জ্যোতিকা বৰা, লংকাঃ তলা আৰু শিকলি আপুনি হয়তো নিশ্চয় ঘৰৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰিছে (Lock Chain Fraud)। অনাকাংক্ষিত লোক অথবা চোৰৰ পৰা ঘৰক সুৰক্ষা দিবৰ বাবেই সকলোৱে ব্যৱহাৰ কৰে তলা-শিকলি।
কিন্তু সেই তলা শিকলিয়ে মানুহক প্ৰৱঞ্চনা কৰাৰ কথা শুনিছে নে? আপুনি হয়তো আচৰিত হৈছে। তলা-শিকলিয়ে আকৌ কেনেদৰে প্ৰৱঞ্চনা কৰিব পাৰে? এই প্ৰশ্নও আপোনাৰ মনত জাগ্ৰত হৈছে।
আচৰিত নহব। এই তলা- শিকলি প্ৰকৃতাৰ্থতে দুজন ভণ্ড কবিৰাজৰহে উপনাম। গুৰুৰ উপনাম তলা আৰু শিষ্যৰ উপনাম শিকলি। তলাৰ প্ৰকৃত নাম হৈছে মহম্মদ নিজাম উদ্দিন। ঘৰ হোজাইৰ চৌধুৰী বজাৰ চিতলৰিত। শিকলিৰ প্ৰকৃত নাম ৰছিদুল। ঘৰ কাকী টঙিয়াত।
এই তলা-শিকলি ৰূপী গুৰু-শিষ্যই জৰাফুকা কৰি চিকিৎসা প্ৰদান কৰে। তেওঁলোকৰ চিকিৎসাত হেনো বোবা লোকে কথা কব পৰা হয়। অন্ধ মানুহেও দৃষ্টি শক্তি ঘূৰাই পায়। এনেদৰে প্ৰৱঞ্চনাৰে সহজ সৰল জনসাধাৰণক লুণ্ঠন কৰাৰ এই দুই ভণ্ড কবিৰাজৰ চিকিৎসা গ্ৰহণ কৰিবলৈ দীঘলীয়া শাৰী পাতিছে একাংশ অন্ধবিশ্বাসী লোকে। প্ৰতিদিনে ৰোগীৰ উপস্থিতি বৃদ্ধি হৈছে
দুই ভণ্ড গুৰু-শিষ্যৰ মতে আজমিৰৰ ফকিৰে তেওঁলোকক চিকিৎসাৰ প্ৰমাণ পত্ৰ দিছে । সেয়েহে তেওঁলোকে বোবা মানুহক কথা কোৱাব পাৰে আৰু অন্ধ মানুহক দৃষ্টিশক্তি ঘূৰাই দিয়াব পাৰে।
মুকলি পথাৰৰ মাজত এটা সৰু টম্বুৰ ভিতৰত এফালৰ পৰা দুই ভণ্ড কবিৰাজে এখন বিশেষ কাপোৰে কোবাই কোবাই আৰু মুখেৰে ফু মাৰি চলাই গৈছে চিকিৎসা । ৰোগীয়ে বিশ্বাস কৰিব পৰাকৈ মিঠাতেল আৰু পানীৰ বটলত ফু মাৰি মন্ত্ৰ আওৰাই। পুনৰ ঘৰত গৈ সেই ফু মাৰি দিয়া মিঠাতেল আৰু পানী ৰোগীক ঔষধ হিচাপে হাতত গুজি দিছে ৷
চিকিৎসাৰ নামত টম্বুৰ ভিতৰতে আছুতীয়াকৈ মমবাতি আৰু ধূপ লগাই ৰোগীৰ ইচ্ছা অনুসৰি ভগৱানৰ নামত দান সংগ্ৰহৰ ব্যৱস্থা কৰি ৰাখিছে ৷ সাংবাদিকৰ উমান পায় দান প্ৰাত্ৰ ততাতৈয়াকৈ আঁতৰাই নিয়াৰ চেষ্টা কৰে ৷ প্ৰথমে শিষ্য ৰছিদূলৰ ঘৰৰ মুকলি পথাৰতে পৰীক্ষামূলকভাৱে চিকিৎসা আৰম্ভ কৰা দুই গুৰু শিষ্যৰ চিকিৎসা গ্ৰহণৰ বাবে বৰ্তমান অসমৰ সকলো প্ৰান্তৰ পৰা ৰোগীৰ আগমন ঘটিছে ৷
তেওঁলোকৰ মতে হোজাই জিলাৰ কৰ্টৰ পৰাও জৰা ফুকা কৰিবৰ বাবে আইনগত প্ৰমাণপত্ৰ লাভ কৰিছে
যি সময়ত বিজ্ঞানৰ দ্ৰুত উন্নয়ন ঘটিছে চিকিৎসা ক্ষেত্ৰত অভূতপূৰ্ব পৰিবৰ্তন ঘটিছে। তেনে সময়ত অন্ধবিশ্বাস কৰাল গ্ৰাসৰ পৰা এতিয়াও একাংশ লোক মুক্ত হোৱা নাই । ফলত তলা-শিকলিৰ দৰে ভণ্ড গুৰু-শিষ্যৰ প্ৰৱঞ্চনাৰ জালত পৰিছে সহজ সৰল লোক।
হোজাই জিলাৰ আৰক্ষী প্ৰশাসন চকুৰ সন্মুখতে এনে ভণ্ড কবিৰাজে চিকিৎসাৰ নামত জৰা -ফুকা কৰা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে ভণ্ড কবিৰাজক আৰক্ষী প্ৰশাসনে নাকী লগাব নে? ৰাইজে এই প্ৰশ্ন উত্থাপন কৰিছে।
লগতে পঢ়কঃ Cyber Fraud Case: চাইবাৰ অপৰাধীৰ জালত পৰি অৱসৰপ্ৰাপ্ত IPS বিষয়াৰ আত্মহত্যাৰ চেষ্টা
