Kokrajhar violence erupts after accident, protests intensify across BTCকোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি

কোকৰাঝাৰঃ এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰনগৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে (Kokrajhar violence)। দুৰ্ঘটনাটো মংগলবাৰে সংঘটিত হৈছে। জানিব পৰা মতে,মংঙলবাৰে নিশা জিলাখনৰ ৩১ নং (গ) ৰাষ্ট্ৰীয় পথৰ কাৰিগাঁও গৌৰনগৰত এখন বাহন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত স্থানীয় দুজন লোক আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাৰ পৰবৰ্তী সময়ত স্থানীয় লোক উত্তেজিত হৈ পৰে। স্থানীয় লোকে দুৰ্ঘটনাগ্ৰস্ত স্কৰপিঅ’ বাহনখনলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে ৱাহনখন জ্বলাই দিয়ে ৷ তদুপৰি বাহনখনত থকা আৰোহী সকলক নিৰ্মম প্ৰহাৰ কৰাত এজনৰ মৃত্যু হয় আৰু আন দুজন আৰোহী আহত হয় ৷

নিহত আৰু আহতৰ পৰিচয়

উত্তেজিত ৰাইজৰ আক্ৰমণত নিহত লোকজন পৰ্ৱতঝোৰাৰ বাশঁবাৰী ৰূপছীৰ নিৱাসী চিকনা জৌহলাও বিস্মিত বুলি জানিব পৰা গৈছে। তদুপৰি ৰাইজৰ আক্ৰমণত আহত দুজনৰ নাম হৈছে প্ৰভাত ব্ৰহ্ম আৰু যোগীৰাজ ব্ৰহ্ম। ইয়াৰ উপৰিও মহেশ মুৰ্মু আৰু সুনীল মুৰ্মু নামৰ আন দুজন লোকো দুৰ্ঘটনাত আঘাটপ্ৰাপ্ত হয় ।

কি হৈছিল ঘটনাটো

জানিৱ পৰা মতে আওডাং বজাৰ যোৱা ৰাস্তা এটা নিৰ্মাণৰ ঠিকা লাভ কৰা বাৰোন্দা বসুমতাৰী নামৰ ঠিকাদাৰ জনৰ আত্মীয় চিকনা জৌহালাও বিস্মিত, দুই পিতা–পুত্ৰ প্ৰভাত ব্ৰহ্ম আৰু জংগিৰাজ ব্ৰহ্ম আদি লোককেইজনে ঠিকাদাৰগৰাকীৰ পৰা সামগ্ৰী লৈ আহোতে গৌৰনগৰত এক পথ দূৰ্ঘটনা সংঘটিত হয় । দূৰ্ঘটনাটোত দুগৰাকী স্থানীয় লোক আঘাটপ্ৰাপ্ত হয়। উক্ত ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে ।উত্তেজিত লোকে প্ৰথমে স্কৰপিঅ বাহনখনলৈ শিলগুটি নিক্ষেপ কৰে। পিচত বাহনখন জ্বলাই দিয়ে। উত্তেজিত ৰাইজে গাড়ীখনৰ আৰোহী সকলক প্ৰহাৰ কৰাত চিকনা জৌহলাও বিস্মিত নিহত হয়। তদুপৰি প্ৰভাত ব্ৰহ্ম আৰু জংগিৰাজ ব্ৰহ্ম গুৰুতৰ ভাবে আহত হয়। ঘটনাস্থলী পৰিদৰ্শণ কৰে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ৷

উত্তপ্ত কোকৰাঝাৰঃ

এই দুৰ্ঘটনাকলৈ পৰৱৰ্তী সময়ত কোকৰাঝাৰ জিলাৰ কাৰিগাঁও উত্তপ্তহৈ পৰে। ঘটনাটোক কেন্দ্ৰ কৰি বড়ো জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টিহৈ উত্তেজিতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। মংগলবাৰে কাৰিগাঁও ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে আনকি নিৰ্মীয়মান অৱস্থাত থকা চিদু -কানহু আদিবাসী সাংস্কৃতিক ভৱন এটাও ক্ষতিগ্ৰস্ত কৰে। তদুপৰি বীৰছা কামাণ্ডো ফৰ্চৰ দুটাকৈ অস্থায়ী কেম্প জ্বলাই দিয়ে ৷ প্ৰতিবাদকাৰী জনতাই কেইবাখনো দোকান জ্বলাই দিয়ে ।

নিৰাপত্তা বাহিনী মোতায়েনঃ

কোকৰাঝাৰত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কোকোৰাঝাৰ জিলাৰ কাৰিগাঁৱত প্ৰশাসনে আৰক্ষী তথা নিৰাপত্তা বাহিনী মোতায়েন কৰিছে। কোকৰাঝাৰত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিত সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কোৰাঝাৰ প্ৰশাসনো সষ্টম হৈ আছে। ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কোকৰাঝাৰ আৰু চিৰাং জিলাত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা ।

বিটিচি বন্ধৰ হুংকাৰ

চিকনা জৌহালৌও বিস্মিত নামৰ যুৱকজনৰ হত্যাৰ প্ৰতিবাদত কাইলৈ বিটিচি বন্ধৰ হুংকাৰ দিছে বড়ো নেছলেল ষ্টুডেন্ট ইউনিয়নে। সংগঠনটোৰ নেতৃত্বই কয়, “ঘটনাটোৰ প্ৰতিবাদত আমি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰিছো। কোন কোন এই ঘটনাৰ লগত জড়িত তেওঁলোকক তাৎক্ষণিক ভাবে গ্ৰেপ্তাৰ কৰিব লাগে। প্ৰকৃত দোষীয়ে শাস্তি নোপোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব। কাইলৈ আমি বি টি চি বন্ধ দিম।

