সংঘটিত হোৱা নাই, যিয়ে উদ্যানখনত গঁড়ৰ সুৰক্ষা ব্যৱস্থাক এক নতুন উচ্চতালৈ উন্নীত কৰিছে।”

প্ৰধানমন্ত্ৰীৰ ভাষনতো উল্লেখ আছিল গঁড় হত্যাৰ প্ৰসংগঃ

যোৱা ১৮ জানুৱাৰীত কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষনতো গঁড় হত্যাৰ প্ৰসংগই স্থান পাইছিল। প্ৰধানমন্ত্ৰীয়ে ভাষনত কৈছিল, “এটা সময় আছিল কাজিৰঙাত গঁড় হত্যা ডাঙৰ সমস্যা আছিল। ২০১৩ আৰু ২০১৪ চনত এক ডজনৰ অধিক এশিঙীয়া গঁড়ৰ হত্যা হৈছিল। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে সংকল্প ললে যে আমি এইয়া হবলৈ নিদিও। আমি সুৰক্ষা ব্যৱস্থা নতুনকৈ শক্তিশালী কৰিলো। বনবিভাগক আধুনিক সজুলিৰে সু সজ্জিত কৰিলো। কঠোৰ তথা সতৰ্ক নিৰীক্ষণৰ ব্যৱস্থা কৰা হ’ল। বন সুৰক্ষা কৰ্মী হিচাবে মহিলাৰ অংশগ্ৰহণ হল। ইয়াৰ সুফল লাভ কৰিলো। ২০২৫ চনত গঁড় হত্যাৰ এটাও ঘটনা সংঘটিত নহল। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনৈতিক ইচ্ছা শক্তি আৰু অসমৰ জনসাধাৰণৰ প্ৰয়াসৰ দ্বাৰা সম্ভৱ হৈছে।”

চোৰাং চিকাৰীৰ বিৰুদ্ধে আৰক্ষী-বনবিভাগৰ যৌথ অভিযানঃ

গঁড়ৰ চোৰাং চিকাৰ ৰোধ কৰিবলৈ শাসনাধিষ্ঠিত বিজেপি চৰকাৰে ২০২৪ চনত চোৰাং চিকাৰীৰ বিৰুদ্ধে ‘অপাৰেচন ফ্যালকন’ আৰম্ভ কৰে। আৰক্ষী আৰু বন বিভাগৰ এই যৌথ অভিযানৰ জৰিয়তে চোৰাং চিকাৰীৰ গঁড় হত্যাৰ ৯টা চেষ্টা ব্যৰ্থ কৰা হয়। আৰক্ষীৰ তথ্য অনুসৰি, ২০২৪ আৰু ২০২৫ চনত ৬টা চোৰাং চিকাৰী দলৰ সৈতে জড়িত ৪২ জন চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰা হয়।

ইপিনে ২০২১ চনৰ জুন মাহত অসম চৰকাৰে বিশেষ এণ্টি-প’চিং টাস্ক ফ’ৰ্চ গঠন কৰিছিল। য’ত বন বিভাগ আৰু আৰক্ষী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক অন্তৰ্ভুক্ত কৰি সমন্বয় আৰু গোপন তথ্যভিত্তিক অভিযান শক্তিশালী কৰা হয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ মন্তব্যঃ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ সঞ্চালক সোনালী ঘোষে কয় যে ড্ৰোন নিৰীক্ষণ, চিচিটিভি কভাৰেজ, সমন্বিত টহল আৰু তথ্য আদান-প্ৰদানসহ সতৰ্ক দৃষ্টি ৰখা ব্যৱস্থাই চোৰাং চিকাৰ ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ লগতে কয় যে বানপানী আৰু পূৰ্ণিমাৰ নিশাৰ দৰে সংবেদনশীল সময়ত সতৰ্কতা বৃদ্ধি কৰা হয়। তদুপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালে বসবাস কৰা স্থানীয় লোকসকলৰ সহযোগিতাইও চোৰাং চিকাৰ ৰোধ কৰাত মুখ্য ভূমিকা লৈছে।
অবৈধ বন্যপ্ৰাণী ব্যৱসায় আৰু গঁড়ৰ খড়্গৰ সৈতে জড়িত অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতীকী পদক্ষেপ হিচাপে, অসম চৰকাৰে ২০২১ চনৰ ২২ ছেপ্টেম্বৰত জব্দ কৰা ২,৪৭৯টা গঁড়ৰ খড়্গ ধ্বংস কৰিছিল।

সৰ্বোচ্চ সুৰক্ষা প্ৰদানঃ

গঁড়ক বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ তালিকা–১ৰ অন্তৰ্ভুক্ত কৰি সৰ্বোচ্চ সুৰক্ষা প্ৰদান কৰা হৈছে। লগতে CITES (Convention on International Trade in Endangered Species of Wild Fauna and Flora)ৰ অধীনত গঁড়ৰ খড়্গৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য নিষিদ্ধ । ইয়াৰ উপৰিও অসম গঁড় সংৰক্ষণ আইন, ১৯৫৪ আৰু তাৰ সংশোধনীৰ জৰিয়তে ৰাজ্যখনত এটা খড়্গ যুক্ত গঁড়ৰ বাবে বিশেষ আইনী সুৰক্ষা প্ৰদান কৰা হৈছে।

লগতে পঢ়কঃ Kaziranga orphan rhino calf rescue: কাজিৰঙাত উদ্ধাৰ মাতৃৰ পৰা বিচ্ছিন্ন গঁড় পোৱালী


Advertisement