নগাওঁঃ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক অসম চৰকাৰে বাৰে বাৰে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে আৰু আন কেবাটাও দাবীৰ সমৰ্থনত আজি মধ্য অসম কোচ ৰাজবংশী ছাত্র সন্থাৰ উদ্যোগত মধ্য অসম কোচ ৰাজবংশী জাতীয় সন্মিলনী আৰু মধ্য অসম কোচ ৰাজবংশী মহিলা কোষৰ যৌথ সহযোগত নগাঁৱৰ মতিৰাম বৰা উদ্যানৰ সমীপত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে (Koch Rajbongshi Protest)।
সংগঠন কেইটাই অভিযোগ কৰে যে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবে বাৰে বাৰে প্ৰতিশ্ৰুতি দি চৰকাৰে প্ৰতাৰণা কৰি আহিছে। নিৰ্বাচন আহিলেই জনজাতিকৰণৰ প্ৰলোভন দি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি সংগঠন কেইটাৰ নেতৃত্বই কয় যে নিৰ্বাচনৰ আগতে জনজাতিকৰণৰ ব্যৱস্থা নকৰিলে ব্যাপক আন্দোলন গঢ়ি তুলিব আৰু ভোট বৰ্জন কৰিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে।
জনজাতিকৰণ সন্দৰ্ভত অসম চৰকাৰৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওতৰত দাখিল নকৰাত তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে। অৱস্থান ধৰ্মঘটকাৰী সকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে। সংগঠন কেইটাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ লগতে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰি খিলঞ্জীয়া অসমীয়াক ৰক্ষা কবচ প্ৰদান কৰা, ‘কা’আইন বাতিল কৰা, আলফা চুক্তি ৰূপায়ন কৰা , কেএলঅ চুক্তি ৰূপায়ন কৰা , জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা আদি বিভিন্ন দাবী উত্থাপন কৰে।
কাৰ্যসূচীত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ ডেকা ,সাধাৰণ সম্পাদক ৰাতুল কুমাৰ ৰাজবংশী , মধ্য অসম কোচ ৰাজবংশী জাতীয় সন্মিলনীৰ কাৰ্যকৰী সভাপতি বিপুল শইকীয়া ,সাধাৰণ সম্পাদক বিপিন বৰা ,মধ্য অসম কোচ ৰাজবংশী মহিলা কোষৰ সভানেত্ৰী দীপান্তি ৰাজবংশী আৰু সম্পাদিকা ৰীতা বৰা আদি শতাধিক কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে।
লগতে পঢ়কঃ ভূমিৰ মালিকীস্বত্ব বিচাৰি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ আবেদন