কি ক’লে আৰক্ষীয়ে

জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মাই জনোৱা মতে ঘটনা সংক্ৰান্তত ১৯ জন লোকক আটক কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত ক্ষেত্ৰত আৰক্ষীক সহযোগ কৰিবলৈ আৰু কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নকৰিবলৈ ৰাইজক আহ্বান জনাইছে। ইপিনে আৰক্ষীয়ে ফ্লেগ মাৰ্চ কৰা আৰু শূণ্যলৈ গুলী চালনা কৰা বুলিও জানিব পৰা গৈছে।

আটকাধীন লোককেইজন হৈছে সত্যনাথ টুডু, গুণি মাৰ্ডি, মংগল মূৰ্মূ, ৰাজু বস্কি, সোণিৰাম মূৰ্মূ, সোবান মাৰ্ডি, ৰবীন ছোৰেন, সাবাহ মূৰ্মূ, নিকলাচ চুৰেন, চ’ম হেমব্ৰম,সেবাস হেমব্ৰম, পৱন হেমব্ৰম, সুনীল টুডু, মুন্টু মূৰ্মূ, গুডৰাই কিচকু, ৰবীন হেমব্ৰম, ৰবীন হাছদা আৰু বাছিলিউছ ছোৰেণ।

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াঃ

কোকোৰাঝাৰৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিকলৈ ছুইজাৰলেণ্ডৰ পৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি সামাজিক মাধ্যমত ডঃ শৰ্মাই উল্লেখ কৰে, “কোকৰাঝাৰৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ অৰ্থে জিলা প্ৰশাসনৰ লগতে ৰাজ্যৰ প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকলৰ সৈতে মই সম্পূর্ণ যোগাযোগ ৰক্ষা কৰি আছোঁ। শান্তি আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সেনাবাহিনী মোতায়েন কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ Rapid Action Force ক ইতিমধ্যে মোতায়েন কৰা হৈছে।”

ডঃ শৰ্মাই লগতে উল্লেখ কৰে, “আইন-শৃংখলা পৰিস্থিতি ৰক্ষাৰ স্বাৰ্থত কোকৰাঝাৰ আৰু চিৰাং জিলাত সদ্যহতে ইণ্টাৰনেট সেৱা অস্থায়ীভাবে বন্ধ ৰখা হ’ব। মই সমাজৰ নেতৃস্থানীয় ব্যক্তি আৰু ৰাজনৈতিক নেতাসকলৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে অনুৰোধ জনালোঁ। শান্তি আৰু স্বাভাৱিক অৱস্থা যথাসম্ভৱ সোনকালে ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰিবলৈ সকলোকে আহ্বান জনালোঁ।”

হাগ্ৰামা মহিলাৰীৰ প্ৰতিক্ৰিয়া

ইপিনে বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়েও কোকোৰাঝাৰ কাৰিগাঁৱৰ পৰিস্থিতিকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ সংবাদ মাধ্যমক কোৱা মতে, “কোকৰাঝাৰৰ ঘটনাটো আমাৰ বাবে দুৰ্ভাগ্যজনক।ইয়াত ভুল বুজাবুজি হৈছে। কোনোবা তৃতীয় পক্ষ সোমাই ৰাজনৈতিক সুবিধা লব বিচাৰিছে, ইয়াক আমি উৎসাহিত নকৰো। আদিবাসী হলেও এই অঞ্চলৰে মানুহ বড়ো হলেও এই অঞ্চলৰে মানুহ। সকলোৱে শান্তি বৰ্তাই ৰাখক। আমি একেলগে থাকিব লাগিব, একেলগে কাম কৰিব লাগিব। ইয়াৰ ব্যৱস্থা লোৱাটো প্ৰশাসনৰ হাতত ।”

কোকৰাঝাৰ উত্তেজনা পূৰ্ণ পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। তেওঁ উল্লেখ কৰে, “কোকৰাঝাৰৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ মাছিংৰোড অঞ্চলত সংঘটিত ঘটনাক লৈ আমি উদ্বিগ্ন। কোনো পৰিস্থিতিতেই আইন হাতত তুলি লোৱা কাৰ্য গ্ৰহণযোগ্য নহয়। এই ঘটনাৰ সৈতে জড়িত সকলো দোষীকে আইন অনুসৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। অঞ্চলটোত শান্তি-শৃংখলা বজাই ৰাখিবলৈ প্ৰশাসনক দায়িত্বশীল আৰু সংবেদনশীল ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।”

জিলাখনৰ সকলো নাগৰিককে আহ্বান উত্তেজনা, উচটনি আৰু উৰাবাতৰিৰ পৰা সকলোৱে আঁতৰত থাকি প্রশাসনক সহযোগ কৰিবলৈ আহ্বান জনাই তেওঁ কয়, “শান্তি, সংযম আৰু ভাতৃত্ববোধেই আমাৰ সমাজৰ প্ৰধান শক্তি। পৰিস্থিতিৰ আৰু অধিক অৱনতি নহ’বলৈ অসম চৰকাৰে কোকৰাঝাৰৰ শেহতীয়া ঘটনাক গুৰুত্বসহকাৰে লৈ ক্ষিপ্ৰতাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”

লগতে পঢ়ৰঃ Karbi Anglong Police Injured: কাৰ্বি আংলঙৰ খেৰণিত অব্যাহত উত্তেজনা, আৰক্ষীলৈ শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰীৰ


Advertisement